নলবাৰীৰ বাঁহজানীৰ মিলনবজাৰত বীৰ শ্বহীদক ৰাজহুৱা স্মৰণ
নলবাৰী জিলাৰ মধ্য বাঁহজানীৰ মিলনবজাৰত শুকুৰবাৰে দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদ সকলক ৰাজহুৱাভাৱে স্মৰণ কৰা হয়। মধ্য বাঁহজানী বিজেপিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত স্থানীয় বিধায়ক অশোক শৰ্মা, জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, পঞ্চায়ত সভানেত্ৰী জোনমণি বৈশ্য তালুকদাৰ, আঞ্চলিক সদস্য জয়দেৱ দাস, বিজেপি নেতা নৱীন চন্দ্ৰ চৌধুৰী, প্ৰতুল কলিতা, বিনোদ তালুকদাৰ, খগেন ডেকা,
অজিত ডেকা, তালুকদাৰ, অঞ্জন শৰ্মা, নিহাৰ ভৰালী, হীৰকজ্যোতি দাস, গৌতম ডেকা, প্ৰাণজিৎ ডেকা,
কোকিল দত্ত, কোপিল দেৱ তালুকদাৰ সহ শতাধিক ৰাইজ উপস্থিত থাকি বীৰ শ্বহীদ সকলৰ স্মৃতিত এক মিনিত সময় মৌন প্ৰাৰ্থনা কৰি প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন, ধূপ ধূনা দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিধায়ক শৰ্মাই কয় যে দেশৰ বাবে আত্মবলিদান দিয়া শ্বহীদসকল দেশৰ প্ৰতিগৰাকী নাগৰিকৰ গৌৰৱ। কিন্তু এচাম তথাকথিত দল সংগঠনৰ নেতাই বিভিন্ন দিশেৰে তেওঁলোকক তাচ্চিল্য কৰা দেখা গৈছে। সেয়া অনুচিত। ভাৰতমাতাৰ খাই লৈ বিদেশী ৰাষ্ট্ৰৰ জয় গোৱাসকল দেশৰ ভয়ানক শত্ৰু। বৰ্তমান সময় সকলো স্তৰৰ ৰাইজ ঐক্যবদ্ধ হোৱাৰ সময় হে বুলিও বিধায়কগৰাকীয়ে দোহাৰে।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment