পাঠশালাত পুণৰ কৃষকৰ মাজত উপায়ুক্ত‌ই বিলালে ট্ৰেক্টৰ

সুপ্ৰয়োগেৰে কৃষি উৎপাদন বৃদ্ধিৰ আহ্বান

কঞ্জল দাস, বৰপেটা, ২০ জুন: লক ডাউনৰ মাজতো কৃষি ক্ষেত্ৰখন সজীৱ কৰি ৰখাৰ উদ্দেশ্যে বৰপেটা জিলাৰ কৃষক আত্মসহায়ক গোট সমূহৰ মাজত ট্ৰেক্টৰ বিতৰণৰ কাম অব্যাহত ৰাখা হৈছে। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আজি পুণৰ পাঠশালাত ১৫ খন   ট্ৰেক্টৰ আনুষ্ঠানিক ভাবে বিতৰণ কৰে। এই উপলক্ষে আয়োজিত এটি চমু অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে কৃষক সকলক শুভেচ্ছা জনায় এই ট্ৰেক্টৰ সমূহৰ সঠিক ব্যৱহাৰেৰে উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে।  তেওঁ জনোৱা মতে ইয়াকে লৈ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত যোৱা মাৰ্চ মাহৰ পৰা বৰপেটা জিলাত বিতৰণ কৰা ট্ৰেক্টৰৰ সংখ্যা ১৬৫ খন হলগৈ। অহা কেইমাহ মানৰ ভিতৰতে মুঠ ৪৩৮ খন ট্ৰেক্টৰ বিতৰণ কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা