সপ্তাহিক লকডাউনে স্তব্ধ কৰিলে শিৱসাগৰ নগৰ

 ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৮  জুন : বর্তমান ৰাজ্যত লকডাউন কিছু শিথিল অৱস্থাই ৰাইজৰ মাজত কণমান সকাহ দিছিল যদিও বৰ্তমান সপ্তাহিক লকডাউনে শনিবাৰ আৰু দেওবাৰৰ চলিত লকডাউনত স্তব্ধ শিৱসাগৰ | পূর্বৰ প্রথম, দ্বিতীয় , তৃতীয় , চতুৰ্থ আদি পৰ্যায়সমুহতকৈ সপ্তাহিক লকডাউনত বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠনৰ লগতে শিৱসাগৰীয়াই সম্পুৰ্ণৰূপে মানি চলা দেখা গল লকডাউন । জনশূণ্য হৈ পৰিল নগৰখন শনিবাৰ দেওঁবাৰৰ এই লকডাউনত |
চৰকাৰৰ স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশৰ প্ৰতি সমৰ্থন আগবঢ়ায়েই যেন কোনো বাহিৰ নোলোৱাকৈ পালন কৰিছে লকডাউন | মাহ মাহ ধৰি লকডাউনৰ মুখামুখি হৈ বিভিন্ন আহুকালক প্ৰতিহত কৰি দিননীয়াব পাৰিল যেতীয়া সপ্তাহিক লকডাউনকো হেলাৰঙে পাৰ কৰি যাব বুলি দৃঢ় হৈ চৰকাৰক মহামাৰি লগতে বানে সৃষ্টি কৰিব পৰা সমস্যাক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি শীঘ্ৰে যি কোনো সুব্যৱস্থা গ্ৰহণ কৰি লকডাউনে জুৰুলা কৰা তথা বানৰ মুখামুখিৰে যুদ্ধ কৰিব লগা এই পৰিয়াল সমুহক ৰক্ষ্যণাবেক্ষন প্ৰদান  কৰিবলৈ শিৱসাগৰৰ সচেতন নাগৰিক সকলে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে  ।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা