উচ্চতৰ মাধ্যমিক পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে জিলিকিল নলবাৰীৰ নালন্দা একাডেমী জুনিয়ৰ কলেজ
নলবাৰীৰ মাজ-মজিয়াৰ শান্তিপুৰত অৱস্থিত নালন্দা একাডেমী জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত ৬ গৰাকী প্ৰথম, ৭ গৰাকী দ্বিতীয় আৰু এগৰাকী তৃতীয় বিভাগত মুঠ ১৪ গৰাকীৰ আটাইকেইজনে উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰ ফলাফলেৰে মহাবিদ্যালয়খন জিলিকাই তোলে ৷ তাৰ ভিতৰত ৬ গৰাকীয়ে দৰ্শন বিষয়ত লেটাৰ মাৰ্ক পাই মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয় । মুঠ ১০০ শতাংশই উত্তীৰ্ণ হোৱা মহাবিদ্যালয়খনৰ সমন্নয়িকা ৰেইচমা বেগমে জনোৱামতে মহাবিদ্যালয়খনক এক ব্যতিক্ৰম ৰূপ দিবলৈ চেষ্টা কৰা হৈছে । পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ এই মহাবিদ্যালয়ত নিয়মীয়া পাঠদানৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক গেটৰ বাহিৰলৈ ওলাব দিয়া নহয় আৰু মোবাইলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া এই মহাবিদ্যালয়খনৰ প্ৰশাসনিক দিশ শলাগিবলগীয়া ৷ ইয়াৰ উপৰিও ইয়াত আৰ্থিকভাৱে দুখীয়া ল'ৰা-ছোৱালীক সম্পূৰ্ণ বিনামূলী়য়াকৈ পাঠদান কৰোৱাৰ লগতে কিতাপ, বহী, ইউনিফৰ্ম আদি মহাবিদ্যালয়খনৰৰ পৰাই যোগান ধৰা হয়। মহাবিদ্যালয়খনৰ সঞ্চালক জিতেন্দ্ৰ কুমাৰ জৈনে জনোৱামতে মহাবিদ্যালয়খনৰ সন্তোষজনক ফলাফলৰ আঁৰত আছে নিয়মীয়া পাঠদান, শিক্ষক-শিক্ষয়িত্ৰীৰ নেৰানেপেৰা প্ৰচেষ্টা, ঘৰে-ঘৰে শিক্ষক-শিক্ষয়িত্ৰীসকল গৈ ছাত্ৰ-ছাত্ৰীৰ অৱস্থাৰ বুজ লৈ থকা । পোনপ্ৰথমবাৰৰ বাবে এইবাৰ নলবাৰী চহৰৰ এইখন মহাবিদ্যালয়ত শ্ৰেণীসমূহ ডিজিটেল মাধ্যমত কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে আৰু তাৰ কাৰণে সকলো ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে ৷ এই মহাবিদ্যালয়খনৰ আৰ্থিকভাৱে অতি দুখীয়া পৰিয়ালৰ ছাত্ৰ মূলাৰকুছি নিবাসী ভৱানী বৰ্মন আৰু মীৰা বৰ্মনৰ সুযোগ্য সন্তান জিন্তু বৰ্মনে ৮৪.৪ % নম্বৰসহ লগতে অনিল শৰ্মা আৰু প্ৰয়াত ভনিতা দেৱীৰ পুত্ৰ অসীম শৰ্মাই ৬৪% নম্বৰসহ উত্তীৰ্ণ হয় । আগন্তুক শিক্ষাবৰ্ষৰ বাবে নালন্দা একাডেমী জুনিয়ৰ কলেজ, নলবাৰীয়ে সম্পূৰ্ণ নতুন আৰু অত্যাধুনিক প্ৰক্ৰিয়াৰে আৰম্ভ কৰিবলৈ সাজু হৈছে ৷ ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত স্বাৱলম্বীতাৰ দিশৰ প্ৰতি গুৰুত্ব ৰাখি নালন্দা একাডেমী জুনিয়ৰ কলেজে বিভিন্ন পৰিকল্পনা হাতত লৈছে বুলি মহাবিদ্যালয়খনৰ বৰ আশাবাদী অধ্যক্ষ মাধব চন্দ্ৰ দাসে এই প্ৰতিবেদকক জানিবলৈ দিয়াৰ লগতে মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰে ৷ উল্লেখ্য যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত বহি উত্তীৰ্ণ হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা তিনিগৰাকী ছাত্ৰই একোখন বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷
Comments
Post a Comment