নগাঁও জিলাক গৌৰাম্বিত কৰিলে ২৫ কৃৰ্তীমানে
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ঈষণীয় সফলতা অৰ্জন কৰিছে নগঞা পৰীক্ষাৰ্থীয়ে ৷ মঠ ২৫ গৰাকী নগঞা মেধাৱী পৰীক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ ইয়াৰ ভিতৰত কলা শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী শ্ৰদ্ধা বৰগোঁহাইয়ে অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি জিলাবাসীক গৌৰাম্বিত কৰিছে। এই মেধাবী ছাত্ৰীগৰাকীকে ধৰি কলা শাখাত কনচেপ্ত জুনিয়ৰ কলেজৰ পলী বৰা আৰু ৰামানুজন জুনিয়ৰ কলিজৰ প্ৰিয়াক্ষী বৰাই তৃতীয়, মাধৱদেৱ জুনিয়ৰ কলেজৰ ত্বহিৰা জামান আৰু ৰামানুজন জুনিয়ৰ কলেজৰ জুলি বৈশ্যই চতুৰ্থ, ৰামানুজন জুনিয়ৰ কলেজৰ কাবেৰী কোঁচে পঞ্চম, কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজৰ হৰ্ষিতা বৰঠাকুৰে ষষ্ঠ, ৰামানুজন জুনিয়ৰ কলেজৰ উদিতা ঈশানী কাকতি, শতাব্দী পূজাৰী আৰু ৰেণেঁছা জুনিয়ৰ কলেজৰ প্ৰিয়াংশী গোস্বামীয়ে সপ্তম তথা ৰামানুজন জুনিয়ৰ নম্ৰতা বৰুৱাই নৱম স্থান অৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, বিজ্ঞান শাখাত কনচেপ্ট জুনিয়ৰ কলেজৰ নায়েমা ফিৰদৌচ বৰভূঞাই অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সাগৰ গোৱালাই চতুৰ্থ, আশীষ কুমাৰ গাৰ্গে পঞ্চম, ব্ৰেঞ্জিত হাজৰিকাই ষষ্ঠ, অম্লান জ্যোতি পেগু আৰু স্ববনম গুঞ্জন বৰাই সপ্তম, মণিৰুল ইছলাম, চিন্ময় নাথ, অমিশা সিং আৰু হিমাঞ্জলী বৰগোঁহাইয়ে অষ্টম, উৎপল ৰাজ কেম্প্ৰাইয়ে নৱম তথা ইফটিকাৰ আহমেদ আৰু অংকিতা শইকীয়াই দশম স্থান লাভ কৰাৰ বিপৰীতে বাণিজ্য শাখাত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা কাৰ্তিক ধাৰৱালে ষষ্ঠ স্থান দখলেৰে জিলাখনক গৌৰাম্বিত কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য, ৰাজ্যৰ ভিতৰত স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এইবাৰ অভিলেখ গঢ়িলে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজে । এই শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান শাখাত ১২ গৰাকী আৰু কলা শাখাত ৭ গৰাকীকে ধৰি সৰ্বমুঠ ১৯ গৰকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ কাজেই, জিলাখনৰ এনে বৃহৎ সফলতাত অতিকে উৎসাহিত হৈ পৰা নগঞা ৰাইজৰ মাজত স্বাভাবিকতেই উছাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে ৷ =================
Comments
Post a Comment