উত্তৰ গুৱাহাটীত ৰাগশ্ৰী সংগীত মহাবিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, বাইহাটা চাৰিআলিত ৰাভা দিবস উৎযাপন।

পঙ্কজ নাথ, চাংসাৰি, ২০ জুন :

শ্ৰেণীহীন সমাজৰ স্ৰষ্টা সুন্দৰৰ সাধক কলাগুৰু বিষ্ণু ৰাভাৰ গীত মাতেৰে আজি মুখৰিত হ'ল সমগ্ৰ ৰাজ্য। ল'কডাউনৰ মাজতে কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁৱ, উত্তৰ গুৱাহাটী, বাইহাটা চাৰিআলি, চাংসাৰিত কলাগুৰুৰ স্মৃতি ৰোমন্থন অনুষ্ঠান ৰাভা দিবস উদযাপন কৰা হয় । কামৰূপৰ জিলা অগ্ৰণী সংগীত মহাবিদ্যালয় উত্তৰ গুৱাহাটী ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত আজি সংগ্ৰামী শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্জলনেৰে ৰাভা দিবসৰ শুভাৰম্ভণি কৰে। গীত মাত ব্যক্তিত্বৰ ৰোমন্থনেৰে জীপাল হ'ল ৰাগশ্ৰী সংগীত মহাবিদ্যালয় পৰিসৰ । সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা তথা প্ৰসিদ্ধ সংগীত শিল্পী পিংকুমনি চৌধুৰীয়ে আয়োজন  কৰিলে সাংস্কৃতিক অনুষ্ঠান । কলাগুৰুৰ বিশাল ব্যক্তিত্বৰ ওপৰত বক্তব্যৰ আগবঢ়াই উত্তৰ গুৱাহাটী মহাবিদ্যালয় অধ্যাপক ড০ হুপেশ চৌধৰীয়ে । শিল্পী গৰাকীৰ ওপৰত বিস্তৃত বক্তব্যই উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে। আজিৰ অনুষ্ঠানত  জেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ, সাংবাদিক গোপাল ঠাকুৰীয়া লগতে আন কেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্হিত থাকে।
একেদৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত ৰাভা দিৱসত বিষ্ণু প্ৰসাদ ৰাভা প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে । ইয়াৰ পিছতে নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে ৰাভাৰ বিশাল ব্যক্তিত্ব ওপৰত চমু আলোকপাত কৰি এটি ৰাভা সংগীতৰে অনুষ্ঠানৰ মোখনি মাৰে।  আনহাতে বাইহাটা চাৰিআলি সাহিত্য সভা(স্বৰ্ণ শাখা)ৰ উদ্যোগত
বাইহাটা চাৰিআলি সাহিত্য সভা ভৱনৰ প্ৰাংগণতো আজি  অনুষ্টুপীয়াকৈ বিষ্ণু ৰাভা দিৱসটি উদযাপন কৰা হয়। বাইহাটা চাৰিআলি সাহিত্য সভা(স্বৰ্ণ শাখা)নৱ নিৰ্বাচিত সভাপতি আৰিফ হুছেইনে পতাকা উত্তোলনৰে প্ৰথম কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি ত বন্তি প্ৰজ্বলন,শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বাইহাটা চাৰিআলি গ্ৰন্থ ব্যৱসায়ী কুশল শৰ্মা,নৱ নিৰ্বাচিত সম্পাদক ৰঞ্জিত কাকতি আৰু সহঃ সম্পাদক ত্ৰিদীপ কলিতাকে ধৰি অঞ্চলটোৰ কেইবাজনো গণ্য-মান্য লোকে। আজিৰ আটাইকেইটা কাৰ্যসূচীক আত ধৰা বাইহাটা চাৰিআলি সাহিত্য সভা( স্বৰ্ণ শাখা)ৰ সম্পাদক জিয়াউল হকে কৰোণা ভাইৰাছ সন্ত্ৰাসৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি এনেদৰে অনুষ্টুপীয়াকৈ 
চলিত বছৰৰ বিষ্ণু ৰাভাদিৱসটি উদযাপন কৰা হয় বুলি জানিবলৈ  দিয়ে। ইয়াৰ উপৰিও উত্তৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলা পৰিষদকে ধৰি আমিনগাঁও, চাংসাৰি আদি অঞ্চলটো আজি ৰাভা দিৱস উদযাপন কৰা হয় বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা