নলবাৰীৰ বৰকুৰাত দুৰ্গা মন্দিৰ- পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱস

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২২ জুন*


নলবাৰী জিলাৰ বৰকুৰা-বৰশৰকুছি ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰৰ নৱনিৰ্মিত মন্দিৰৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ঈক্ষাকু চৌধুৰী সোঁৱৰণী দুৰ্গা পুথিভঁৰালৰ আজি বাৰ্ষিক পূজা অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়। ৰাতিপুৱা সামাজিক দূৰত্ব বজাই ৰাখি হোম যজ্ঞ কৰা হয়। ইয়াৰ পাছতে ঈক্ষাকু চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে স্থানীয় বিধায়ক অশোক শৰ্মাই। তদুপলক্ষে আয়োজিত  অনুষ্ঠানত দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা অশোক শৰ্মা, উপদেষ্টা মুনিন্দ্ৰ নাথ শৰ্মা, উপেন্দ্ৰ নাথ শৰ্মা, সভাপতি ইন্দ্ৰেশ্বৰ শৰ্মা, সম্পাদক দীপক শৰ্মা, পূজা পৰিচালনা সমিতিৰ সভাপতি হিতেশ শৰ্মা, পৰাগ কেশৰ শৰ্মা, সদস্য দিলীপ কুমাৰ শৰ্মা, প্ৰণৱ কুমাৰ শৰ্মা, দীপক কুমাৰ শৰ্মা, মনোজ হালৈ, অমৰেন্দ্ৰ, জয়চন্দ্ৰ, কাকু, প্ৰদীপ, তপন, গৌতম, বাবামণি শৰ্মাসহ ভালেমান লোক উপস্থিত থাকি ঈক্ষাকু চৌধুৰীক স্মৰণ কৰে আৰু তেওঁৰ কৰ্মজীৱন সন্দৰ্ভত কেইবাজনেও বহলাই কয় ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা