ৰঙিয়াত এগৰাকী যুৱতী কোভিট -১৯ আক্ৰান্ত

প্ৰতিবেদক, ৰঙিয়া , ২৬ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাতো  ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে কোভিট আক্ৰান্তৰ সংখ্যা। ফলত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ। আজি ৰঙিয়া মূৰাৰাত এগৰাকী যুৱতীৰ দেহত কোভিট - ১৯ ৰ সংক্ৰমণ ধৰা পৰিছে। পিতৃ মাতৃহীন যুৱতী গৰাকী যোৱা ১৬ জুনত বিহাৰৰ পৰা ৰঙিয়ালৈ আহিছিল। বিহাৰৰ মাহীয়েকৰ ঘৰৰ পৰা আনি কোনোবাই নিশা তেওঁক  ৰঙিয়াৰ হাইৱে চকত নমাই দি যায়। পিছদিনা স্থানীয় ৰাইজৰ প্ৰচেষ্টাত শ্বোৱাব সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰন কৰা হয়। তেওঁক লগে লগে হোম কোৱাৰেন্টাইনত ৰখা হয়। আজি তেওঁৰ  স্বাস্থ্য পৰীক্ষাৰ ফলাফল পজিটিভ হোৱাত তেওঁক স্বাস্থ্য বিভাগে ১০৮ এম্বুলেঞ্চেৰে শিঙিমাৰী কোভিট চিকিৎসালয়লৈ লৈ যায়। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তেওঁৰ বাসভৱন কনটেইনমেন্ট জোন হিছাপে ঘোষনা কৰি সাধাৰণ ৰাইজৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰিছে। ইপিনে ৰঙিয়া মহকুমাৰ শিমলুৱাতো এজন যুৱকৰ শৰীৰত কোভিট - ১৯ ৰ সংক্ৰমণ ধৰা পৰে। তেওঁ বহিঃৰাজ্যত পৰা আহি হোম কোৱাৰেন্টাইনত আছিল বুলি জনা গৈছে।
 প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা