বজালীত কৃষি বিষয়ক চাৰিদিনীয়া বৃত্তিমুখী কৰ্মশালা সম্পন্ন
সঞ্জীৱ দাস, ভৱানীপুৰ,২৬ জুনঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বৰপেটা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জালিখাট গাঁৱৰ কুঁৱলী দুগ্ধ উৎপাদন সমবায় সমিতিৰ সহযোগত যোৱা ২৩ জুনৰ পৰা বজালী মহকুমাৰ অন্তৰ্গত জালিখাটা গাঁৱত সামাজিক ব্যৱধান মানি চলি অনুষ্ঠিত হোৱা চাৰিদিনীয়া কৃষি বিষয়ক বৃত্তিমুখী প্ৰশিক্ষণ আৰু কৰ্মশালাখনৰ আজি সফল সমাপ্তি ঘটে। ২৩ জুনত শুভাৰম্ভ হোৱা এই কৰ্মশালাখন মুকলি কৰে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° অৰূপ কুমাৰ ডেকাই। উক্ত প্ৰশিক্ষণ আৰু কৰ্মশালাখনত ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ জেষ্ঠ বিষয়া পংকজ কুমাৰ দাসে কৃষি বিজ্ঞান কেন্দ্ৰ অথবা বেংকৰ জৰিয়তে কৃষক ৰাইজে পাবলগীয়া সুযোগ-সুবিধাসমূহৰ ওপৰত বিতংকৈ বৰ্ণনা কৰে। সংহত কৃষি পাম পদ্ধতি (Integrated Farming System) বিষয়ক কৰ্মশালাখনত জিলাখনৰ শস্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি বৃহত্তৰ দক্ষিণ বজালী অঞ্চলৰ কৃষক ৰাইজক কৃষি সম্পৰ্কীয় উৎপাদনক্ষম পদ্ধতিৰে খেতি কৰিবলৈ বিভিন্ন কাৰিকৰী আৰু ব্যৱহাৰিক পৰামৰ্শ প্ৰদান কৰে। ২৪ জুন তাৰিখে পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘৰ সহযোগত বিজ্ঞানসন্মত খাদ্য সংৰক্ষণ ব্যৱস্থাৱলীৰ ওপৰত আলোচনা হয়। ২৫ জুনত মাচৰুম বিশেষজ্ঞ কুলদীপ তালুকদাৰৰ তত্বাৱধানত মাচৰুমৰ চিনাক্তকৰণ, উৎপাদন আৰু বজাৰকৰণৰ ওপৰত বিষদভাৱে আলোকপাতেৰে উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। কৰ্মশালাখনৰ অন্তিম দিনা কৃষিকৰ্মত পেট্ৰলিয়ামজাত যন্ত্ৰ-পাতিৰ ব্যৱহাৰ আৰু সংৰক্ষণমূলক ব্যৱস্থাৰ ওপৰত বিশেষজ্ঞ চিন্তু বৰ্মন আৰু উদ্যান শস্যৰ খেতি প্ৰণালীৰ ওপৰত বিশেষজ্ঞা লিপিকা নাথে ব্যক্তব্য ৰাখে। উল্লেখ্য যে, কৰ্মশালাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে কুঁৱলী দুগ্ধ উৎপাদন সমবায় সমিতিৰ সভাপতি অচ্যুতানন্দ কলিতা আৰু সাধাৰণ সম্পাদক হিমাংশু ঠাকুৰীয়াৰ প্ৰতি শলাগ লয় উদ্যোক্তা তথা বেংক বিষয়া পংকজ কুমাৰ দাসে লগতে দাসে এই চাৰিদিনীয়া কৰ্মশালাখনে বৃহত্তৰ জালিখাটা অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি আশা কৰিছে।
Comments
Post a Comment