উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন, সেৱা ভাৰতী ,পূৰ্বাঞ্চল যোগ বিভাগৰ উদ্যোগত উত্তৰ গুৱাহাটীত ষষ্ঠ বিশ্ব যোগ দিৱস উদযাপন

পঙ্কজ নাথ, চাংসাৰি,  ২১ জুন :

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি  উত্তৰ গুৱাহাটীস্থিত "শংকৰদেৱ শিশু নিকেতন " ত  আজি ২১ জুন তাৰিখে  ৰাতিপুৱা  ৬:৩০ পৰা ৮:০০বজালৈ অনুষ্ঠিত হৈ যায় । কাৰ্যক্ৰম অনুসৰি পুৱা ৬:৩০ বজাত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সভাপতি মানস দাস, সম্পাদক মুকুটেশ্বৰ গোস্বামী, ৰাগশ্ৰী সংগীত মহাবিদ্যালয় অধ্যক্ষা পিংকুমনি চৌধৰী, সমাজকৰ্মী কুলেন বড়ো আৰু আচাৰ্যা পুনম বৰকাকতি, হিমাক্ষী ডেকা ।

ইয়াৰ পিছতে আসন অভ্যাস সঞ্চালনা কৰে সেৱা ভাৰতী, পূৰ্বাঞ্চলৰ, উত্তৰ অসম প্ৰান্তৰ অজয় কুমাৰ দাস আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ ঈশাংকুৰ শইকীয়াই । আজি সামাজিক দূৰত্ব বৰ্তাই ৰাখি  উত্তৰ গুৱাহাটী, শংকৰদেৱ শিশু নিকেতনৰ সভাগৃহত  ষষ্ঠ যোগ দিৱস উদযাপন কৰা হয়। ড০ ঈশাংকুৰ শইকীয়াই যোগ সাধনাৰ জৰিয়তে মনৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি নিজ নিজ কৰ্ম ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি বুলি বিশ্লেষণাত্মক মন্তব্য আগবঢ়ায়। ইয়াৰ লগতে তেওঁ কয় যে শিশু আৰু বয়সন্ধি কালৰ বহু সমস্যাৰ পৰা মুক্তি পাব পাৰি যোগ সাধনাৰ জৰিয়তে । 

উত্তৰ পূৰ্বাঞ্চল অগ্ৰণী যোগ সাধনা কেন্দ্ৰ উত্তৰ গুৱাহাটীৰ যোগনিলয়মতো
আজি সেৱা ভাৰতী,পূৰ্বাঞ্চল উত্তৰ গুৱাহাটী যোগনিলয়মত যোগ প্ৰমুখ, উত্তৰ অসম প্ৰান্তৰ অৰুপ জ্যোতি দাসৰ তত্বাবধানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।  পুৰুষ মহিলা লগ হৈ প্ৰায় ২৭ গৰাকীয়ে এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে।এই দিৱসত সেৱা ভাৰতী,পূৰ্বাঞ্চল অসম ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী সুৰেন্দ্ৰ তালখেলকৰ  মাৰ্গ দৰ্শন কৰে আৰু যোগ শিক্ষক হিচাপে উপস্থিত থাকে ডঃ ডনীৰাং ৰিয়াং(যোগ নিলয়ম চিফ্ ,মেডিকেল) অফিচাৰ শেখৰ হালদাৰ আৰু  ৰিজুমণি দাসে।

সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক সুৰেন্দ্ৰজী অংশগ্ৰহণকাৰী সকলক যোগৰ মহত্ব, উপযোগিতা অতি সহজ সৰল ভাষাত বিশ্লেষণ কৰে। আজি অনুষ্ঠানত উত্তৰ গুৱাহাটী, আই আই টিৰ বহুসংখ্যক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। আমিনগাঁওৰ যুৱ বিকাশ কেন্দ্ৰকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো "বিশ্ব যোগ দিৱস" ৰ আয়োজন কৰা হয় বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা