খাগৰিজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ৰচনা প্ৰতিযোগিতাৰ অায়োজন
দেৱব্ৰত বৰা,জাজৰি,৩০ জুন: নগাঁও জিলাৰ উচ্চ শিক্ষাৰ এখনি অগ্ৰনী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত সামপ্ৰতিক সময়ৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত এখনি 'ৰচনা' প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। জানিব পৰা মতে অসমীয়া বা ইংৰাজী মাধ্যমত লিখিবলগীয়া ৰচনাৰ বিষয় হৈছে- " ক'ভিড ১৯ ৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ অাৰ্থিক সংকট"। ১০০০ শব্দৰ ভিতৰত লিখিবলগীয়া ৰচনা প্ৰেৰণ কৰাৰ শেষ তাখিখ ১০ জুলাই বুলি জানিব পৰা গৈছে। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ - ২০০০, দ্বিতীয় পুৰস্কাৰ- ১৫০০ অাৰু তৃতীয় পুৰস্কাৰ - ১০০০ টকাকৈ তিনিজন বিজয়ীক প্ৰদান কৰিব । ৰচনাসমুহ - ৯৯৫৪০৯৯৬০৭, ৮৮৭৬৪৪৭১৩৫ নম্বৰত পঠাবলৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গৌৰৱ অাগৰ্মাচায্যই জনাইছে। ইফালে খাগৰিজান মহাবিদ্যালয়ত এইবছৰৰ পৰা নতুনকৈ কেইবাটাও বিভাগ সংযোজন কৰি জিলাখনৰ শিক্ষাখণ্ডলৈ অাশাৰ ৰেঙনি কঢ়িয়াই অানিছে বুলি অাশা কৰিব পাৰি। তাৰে ভিতৰত মহাবিদ্যালয়খনত নতুনকৈ বাণিজ্য শাখা অাৰু কম্পিউটাৰ বিভাগৰ ক্ষেত্ৰত ডি.চি.এ, পি.জি.ডি.চি.এ অন্তৰ্ভূক্ত হৈছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে জনাইছে।
Comments
Post a Comment