নগাঁৱৰ নেহৰুবালিৰ স্বাৱ সংগ্ৰহ কেন্দ্ৰ বেবেজীয়া সমুহীয়া স্বাস্থ্যকেন্দ্ৰলৈ স্থানান্তৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ সুবিধাৰ্থে নগাঁও চহৰৰ নেহৰুবালিত স্থাপন কৰা স্বাৱ সংগ্ৰহ কেন্দ্ৰটি বৰ্তমান বেবেজীয়া সমুহীয়া স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হৈছে । এতিয়াৰ পৰা বেবেজীয়া সমুহীয়া স্বাস্থ্য কেন্দ্ৰত স্থাপিত এই কেন্দ্ৰটিত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ লগতে কৰ’না ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰো স্বাৱ সংগ্ৰহ কৰা হ’ব ৷ আচলতে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই অহাৰ বিপৰীতে শেহতীয়াভাবে ৰাজ্যৰ সকলো পৌৰসভা এলেকাত প্ৰতি সপ্তাহৰ শনি আৰু দেওঁবাৰে লকডাউন জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত নেহৰুৱালি স্বাৱ সংগ্ৰহ কেন্দ্ৰটি এনেদৰে বেবেজীয়া সমুহীয়া স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয় বুলি জানিব পৰা গৈছে ৷ এই মৰ্মে, সোমবাৰে বেবেজীয়া সমুহীয়া স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা যায় । সভাখনিত জিলা উপায়ুক্ত যাদৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: অতুল পাটৰ, প্ৰগ্ৰাম মেনেজাৰ  অনিৰ্ৱান বৰঠাকুৰ, ডাটা মেনেজাৰ, মঞ্জিল শৰ্মা, উপ সঞ্চালক ডা: চিন্তাৰাম হাজৰিকা আৰু সহকাৰী ব্লক প্ৰগ্ৰেম মেনেজাৰ শৈল্যজা নন্দন নাথকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বহুকেইজন বিষয়া উপস্থিত থাকে । ইতিমধ্যে, স্বাৱ পৰীক্ষা কেন্দ্ৰটিৰ বাবে স্বাস্থ্য কেন্দ্ৰৰ চৌহদত অস্থায়ী কোঠা, প্ৰৱেশ আৰু প্ৰস্থান পথৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে আৰু মঙলবাৰৰ পৰা কেন্দ্ৰটি আনুষ্ঠানিকভাবে মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা