২০২০-২১ বৰ্ষৰ লায়ন্স ক্লাৱ গুৱাহাটীৰ নতুন বডীৰ জুম ৱেবিনৰৰ জৰিয়তে বাৰ্তালাপ
ষ্টাফৰিপ'ৰ্টাৰ,,,২৯ জুন।।।
নতুনকৈ নিৰ্বাচিত হোৱা ২০০০-২১ বৰ্ষৰ গুৱাহাটী লা লায়ন্স ক্লাৱৰ ৫১ জনীয়া ব'ৰ্ড অফ ডাইৰেক্টৰ বডীয়ে জুম ৱেবিনৰৰ জৰিয়তে বাৰ্তালাপ কৰাৰ লগতে অনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। দেওবাৰে অনুষ্ঠিত ৱেবিনৰত লায়ন্স ক্লাবৰ আন্ত:ৰাষ্ট্ৰীয় সঞ্চালক লায়ন্স জি এছ হোৰা ইনষ্টলেচন অফিচাৰ লায়ন্স সুধীৰৰ চৌধুৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লায়ন কিশোৰ ছাবুক সভাপতি, লায়ন দিলীপ ছাৰাফক সম্পাদক আৰু লায়ন ৰাজেশ বুৰাকীয়াক ধনভৰালী হিচাপে ২০২০-২১ বৰ্ষৰ ৫১ জনীয়া বোৰ্ড গঠন কৰা হৈছে। উক্ত অনুষ্ঠানত প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় সঞ্চালক জি এছ হোৰা,ভাইচ কাউন্সিল চিয়েৰপাৰ্ছন বিনোদ মহন্ত, জি এছ টি ক'ৰ্ডিনেটৰ লায়ন ৰাজকুমাৰ আগৰৱাল প্ৰাক্তন জিলা গবৰ্ণৰ ডি পি বাজাজ, লায়ন এছ এছ হাৰলালকা, লায়ন অমৰ বৰুৱা, লায়ন এল এন আগৰৱাল, উপ জিলা গবৰ্ণৰ লায়ন শুভাংকৰ সেন আদিকে ধৰি লায়ন্স ক্লাৱৰ বিভিন্ন সদস্য সকল উপস্থিত থাকে। সুনীল আগৰৱালাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত ২০২৯-২০ বৰ্ষৰ লায়ন্স ক্লাৱৰ অফ গুৱাহাটীৰ বাৰ্ষিক বঁটাৰ নাম ঘোষণা কৰা হয়। সমাজত বিশেষ ভাৱে অৰিহণা যোগোৱা ৪০ জন সদস্যক বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। বিগত সময়ছোৱাত বিশেষ অৰিহণা যোগোৱা লায়ন অজয় পদ্দাৰক লায়ন অফ দ্য ইয়েৰ বঁটাৰ বাবে নিৰ্বাচন কৰাৰ লগতে লায়ন ডি পি বজাজক ম'ষ্ট ৰেছপেক্টটেবল লায়ন বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। নৱ নিৰ্বাচিত বডীৰ সভাপতি কিশোৰ ছাবুৱে সকলোকে অভিনন্দন জ্ঞাপন কৰি সকলোৰে সৈতে মত- বিনিময় কৰে। লকডাউনৰ সময়ছোৱাত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানটো পৰিচালনা কৰে শৈলেষ বাহেতী আৰু লায়ন ৰাজেশ বুৰাকীয়াই।
Comments
Post a Comment