গোৱালপাৰা জিলা উপায়ুক্তৰ তৎপৰতাঃ কোৱাৰেন্টাইন চেন্টাৰত সামগ্ৰী যোগান ধৰিব এনইটিচিয়ে
ক’ভিড ১৯ মহামাৰী সংক্ৰমণ প্ৰতিৰোধৰ বাবে গোৱালপাৰা জিলাত স্থাপন কৰা কোৱাৰেণ্টাইন চেন্টাৰ সমূহ অধিক সুচাৰুৰূপে পৰিচালনাৰ বাবে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই উদ্যোগ লৈ এটি প্ৰতিষ্ঠানৰ লগত এখন চুক্তি সম্পন্ন কৰিছে ৷ নৰ্থ ইষ্ট ট্ৰেন্সমিছন কোঃলিঃ চমুকৈ এনইটিচিৰ লগত সম্পাদিত এই চুক্তি খনত জিলা প্ৰশাসনৰ হৈ স্বাক্ষৰ কৰিছে জিলা উন্নয়ন আয়ুক্ত অশ্ৰুমণি মালাকাৰে ৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ দহ লাখ টকা আৱন্টন ক্ৰমে প্ৰতিষ্ঠানটোৱে গোৱালপাৰা জিলাৰ কোৱাৰেন্টাইন চেন্টাৰ সমূহত প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব ৷ এনইটিচিৰ হৈ প্ৰতিষ্ঠানটোৰ ডেপুটি জেনেৰেল মেনেজাৰ অনিল ৰঘূনাথ শ্বাহে স্বাক্ষৰ কৰিছে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report
Comments
Post a Comment