নগাঁৱত কৰ’না প্ৰতিৰোধমূলক সজাগতা অভিযান

 নগাঁৱত কৰ’না প্ৰতিৰোধমূলক সজাগতা অভিযান #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুনঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে  চৰকাৰ, প্ৰশাসন তথা স্বাস্থ্য বিভাগে দিন-ৰাতি একাকাৰ কৰি অহৰহ চেষ্টা অব্যাহত ৰাখিছে । এই সংকটৰ সময়ত আৰক্ষীৰ লোক, চিকিৎসক, স্বাস্থ্য কৰ্মী, আশা কৰ্মী তথা জৰুৰী কালীন সেৱাত জড়িত লোকসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰ’নাৰ বিৰুদ্ধে যুঁজ দি আহিছে ৷ ইতিমধ্যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো কৰ’নাত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ৷ জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যাই পাঁচশ অতিক্ৰম কৰাত সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷ সেয়ে এনে সংকটৰ সময়ত নগাঁও জিলা প্ৰশাসনে কৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰহণ কৰিছে বিশেষ প্ৰতিৰোধমূলক সজাগতা অভিযান ৷ ইয়াৰ অংশহিচাপে সোমবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ সহযোগত নগাঁৱত ক’ভিড -১৯ প্ৰতিৰোধমূলক সজাগতা অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয় । অভিযানত কালত আমছু কৰ্মী সকলে জিলা প্ৰশাসনৰ লগত দৰিদ্ৰ লোকৰ মাজত মাস্ক বিতৰণ কৰাৰ লগতে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা, স্বাস্থ্য বিভাগে জাৰি কৰা সকলো নীতি - নিৰ্দেশনা মানি চলা, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে গ্ৰাহকৰ বাবে হাত ধোৱা সামগ্ৰী অথবা ছেনিটাইজাৰ মজুত ৰখা তথা চৰকাৰ-প্ৰশাসনে ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা নীতি-নিৰ্দেশনা সমূহৰ বিষয় সন্দৰ্ভত ৰাইজক সজাগ কৰে ৷ এই কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ, নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিম, সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইনৰ লগতে শতাধিক আমছুৰ কৰ্মীয়ে অংশগ্ৰহন কৰে।
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা