বঙাইগাঁৱত আই নদীৰ বান গৰাখহনীয়াঃ সৃজনগ্ৰাম ৰাজহ চক্রৰ কেবাটাও পৰিয়ালৰ ভেটি উছন
বঙাইগাঁওঃ ২৭ জুনঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত সৃজনগ্ৰাম ৰাজহ চক্র এলেকাত আই নদীৰ বাঢ়নী পানীয়ে কাছাৰিপেটি, নাৰাৰভিটা, সন্তোষপুৰ, ডুমেৰগুৰি,টোপগাঁও আদিকে ধৰি দহখন গাঁৱৰ ঠাই বিশেষে বাঢ়নী পানীয়ে জলমগ্ন কৰিছে। সেইদৰে আই নদীৰ বাঢ়নী পানীৰ সোঁতে ঠাইয়ে ঠাইয়ে সৃষ্টি কৰিছে গৰাখহনীয়াৰ। প্ৰাপ্ত বাতৰি মতে আই নদীৰ বাঢ়নী পানীয়ে সৃজনগ্ৰাম ৰাজহ চক্রৰ কাছাৰিপেটি দ্বিতীয় খণ্ডৰ আব্দুল আৱাল,আজিম উদ্দিন, ছাইফুল ইছলাম, আব্দুল মান্নানৰ দুটা পৰিয়ালৰ ভেটি মাটি খহনীয়াই উছন কৰিছে। লগতে নদীৰ খহনীয়াত আন ছটা পৰিয়ালৰ গৃহ জাহ যোৱাৰ উপক্রম হৈছে। আনহাতে মেৰেৰচৰ গাঁও পঞ্চায়ত এলেকাতো আই নদীৰ খহনীয়া আৰম্ভ হৈছে। মূৰৰ ঘাম মাটিত পেলাই ধান, মৰাপাট আদি খেতি কৰা কৃষকৰ আবাদী মাটি নদীত জাহ যোৱাৰ উপক্রম হৈছে।
Comments
Post a Comment