মাজুলী জিলাত সান্ধ্য অইন জাৰি: নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি জিলা দণ্ডাধীশৰ
ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ দ্বাৰা স্বাক্ষৰিত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ শেহতীয়া অধিসূচনাৰ আধাৰত মাজুলী জিলাতো আজিৰে পৰাই বলৱৎ হোৱাকৈ প্ৰতিদিনে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৭.০০ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে। মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত প্ৰাপ্ত কৰ্তৃত্বৰে শুক্ৰবাৰে বিয়লি জাৰি এক আদেশৰ জৰিয়তে সমগ্ৰ জিলাখনতে প্ৰযোজ্য হোৱাকৈ এই নৈশ সান্ধ্য জাৰি কৰিছে। এই সান্ধ্য আইনৰ সময়ছোৱাত জিলাখনত অনুমতি অবিহনে যিকোনো যান-বাহনৰ চলাচল নিষিদ্ধ কৰাৰ লগতে জনসাধাৰণে ৰাজহুৱা স্থানত ঘূৰা-ফিৰা কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। পৰৱৰ্তী আদেশ জাৰি নকৰালৈকে জিলাখনত এই নৈশ সান্ধ্য আইন বাহাল থাকিব। অৱশ্যে, এই সান্ধ্য আইনৰ প্ৰতিবন্ধকতাৰ পৰা কৰ্তব্যৰত দণ্ডাধীশ, স্বাস্থ্য সেৱাৰে জৰিত লোক, আৰক্ষী তথা সুৰক্ষা বাহিনী, অগ্নি নিৰ্বাপন তথা আপাতকালীন সেৱা, বিদ্যুৎ আৰু দুৰসংযোগ সেৱা, জিলা প্ৰশাসনৰ দ্বাৰা জৰুৰী সেৱাত নিয়োজিত বিষয়া-কৰ্মচাৰীক ৰেহাই দিয়া হৈছে। এই সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
পৰাণজ্যোতি বৰা, মাজুলী।
Comments
Post a Comment