গোৱালপাৰাৰ টুকুৰাত ক’ভিড ১৯ ৰোগী বিচাৰি আৰক্ষীৰ অভিযান

গোৱালপাৰাৰ টুকুৰাত ক’ভিড ১৯  ৰোগী বিচাৰি আৰক্ষীৰ  অভিযানঃজেৰিনা নাৰ্জাৰীক উদ্ধাৰ কৰি প্ৰেৰণ চিকিৎসালয়লৈ
-------

গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাত আত্মগোপণ কৰি থকা ক’ভিড ১৯ ৰোগী এগৰাকীক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে ৷ মহিলা গৰাকীৰ নাম জেৰিণা নাৰ্জাৰী ৷ জানিব পৰা মতে, গুৱাহাটী ধীৰেণপাৰাৰ কোম্পানী এটাত কৰ্মৰত মহিলা গৰাকীয়ে স্বাস্থ্য বিভাগে স্বাব সংগ্ৰহ কৰাৰ পিছতে পলায়ন কৰিছিল গুৱাহাটীৰ পৰা ৷ কালি স্বাব টেষ্টৰ ৰিজাল্ট পজিটিভ ওলোৱাত স্বাস্থ্য বিভাগে যুৱতী গৰাকীৰ সৈতে যোগাযোগ কৰাত এই পলায়নৰ তথ্য পোহৰলৈ আহে ৷ স্বাস্থ্য বিভাগৰ লগতে গুৱাহাটীৰ আৰক্ষীয়ে মহিলা গৰাকীক বিচাৰি সুফল নোপোৱাত ম’বাইল নম্বৰ ট্ৰেকৰ ব্যৱস্থা কৰে ৷ ম’বাইল নাম্বাৰ ট্ৰেক কৰাৰ পিছতে মহিলা গৰাকী গোৱালপাৰাৰ টুকুৰাত থকা বুলি নিশ্চিত হয় গুবাহাটীৰ আৰক্ষী ৷ সেই মৰ্মে গুৱাহাটী আৰক্ষীয়ে সহায় লয়  আগিয়া আৰক্ষীৰ ৷ আগিয়া আৰক্ষীয় চি আই দিগন্ত কুমাৰ বৰাৰ নেতৃত্বত যোৱা গোটেই নিশা অভিযান চলাই আজি পুৱতি নিশা মহিলা গৰাকীক টুকুৰাৰ ৰামকৃষ্ণ মণ্ডল নামৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত উদ্ধাৰ কৰে ৷ জানিব পৰা মতে মহিলা গৰাকীয়ে আশ্ৰয় লৈ থকা পৰিয়ালটোৱে মহিলা গৰাকী তেওঁলোকৰ ঘৰত নথকা বুলি আৰক্ষীক মিছা তথ্য দিয়াৰ ফলত আৰক্ষীয়ে ওৰে নিশা খাপ পিটি থাকিব লগীয়া হয় ৷ অৱশেষত আজি নিচেই পুৱা মহিলা গৰাকী ঘৰৰ বাহিৰলৈ ওলাই অহা মাত্ৰকে আৰক্ষীয়ে আটক কৰি ১০৮ এম্বুলেন্সেৰে তেঁৱক গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷৷ ইফালে, যোৱা শনিবাৰৰ পৰা টুকুৰাৰ ৰামকৃষ্ণ মণ্ডলৰ ঘৰত আশ্ৰয় লৈ থকা মহিলা গৰাকীৰ পৰা উক্ত পৰিয়ালটোৰ লগতে গাৱঁৰ আন লোকৰ দেহলৈ এই ক’ৰোনা সংক্ৰমণৰ আশংকা কৰিছেে অঞ্চলবাসীয়ে ৷  ফলত অতি কম সময়ৰ ভিতৰতে মহিলা গৰাকী আশ্ৰয় লৈ থকা টুকুৰাৰ উক্ত অঞ্চলটো কোন্টেইনমেন্ট জ’ন হিচাপে প্ৰশাসনে ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা