মাজুলীত পুনৰ এজন দেহত চিনাক্ত ক'ভিড-১৯

মাজুলীত ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা ২১লৈ বৃদ্ধি:

পৰাণজ্যোতি বৰা, মাজুলী, ২৪ জুন:

  মাজুলী জিলাত ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা ২১গৰাকীলৈ বৃদ্ধি ঘটিল। আজি নদীদ্বীপ জিলাখনৰ আন এগৰাকী বহিঃৰাজ্য ফেৰত যুৱকৰ শৰীৰত ন'ভেল ক'ৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। শেহতীয়াকৈ আন ৰাজ্যৰ পৰা গৃহজিলালৈ উভটি অহা মাজুলীৰ ডাম্বুকিয়াল গাঁৱৰ ২৪ বছৰীয়া যুৱক ব্ৰজেন টাইডৰ শ্বুৱাব পৰীক্ষাৰ ফলাফল আজি প'জিটিভ ঘোষণা কৰে যোৰহাটৰ চিএছআইআৰ-এনইআইএছটি পৰীক্ষাগাৰে। বহিঃৰাজ্যৰ পৰা অহাৰ পাছৰে পৰা মাজুলী জিলা প্ৰশাসনে কুৱাৰেণ্টিন কেন্দ্ৰ হিচাপে সূচিত কৰা গড়মূৰৰ এক ব্যক্তিগত অতিথিশালাত প্ৰতিষ্ঠানিক কুৱাৰেণ্টিনত আছিল যুৱকজন। ইতিমধ্যে তেওঁৰ শ্বুৱাব পৰীক্ষাত ক'ভিড-১৯ সংক্ৰমিত হিচাপে চিনাক্ত হোৱাৰ পাছতে আজি দুপৰীয়া জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে তেওঁক গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী মহকুমা অসামৰিক চিকিৎসালয়ৰ আছুতীয়া ক'ভিড-১৯ ৱাৰ্ডত চিকিৎসাৰ বাবে ভৰ্তি কৰায়। উল্লেখ্য যে, ব্ৰজেন টাইডৰ পূৰ্বে বহিঃৰাজ্যৰ পৰা উভটি অহা মাজুলীৰ আন ২০গৰাকী লোক ক'ভিড-১৯ আক্ৰান্ত হিচাপে চিনাক্ত হৈছে। জিলাখনৰ এই ক'ভিড-১৯ সংক্ৰমিত সকলৰ মাজৰে ১১গৰাকী ইতিমধ্যে সম্পূৰ্ণ সুস্থ হৈ উঠাৰ লগতে চিকিৎসালয়ৰ পৰা নিজৰ গৃহলৈ ঘূৰি গৈছে। বৰ্তমান মাজুলীৰ আন দহগৰাকী লোক এই অতিমাৰীত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ মাজৰে ৬ গৰাকী গড়মূৰৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত আৰু আন চাৰিগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি হৈ আছে।

পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা