ফেচবুকত বিধায়িকা আঙুৰলতা ডেকাক অশ্লীল মন্তব্য কৰি গ্ৰেপ্তাৰ এজন যুৱক
জাজৰিৰ প্ৰতিবেদক,২১ জুন: বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি এজন অভিযুক্ত গ্ৰেপ্তাৰ হয়। অশালীন মন্তব্যৰ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰে লগতে সোধপোছৰ বাবে আন এজনক অাটক কৰিছে। কালি বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ ফেচবুক পেজত ‘আন্ধাৰৰ আঁৰত জোনাকী’ নামৰ এটা ফেচবুক একাউন্টৰ পৰা অশ্লীল মন্তব্য প্ৰকাশ কৰিছিল যুৱক এজনে। এই কুকৰ্মৰ বাবে বিজেপি কৰ্মীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ওপৰ ডুমডুমীয়াৰ অভিনন্দন নাথক গ্ৰেপ্তাৰ কৰাৰ লগতে ধিং আউনিআটীৰ গম্ভীৰ বৰা নামৰ অন্য এজন যুৱকক সোধপোছৰ বাবে আটক কৰিছে। ফেচবুকত কিয় অশালীন মন্তব্য কৰিছিল সেয়া অাৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ অাহিব।
Comments
Post a Comment