কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে পৰিদৰ্শন কৰিলে ৰঙিয়াত নিৰ্মিয়মান ই.ভি.এম আৰু ভি.ভি.পেট. মেশ্যিনৰ পণ্যাগাৰ
প্ৰতিবেদক, ৰঙিয়া ,২৩ জুন: কাৰ্য্যভাৰ গ্ৰহণৰ পিছত পোন প্ৰথম বাৰৰ ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয় প্ৰাঙ্গণত পদাৰ্পণ কৰা কামৰূপ জিলাৰ নৱনিযুক্ত উপায়ুক্ত কৈলাশ কাৰ্তিক এনক আজি ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে শৰাই, গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । চৰকাৰী উন্নয়নমূলক কাম-কাজৰ লগতে বিভাগীয় বিভিন্ন দিশৰ বুজ লোৱাৰ নিমিত্তে মহকুমাটোত উপস্থিত হোৱা উপায়ুক্ত কাৰ্তিক এনে মহকুমা প্ৰশাসনৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হৈ ৰঙিয়া মহকুমাৰ মহকুমাধিপতি পদত তেখেতে সম্পাদন কৰা প্ৰায় এবছৰীয়া কাৰ্যকালৰ স্মৃতি ৰোমন্থন কৰে । উল্লেখ্য যে, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আজি ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰক লগত লৈ ৰঙিয়া নিৰ্বাচন জিলাত ই. ভি. এম. আৰু ভি. ভি. পেট. মেশ্যিন সমূহৰ যথোচিত সংৰক্ষণৰ বাবে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰাঙ্গণত নিৰ্মিয়মান প্ৰায় ২ কোটি ১৮ লাখ টকা ব্যয় সাপেক্ষ পণ্যাগাৰটোৰ নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কৰে । উপায়ুক্ত গৰাকীৰ এই পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ সৈতে উপস্থিত আছিল ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত নিৰ্বাচন বিষয়া অপ্ৰতীম গোস্বামী, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা আৰু মহকুমা গড়কাপ্তানি (গৃহ) বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা বিভূতি ৰঞ্জন দাস, কনিষ্ঠ অভিযন্তা গিৰীন্দ্ৰ ঠাকুৰীয়া প্ৰমুখ্যে মহকুমা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰীসকল । প্ৰণিধানযোগ্য যে, মেচাৰ্চ আনচাৰি এণ্ড কোম্পানী নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ২০১৮ বৰ্ষৰ পৰা চলাই থকা এই পণ্যাগাৰটোৰ নিৰ্মাণকাৰ্য্য লক্ ডাউনৰ পৰিপ্ৰেক্ষিতত কিছুদিন স্তিমিত হৈছিল যদিও বৰ্তমান পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে নিৰ্মাণৰ কাম । আজিৰ এই পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীয়ে নিৰ্মিয়মান পণ্যাগাৰটোৰ ভূমি মহলা আৰু প্ৰথম মহলাত সোঁশৰীৰেৰে প্ৰৱেশ কৰি প্ৰতিটো খোটালি , পাইলৰ খুটা, বেৰৰ ইটা-বালি -চিমেণ্ট-ৰ'ড আদি পুংখানুপুংখভাৱে পৰ্য্যবেক্ষণ কৰি ৰঙিয়া মহকুমাৰ গড়কাপ্তানি (গৃহ ) বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তাৰ পৰা যাবতীয় খতিয়ান লয় । ইয়াৰ পিছত উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ৰঙিয়া আৰু কঞাঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্য্যালয়ত উপস্থিত হৈ চৰকাৰী কাম-কাজৰ লগতে ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৱলীৰ ওপৰত চক্ৰ বিষয়াদ্বয় ক্ৰমে মনালী জৈন আৰু মনিকংকণা ভট্টাচাৰ্য্যৰ সৈতে আলোচনা কৰে । উপায়ুক্ত গৰাকীয়ে চক্ৰ বিষয়া কাৰ্য্যালয় দুটাৰ কৰ্মচাৰী সকলৰ অভাব-অভিযোগৰো বুজ লয় ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment