ৰঙিয়াত হৰদত্ত বীৰদত্ত ফুটবল : বৰমাৰ উদাংশ্ৰী ক্লাৱ আৰু গোৰেশ্বৰৰ গাট্ছা ফাইনেলত

প্ৰতিবেদক, ৰঙিয়া ,৩১ অক্টোবৰঃ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি অনুষ্ঠিত হোৱা হৰদত্ত বীৰদত্ত সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চেমি ফাইনেল খেল দুখনত গোৰেশ্বৰ আঞ্চলিক ট্ৰাইবেল সংঘ(গাট্ছা) আৰু বৰমাৰ উদাংশ্ৰী ক্লাৱে বিজয় সাব্যস্ত কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে ৷ চাৰিটা দলেৰে অনুষ্ঠিত প্ৰতিযোগিতা খনৰ প্ৰথম চেমি ফাইনেলত গাট্ছাই ট্ৰাইবেকাৰৰ সহায়ত গুৱাহাটী চিটি এফ চি দলক ৫-৩ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ইয়াৰ পূৰ্বে খেলখন ১-১ গ’লত অমীমাংসিত হৈ ৰৈছিল ৷ আনহাতে দ্বিতীয়খন চেমি ফাইনেলত বৰমাৰ উদাংশ্ৰী ক্লাবে কেতেকীবাৰী জ্ঞানদা সংঘক ৪-১ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ইয়াৰ পূৰ্বে আজি দুয়োখন চেমি ফাইনেল খেল উদ্বোধন কৰে ক্ৰমে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে ৷ খেলৰ প্ৰাকমুহূৰ্তত ৰঙিয়াৰ বিভিন্ন খেলৰ সৈতে জড়িত ১০ গৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় ৷ তেওঁলোক ক্ৰমে দিগেন কলিতা(ফুটবল), ৰমণী দাস(ফুটবল), নগেন কলিতা (ফুটবল), ধনেশ্বৰ কলিতা (ফুটবল),ৰঞ্জিত ডেকা(ভলীবল), ৰঞ্জিত দত্ত(ক্ৰিকেট),আৰিয়ান কাশ্যপ(ক্ৰিকেট), ৰুবুল দেৱ...