বৰপেটাত সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

কৰ্তব্যত গফিলতি কৰা বিষয়া-কৰ্মচাৰী, কৰ্মীক ৰেহাই দিয়া নহব*।                      

বৰপেটা, ২ জুন: ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম‌ই শিশু আৰু প্ৰসূতি মহিলা সকলৰ মাজত বিভাগৰ দ্বাৰা দিবলগীয়া খাদ্য সামগ্ৰী সমূহৰ বিতৰণত হীন-দেৰি কৰা সকলক ৰেহাই দিয়া নহব বুলি পুণৰ বাৰ সকীয়াই দিছে। বৰপেটা জিলাৰ একাংশ অংগনবাড়ী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ বুজ লবলৈ আজি ততাতৈয়াকৈ বৰপেটাত আহি উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে এখন পৰ্যালোচনা সভাত অংশলৈ 
এইদৰে কয়। সভাত তেওঁ সংহত শিশু বিকাশ প্ৰকল্প বিষয়া সকলৰ উপৰি অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলক এই কাম চাকৰি হিচাপে নলৈ সমাজৰ সেৱা হিচাবে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত গফিলতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব বুলি তেওঁ সকলোকে স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে, লক ডাউনৰ সময়ত বিপৰ্যস্ত হোৱা শিশু আৰু প্ৰসূতি সকলক ঘৰে ঘৰে গৈ খাদ্য বিতৰণৰ বাবে নিৰ্দেশ দিয়া হৈছিল। বহুতে এই কাম ভালদৰে কৰিছে যদিও কিছুমানে কৰা নাই বুলি অভিযোগ পোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।   তেওঁ বিভাগটোক ৰাইজৰ সেৱাত, দুখীয়া পৰিয়ালৰ লোক সকলৰ শিশু-মাতৃসকলৰ পৰিপুষ্টি আৰু শিক্ষা লাভত আত্মনিয়োগ কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ সকলোকে আহ্বান জনায়। ব্ৰহ্মৰ সৈতে এই ভ্ৰমণত সমাজ কল্যাণ বিভাগৰ সঞ্চালক দেবলীনা দেবীয়েও সংগ দিয়ে। উল্লেখযোগ্য যে বাঘবৰ সমষ্টিৰ মন্দিয়াৰ এটা অঙ্গনবাড়ী কেন্দ্ৰত সমিতি গঠন আৰু খাদ্য বিতৰণক কেন্দ্ৰ কৰি কালি একাংশ লোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা ঘটনাত উদ্বীগ্ন হৈ মন্ত্ৰী গৰাকীয়ে আজি ততাতৈয়াকৈ বৰপেটালৈ আহি ঘটনাৰ বুজ লয় গোটেই ঘটনাটোত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে।   সভাত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সোণাশ্ৰী ব্ৰহ্ম উপৰি সকলো সংহত শিশু বিকাশ প্ৰকল্প বিষয়া আৰু অঙ্গনবাড়ী কেন্দ্ৰৰ মুখ্য সহায়িকা সকলো উপস্থিত থাকে।

বৰপেটাৰ পৰা কঞ্জল দাসৰ ৰিপৰ্ট , ফাৰ্ষ্ট নিউজ।

Comments

  1. সমাজ কল্যাণ বিভাগৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়ক।

    ReplyDelete
  2. নতুন সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে এতিয়ালৈ কোনো ধৰণৰ কাম কৰা দেখা নাই।।

    ReplyDelete

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা