শিৱসাগৰ নগৰৰ গোহাঁইচুক ঘোষণা জিলা স্বাস্থ্য বিভাগৰ
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ,২৮ জুন : শিৱসাগৰ নগৰৰ গোহাঁইচুকৰ সূৰ্যলতা গগৈ (৫৮) বছৰীয়া এগৰাকী বৃদ্ধ মহিলা যোৱা নিশা Covid পজিটিভ পোৱা গৈছে বুলি স্বাস্থ্য বিভাগৰ তৰফে জানিব পৰা যায় ৷ ২২ জুনত তেখেতৰ স্বাৱ চেম্পল লোৱা হৈছিল পৰীক্ষাৰ বাবে ৷ তেখেত বয়সস্থ হোৱাৰ বাবে ঘৰতেই কুৱাৰেনটাইন কৰা হৈছিল ৷ দিল্লীত থকা পুতেকৰ লগত আছিল | ভয় নাখাব তেখেত দিল্লীৰ পৰা আহিছিল | দিল্লীৰ পৰা অহাৰ পিছত বৃদ্ধ হোৱাৰ বাবে ঘৰতেই কুৱাৰেনটাইন কৰিছিল ৷ যোৱা নিশা তেখেতৰ স্বাৱ পৰীক্ষাৰ ফলাফলত Covid পজিটিভ পোৱাত তেখেতক যোৱা নিশাই চিকিৎসালয়লৈ নিয়া হয় ৷ আনহাতে শিৱসাগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে অঞ্চলটোৰ সকলো লোকৰে স্বাৱ টেষ্ট কৰাৰ লগতে তেখেতৰ বাসগৃহ আৰু অঞ্চলটোকে কনটেইনমেন্ট স্থান হিচাপে ঘোষণা কৰি সতৰ্কতাৰে সজাগ কৰা হয়।
Comments
Post a Comment