বানত প্লাবিত মাজুলীৰ ৫৬ খন গাঁও , কৰতিপাৰত ১ আশ্ৰয় শিবিৰ মুকলি, বান পৰিস্থিতি পৰ্যালোচনা উপায়ুক্তৰ

বানত প্লাবিত মাজুলীৰ  ৫৬ খন গাঁও , কৰতিপাৰত ১ আশ্ৰয় শিবিৰ মুকলি, বান পৰিস্থিতি পৰ্যালোচনা উপায়ুক্তৰ, সস্তম জিলা প্ৰশাসন:মাজুলী-নিমাতী সংযোগী ফেৰী সেৱা বন্ধ:

পৰাণজ্যোতি বৰা, মাজুলী, ২৫ জুন: 


ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰকে ধৰি উপনৈ সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ বিস্তীৰ্ন অঞ্চল প্লাৱিত হোৱাৰ সমান্তৰালভাৱে নদীদ্বীপ মাজুলীতো ব্যাপক অঞ্চল বানৰ কৱলত পৰিছে।দ্বীপ জিলা খনৰ এতিয়ালৈকে প্ৰায় ৫৬ খন গাওঁ বানৰ কৱলত পৰাৰ লগতে কেইবাটাও পথ বানে আংশিক ভাৱে ক্ষতিগ্ৰস্ত কৰিছে।উখলচুক-মিছামৰা পথ,
সাধুচাপৰি-পৰাণচাপৰি,চামগুৰি-চেৰেপাইখোৱা আৰু ঢাপাক পথৰ কালভাৰ্টৰ আংশিক ক্ষতিৰ খবৰ পোৱা গৈছে। নৈপৰীয়া শালমৰাৰ ৫০০ টা পৰিয়াল বানৰ কৱলত পৰিছে।চুমৈমাৰী, খোৰাহোলা,মাজগাও, আলিমূৰ, বামুণ গাওঁ, বৃহত্তৰ ভকতচাপৰি অঞ্চল,সোনাৰিবাৰী আদি গাৱঁৰ ঘৰ সমূহ বানত প্লাৱিত হৈছে।যোৱা নিশাৰে পৰা আঁহতগুৰি, দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ চাপৰি অঞ্চলৰ লগতে শালমৰা, কৰতিপাৰ, লাছন চাপৰি, ভকত চাপৰি আদি মঠাউৰিৰ বাহিৰত থকা গাঁওসমূহ বাঢ়নি পানীত জলমগ্ন হৈছে। এতিয়ালৈকে জিলাখনৰ এই ৫৬খন নদীপৰীয়া গাঁৱৰ ৫,০১০টা পৰিয়ালৰ ২৭,২৬৪গৰাকী লোক বানগ্ৰস্ত হৈছে। একেসময়তে ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ বাঢ়নি পানীৰ দ্বাৰাও প্ৰভাৱিত হোৱা নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়ত এলেকাৰ বহুকেইখন গাঁৱত বানৰ প্ৰকোপ কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনে আজি দুপৰীয়া কৰতিপাৰ হাইস্কুলত বন্যাৰ্ত লোকৰ বাবে প্ৰথমটো সাহাৰ্য শিবিৰ মুকলি কৰিছে। কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মলুৱাল কলিতা গাঁৱৰ ৩টা বানপীড়িত পৰিয়ালৰ ১৫গৰাকী লোকে এই শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। শিবিৰাৰ্থীসকলৰ মাজৰত আছে ৫গৰাকী পুৰুষ, ৫গৰাকী মহিলা আৰু ৫টি শিশু। আজি দুপৰীয়া মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে নিজে গৈ কৰতিপাৰ হাইস্কুলৰ এই সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকলৰ বাবে প্ৰশাসনৰ ফালৰ পৰা উপলব্ধ কৰাব লগা জৰুৰী সা-সুবিধাৰাজীৰ বুজ লয়। 
 ইফালে, জিলাখনৰ বান-ক্ষতিগ্ৰস্ত এলেকাৰ ৰাইজৰ মাজত ইতিমধ্যে সাহাৰ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। বানক্ষতিগ্ৰস্ত লোকৰ মাজত বিতৰণৰ বাবে প্ৰশাসনে আজি ৪.৪৮ কুইণ্টল চাউল, ৭৭ কিলোগ্ৰাম দাইল আৰু ২৩ কিলোগ্ৰাম নিমখ ভাগে ভাগে প্ৰেৰণ কৰিছে। সস্তম জিলা প্ৰশাসন, বান-পৰিস্থিতি পৰ্যালোচনা উপায়ুক্তৰ ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাত সম্ভাৱ্য বানজনিত যিকোনো পৰিস্থিতিৰে তাৎক্ষণিক ভাৱে মোকাবিলাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালীক সম্পূৰ্ণ সস্তম কৰি তুলিছে জিলা প্ৰশাসনে। ইতিমধ্যে দুয়োখন নদীৰ বাঢ়নি পানীৰ বাবে জিলাখনৰ মঠাউৰিৰ বহিঃ অংশত আৰম্ভ হোৱা প্ৰাৰম্ভিক বানৰ লগতে জিলাখনৰ শেহতীয়া সামগ্ৰিক বান পৰিস্থিতি আজি পৰ্যালোচনা কৰি মাজুলীৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ অধ্যক্ষ বিক্ৰম কৈৰীয়ে জিলাখনৰ আপাতকালীন সঞ্চালন প্ৰণালীৰে জড়িত প্ৰতিটো বিভাগৰ লগতে বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ওপৰত ন্যস্ত জৰুৰী দায়িত্ব সুচাৰুৰূপে নিৰ্বহনৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে।আনহাতে, বাৰিষাৰ সময়ছোৱাত কৃষিখণ্ড আৰু পশুধনৰ ক্ষেত্ৰত দেখা দিব পৰা জটিল পৰিস্থিতি জোৰা মাৰিব পৰাকৈ এই দিশত নিৰন্তৰ নজৰ ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে জিলাখনৰ কৃষি বিভাগ আৰু পশুপালন তথা পশুচিকিৎসা বিডাগক নিৰ্দেশ দিছে। শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা গড়কাপ্তানী পথ আৰু মঠাউৰিৰ 'ৰেইনকাট' অংশসমূহ ততালিকে মেৰামতি কৰিবলৈও বৈঠকত গড়কাপ্তানী (পথ) আৰু জলসম্পদ বিভাগক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। আনহাতে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আজি তিনিদিনে বন্ধ আছে যোৰহাট-নিমাতী সংযোগী ফেৰী সেৱা।

পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা