উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাঃ সৰুপেটা আৰ্যভট্ট একাডেমিত এশ শতাংশ উত্তীৰ্ণ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৬ জুনঃ সৰুপেটাৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান আৰ্যভট্ট একাডেমিৰ পৰা সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ এশ শতাংশ উত্তীৰ্ণ হৈ সফলতা অৰ্জন কৰিছে। উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলা শাখাৰ মুঠ ৭৯ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ঘোষিত ফলাফল অনুযায়ী চাৰি গৰাকীয়ে ডিষ্টিংচন স্থান, সাত গৰাকীয়ে ষ্টাৰ স্থান, তেৰ গৰাকীয়ে প্ৰথম বিভাগত, ২৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ২৯ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ ভিতৰত ইংৰাজীত চাৰিগৰাকী, অসমীয়াত পোন্ধৰ গৰাকী, দৰ্শনত নগৰাকী, শিক্ষাত সাত গৰাকী, অৰ্থনীতিত ছগৰাকী, ৰাজনীতি বিজ্ঞানত আঠ গৰাকী, সংস্কৃতত দুগৰাকী আৰু ঐচ্ছিক অসমীয়াত দুগৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা