নলবাৰীত 'নিষ্ঠা'ৰ মুখ্য সমল ব্যক্তিৰ উচ্চ পৰ্যায়ৰ বৈঠক
সমগ্ৰ শিক্ষা অভিযান, নলবাৰীৰ নিৰ্দেশমৰ্মে কালি পূব নলবাৰী শিক্ষাখণ্ডত ই-লাৰ্ণিং সম্পৰ্কীয় এখন উচ্চস্তৰীয় বৈঠক সম্পন্ন হয় । বিদ্যালয় প্ৰধান আৰু শিক্ষকসকলৰ সামগ্ৰিক অগ্ৰগতিৰ বাবে লোৱা ৰাষ্ট্ৰীয় পদক্ষেপ থোৰতে 'নিষ্ঠা'ৰ মুখ্য সমল ব্যক্তি সুভাষ বৰ্মন, অচ্যুত বৈশ্য, সৰযু দেবী, প্ৰীতম দেৱশৰ্মা, ফণীধৰ বৰ্মন, মৃদুল তালুকদাৰে এই বৈঠকত অংশ লয় । পূব নলবাৰীৰ খণ্ড প্ৰাথমিক শিক্ষাবিষয়া নিকুঞ্জ বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত এই বৈঠকত খণ্ড গাণনিক বসন্ত ডেকা আৰু এম আই এছ সমন্বয়ক সুব্ৰত কাকতিও উপস্থিত থাকে । মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত পঢ়িবলগীয়া পাঠখিনিৰ পৰা ই-লাৰ্ণিঙৰ জৰিয়তে কিদৰে অৰ্হতা আয়ত্ত কৰাব পাৰি সেই সন্দৰ্ভত সমল ব্যক্তিসকলে মতামত ব্যক্ত কৰে বুলি জানিব পৰা গৈছে । এই বৈঠকৰ পাছতে মুখ্য সমল ব্যক্তি সুভাষ বৰ্মনে সংবাদ মাধ্যমক জানিব দিয়ামতে পহিলা জুলাইৰ পৰা পূব নলবাৰী আৰু টিহু-বৰমা শিক্ষাখণ্ডৰ অন্তৰ্গত সকলো বিদ্যালয়তে শিক্ষা বিভাগে যোগান ধৰা প্ৰশ্ন ভাণ্ডাৰৰ অৱলম্বনত অভিজ্ঞ শিক্ষকসকলে কৰা পাঠদানৰ ভিডিঅ'ৰ জড়িয়তে পাঠ্যাংশ আগবঢ়াই নিয়া হ'ব । ইয়াৰ সমান্তৰালভাৱে দক্ষিণ নলবাৰী বিদ্যাপীঠত কালি দিনৰ বাৰ বজাত মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলৰ উপস্থিতিত আন এখন জৰুৰী সভা অনুষ্ঠিত হয় । ইয়াতে ই-লাৰ্ণিঙৰ সফল প্ৰয়োগৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চি আৰ চি চিসকলক বিভিন্ন দায়িত্ব অৰ্পণ কৰা হয় । এইখন সভাতে কৃতী শিক্ষক তথা জ্যেষ্ঠ সমন্বয়ক ৰমেন কলিতা, প্ৰণব শৰ্মা, অজয় বৈশ্য আদিয়ে প্ৰাসংগিক বক্তব্য উপস্থাপন কৰে । ৰমেন কলিতা, সঞ্জীৱ দাস, কৰুণা কলিতা, সুভাষ বৰ্মন, জ্যোতি প্ৰসাদ মিশ্ৰ, প্ৰণব শৰ্মা, মণ্টু ডেকা আৰু সুশীল দাসক প্ৰতিটো শ্ৰেণীৰ বিপৰীতে দলনেতাৰ দায়িত্ব অৰ্পণ কৰা হয় । খণ্ড সমল ব্যক্তি নৰেন্দ্ৰ নাথ তালুকদাৰে ই-লাৰ্ণিং ফলপ্ৰসুভাৱে বাস্তবায়িত কৰিবলৈ চি আৰ চি চিসকলক আহ্বান জনায় ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment