মুখ্যমন্ত্ৰীলৈ চি পি আই ( এম) ৰ চাৰিদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ

বঙাইগাঁওঃ ২২ জুনঃ চি পি আই ( এম) ৰ বঙাইগাঁও আঞ্চলিক সমিতিয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন চাৰি দফীয়া সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত চি পি আই ( এম )ৰ বঙাইগাঁও আঞ্চলিক সমিতিয়ে আয়কৰৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক কমপক্ষে তিনি মাহলৈকে প্ৰতি মাহে ৭,৫০০ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে আদায় দিয়া, আয়কৰৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক জনমূৰি মাহিলি ১০ কিলোকৈ চাউল, আটা, চেনি ,নিমখ ,দাইল ,মিঠাতেল আদি  অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ৬ মাহলৈকে যোগান ধৰা , শ্ৰম আইন সংস্কাৰৰ নামত শ্ৰমিকৰ কামৰ সময় ১২ ঘণ্টালৈকে বৃদ্ধি কৰা অসম চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ লগতে চৰকাৰী- বেচৰকাৰী শ্ৰমিক - কৰ্মচাৰীৰ দা- দৰমহা নিয়মিতভাৱে আদায় দিয়া আৰু পি এম কিষাণ আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতি,অনিয়ম বন্ধ কৰা আৰু পঞ্চায়ত ভিত্তিত হিতাধিকাৰীসকলৰ তালিকাৰ পৰা অযোগ্যসকলৰ নাম বাদ দি যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰি নতুন তালিকা প্ৰস্তুত কৰাৰ দাবী জনায় ৷ উল্লেখ্য যে আঞ্চলিক সমিতিয়ে স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে কোৰোনা ভাইৰাছৰ ব্যাপক সংক্ৰমণ আৰু তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে জাৰি কৰা লকডাইনৰ ফলত দেশৰ অৰ্থনীতি সাংঘাতিকভাৱে বিপৰ্যস্ত হৈছে ৷ অৰ্থনৈতিক বিৰ্যয়ৰ ফলত দৰিদ্ৰ ,নিম্ন মধ্যবিত্ত ,ক্ষুদ্ৰ ব্যৱসায়ী আৰু দৈনন্দিন আয়ৰ ওপৰত নিৰ্ভশীল লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷ অসমতো লাখ লাখ লোক সম্পূৰ্ণ আয়হীন হৈ পৰিছে অথবা তেওঁলোকৰ আয় একেবাৰে কমি গৈছে ৷ এনে অৱস্থাত ন্যূন্যতম প্ৰয়োজনীয় খাদ্য আৰু নগদ ধনৰ ব্যৱস্থা কৰাটো অত্যন্ত প্ৰয়োজন ৷ চৰকাৰে যিবোৰ আঁচনি ঘোষণা আৰু ৰূপায়ণ কৰিছে সেইবিলাকৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি আৰু অনিয়ম পৰিলক্ষিত হৈছে ৷ বিশেষকৈ পি এম কিষাণ আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰতো বহুতো উপযুক্ত আৰু অভাৱী কৃষক বাদ পিৰছে আৰু অযোগ্য লোক তালিকাভুক্ত হৈছে ৷ তদপৰি লকডাউনৰ আলমত শ্ৰম - সংস্কাৰৰ নামত যিবোৰ অগণতান্ত্ৰিক আৰু শ্ৰমিক বিৰোধী নিয়ম - কানুন প্ৰৱৰ্তন কৰা হৈছে সেয়া অন্তন্ত উদ্বেগজনক ৷ সেয়ে ওপৰোক্ত চাৰিদফীয়া দাবী জৰুৰীভাৱে পূৰণ কৰা উচিত বুলি উল্লেখ কৰি দাবীকেইটা পূৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যন্ত্ৰীগৰাকীয়ে উদ্যোগ ল'ব বুলিও আশা কৰা বুলি আঞ্চলিক সমিতিয়ে উল্লেখ কৰিছে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা