কৃষ্ণাইত টুলুঙা নাৱেৰে ভয়ংকৰ যাত্ৰাঃপৰিৰ্ৱতনৰ বতাহে স্পৰ্শ নকৰা অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত হাহাকাৰ
পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন চৰকাৰ খনে পাচঁ টা বছৰ অতিক্ৰম কৰিবৰ হ’ল ৷ পিছে আজিও ৰাজ্যখনৰ বহু অঞ্চলত প্ৰভাৱ পৰা দেখা নগ’ল চৰকাৰৰ পৰিৱৰ্তনৰ ঢৌৰ ৷ তাৰ জ্বলন্ত উদাহৰণ গোৱালপাৰা জিলা ৷ চৰকাৰ খনৰ পৰিৰ্ৱতনৰ বতাহ জাকে এতিয়াও স্পৰ্শ কৰিব পৰা নাই জিলাখনৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী বহু অঞ্চল ৷ তেনেকুৱা এটা অঞ্চল অসম-মেঘালয় সীমান্তৱৰ্তী জিৰা-তৰেংথপ ৷ মাত্ৰ এখন দলঙৰ সপোন দেখিয়ে বছৰৰ পিছত বছৰ অতিবাহিত কৰিলে জিৰা,তৰেংথপ,
পুঠিমাৰী, খাৰদাং আদিকে ধৰি বহু অঞ্চলৰ লোকে ৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত মাথোঁ প্ৰতিশ্ৰুতিৰ বাহিৰে একোকে পাবলৈ সক্ষম নহ’ল এই সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে ৷ জিৰা-তৰেংথপৰ ৰাইজে বিজেপি চৰকাৰৰ দিনত কিছু পৰিৰ্ৱতনৰ আশা কৰিছিল যদিও সেৱাও ফুটুকাৰফেনত পৰিণত হ’ল ৷ আজিও এখন দলং নহ’ল জিৰা-তৰেংথপৰ মাজেৰে বৈ যোৱা কৃষ্ণাই নৈৰ ওপৰত ৷ বিগত দিনবোৰৰ দৰে এতিয়াও এখন টুলুঙা নাৱেৰে ৰাইজে অব্যাহত ৰাখিছে যাতায়ত ৷ যাত্ৰা অতি বিপদ সংকুল যদিও নিৰুপায় অঞ্চলবাসী ৰাইজ ৷ বিকল্প কোনো পথ নথকাত প্ৰতিটো দিনে এনেদৰে মৰনত শৰণ দি নৈৰ বুকু ফালি যাত্ৰা কৰে অঞ্চলটোৰ সহস্ৰাধিক লোকে ৷ কাৰণ জিৰা-তৰেংথপ অঞ্চলৰ মাজত নৈৰ বুকুৰে দূৰত্ব মাত্ৰ এক-ডেৰ কিলোমিটাৰ ৷ পিছে নৈ পাৰ নহৈ স্থল পথেৰে তৰেংথপৰ পৰা জিৰা অঞ্চললৈ যাবলৈ কৃষ্ণাই বজাৰ হৈ প্ৰায় পঁচিশ কিলোমিটাৰ পথ বাটকুৰি বাবে লাগে ৷ যাৰ বাবে ৰাইজে সময় ৰাহি কৰিবলৈ কিছু কষ্টকৈ হ’লেও এইদৰে নাওৰে যাতায়াত কৰি আহিছে ৷ খৰালি কালত ৰাইজে গাঁঠিৰ ধন ভাঙি কাঠ-বাঁহৰ দলং সাজি লয় যদিও বাৰিষা নৈৰ প্ৰৱল সোঁতে সেই অস্থায়ী দলং উটুৱাই নিয়াত টুলুঙা নাৱে ৰাইজৰ একমাত্ৰ সম্বল হৈ পৰে ৷ অকল সাধাৰণ ৰাইজেই নহয়, ছাত্ৰ ছাত্ৰী সকলেও এই পথেৰে আহ-যাহ কৰে প্ৰতিদিন ৷ বৰ্ততমান স্কুল-কলেজ সমূহ বন্ধ যদিও পাঠদান চলা কালত অঞ্চলটোৰ কেইবা শতাধিক ছাত্ৰছাত্ৰীয়ে এই বিপদ সংকুলতাৰ মাজেৰেই গ্ৰহণ কৰে শিক্ষা ৷ জিলা খনৰ দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত এই বৃহৎ অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে স্থানীয় বিধায়ক জনক
বহু আবেদন-নিবেদন কৰিলে যদিও একো কামত নাহিল ৷ এতিয়াও নাৱেই ভৰষা ৰাইজৰ ৷ আজিও নাৱেৰে নৈ পাৰ হ’বলৈ এবাৰত এজনে আদায় দিব লাগে দহ টকা ৷ ছাত্ৰ-ছাত্ৰী সকলো ইয়াৰ ব্যতিক্ৰম নহয় ৷ দীৰ্ঘ দিন সৰ্বদিশতে বঞ্চিত জিৰা-তৰেংথপৰ ৰাইজে আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ সময়ত এই বঞ্চনাৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে ৷ ৰাইজৰ দাবী আমাক এখন দলং দিয়ক,তাৰ পিছত ভোট বিচাৰক ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Repprt
Comments
Post a Comment