উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰিক্ষাত কলা শাখাৰ ৮ অষ্টম স্থান দখল কৰি গৌৰৱান্বিত কৰিলে দুলীয়াজান বাসিৰ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট, দুলীয়াজান, সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰিক্ষাত কলা শাখাত অসমৰ ভিতৰত ৮ অষ্টম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে দুলীয়াজান চেন্ট জেভিয়াৰ্ছ হায়াৰচেকেণ্ডাৰী স্কুলৰ মেধাৱী ছাত্ৰী আফ্ৰিন ইছলামে। দুলীয়াজান চেন্ট জেভিয়াৰ্ছ হায়াৰচেকেণ্ডাৰী স্কুলৰ পৰা অৱতীৰ্ণ হোৱা আফ্ৰিন ইছলাম হৈছে দুলীয়াজান অইল কলনিৰ নিবাসী বাকবুল ইছলামৰ পুত্ৰী। আফ্ৰিনে লাভ কৰিছে মুঠ 
৪৬৮ নম্বৰ। জীৱনত এগৰাকী IAS/IPS হোৱাৰ হেঁপাহ পুহি ৰাখিছে আফ্ৰিনে। দুলীয়াজান এন এছ ইউ আই (NSUI) তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা সম্বৰ্দ্ধনা পত্ৰ আগবঢ়োৱা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা