নগাঁৱৰ ভকতগাঁৱত শতাধিক কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা বিধায়ক ৰূপক শৰ্মাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হৈ নগাঁও জিলাৰ ভকতগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্র-ছাত্ৰীক শুকুৰবাৰে বিধায়ক ৰূপক শৰ্মাই বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই মৰ্মে, বিজেপিৰ খাগৰিজান মণ্ডল সমিতিৰ উদ্যোগত হৰিচৰণ ডেকাৰ সভাপতিত্বত ভকতগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি বিধায়ক ৰূপক শৰ্মাই শতাধিক কৃতীমানক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে ৷ অনুষ্ঠানত সমষ্টিটোৰ ভিতৰত ভকতগাঁও পঞ্চায়তৰ ছাত্র-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা এনে বিশেষ সাফল্যত বিধায়ক শৰ্মাই উৎফুল্লিত হোৱাৰ লগতে প্ৰদান কৰা চমু ভাষণত এইখন বিজেপি চৰকাৰৰ দিনত পিছ দুৱাৰেদি নিযুক্তি দিব নোৱাৰাটোৱেই বিধায়ক গৰাকীৰ একমাত্ৰ ব্যৰ্থতা বুলি প্ৰকাশ কৰাৰ লগতে এইখন বিজেপি চৰকাৰৰ দিনত কেৱল মেধাৰ ভিত্তিতহে  চৰকাৰীভাৱে নিযু্ক্তি দিয়া হয় বুলি নিজৰ ভাষণত উল্লেখ কৰে ৷ ভাষণ প্ৰসংগত নিজকে শিক্ষকৰ পুত্ৰ হিচাপে গৌৰৱ কৰা মানৱীয় প্ৰমূল্যবোধৰ কথা উল্লেখ কৰি ছাত্র-ছাত্ৰীক অনাগত দিনত কঠোৰ অধ্যৱসায়ৰ জৰিয়তে জীৱনৰ মূল লক্ষ্যত উপনীত হবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায় ৷ স্থানীয় সমাজকৰ্মী বাহাৰুল ইছলাম আৰু শিক্ষক আমীৰ হুছেইনে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত বহুকেইগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু বিজেপি দলৰ কৰ্মকৰ্তা উপস্থিত থাকে। 
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা