কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সত অংশ ল’লে গোৱালপাৰা জিলা উপায়ুক্তইঃজিলাখনৰ সামগ্ৰীক উন্নয়নত সন্তোষ প্ৰকাশ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ
উল্তৰ-পূৰ্বাঞ্চলৰ ১৪ খন আকাংশিত জিলাৰ উপায়ুক্ত সকলৰ সৈতে ২১ জুন দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেবাটাও বিষয়ত আলোচনা কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ অধ্যক্ষতাত হোৱা এই ভিডিঅ’ কনফাৰেন্সত গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকায়ো অংশ গ্ৰহণ কৰে ৷ ভিডিঅ’ কনফাৰেন্সত অধ্যক্ষ জিতেন্দ্ৰ সিঙে আকাংশিত জিলা হিচাপে গোৱালপাৰা জিলা পূৰ্বতকৈ উন্নত হোৱা বাবে গোৱালপাৰা জিলা প্ৰশাসন তথা উপায়ুক্তৰ দক্ষতাক প্ৰশংসা কৰে ৷ উল্লেখ্য যে আকাংশিত জিলা হিচাপে গোৱালপাৰা জিলাই সামগ্ৰীক মূল্যায়নৰ ওপৰত ভিত্তি কৰি পূৰ্বৰ ৬৮ সংখ্যক স্থানৰ পৰা উল্লেখনীয় উত্তৰণ ঘটাই ১৬ সংখ্যক স্থানলৈ উন্নীত হৈছে ৷ আনহাতে, শিক্ষাৰ ক্ষেতত "নীটি আয়োগ"ৰ ডেল্টা ৰেংকত গোৱালপাৰা জিলাৰ স্থান চতুৰ্দশ ৷ ইফালে দেওবাৰৰ ভিডিঅ’ কনফাৰেন্স খনত আয়ুস্মান ভাৰত , প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আদি বিষয়তো আলোচনা হয় ৷ আলোচনা কালত
স্বাস্থ্য ক্ষেত্ৰত বিশেষকৈ ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে গোৱালপাৰাা জিলাই দক্ষতাৰে মোকাবিলা কৰি থকা বুলি ড’নাৰ মন্ত্ৰী সিঙে প্ৰশংসা কৰে ৷ প্ৰবল ৰূপত বানপানী হোৱা স্বত্বেও জিলা প্ৰশাসনে ক’ভিড ১৯ নিয়ন্ত্ৰণৰ বাবে যিদৰে যুঁজ দি আহিছে তাৰ বাবে জিলা প্ৰশাসন তথা জিলা উপায়ুক্তৰ শলাগ লয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report
Comments
Post a Comment