Posts

Showing posts from August, 2021

শিলচৰস্থিত "অসম বিশ্ববিদ্যালয়"ত শীৰ্ষস্থান বোকাখাতৰ জীয়ৰী "লুহিতা"ৰ

Image
"লুহিতা"ৰ কৃতিত্বত গৌৰৱান্বিত বোকাখাতবাসী বোকাখাতৰ পৰা পলিমা বি চেতিয়া , ৩১ আগষ্ট : বোকাখাতৰ এগৰাকী চাহ জনজাতিৰ ছাত্ৰীৰ বিশেষ সফলতাত  আনন্দৰ বন্যা বৈছে অঞ্চলটোত । অসমীয়া বিভাগত শীৰ্ষস্থান দখলেৰে অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে বোকাখাতৰ "লুহিতা নায়কে"। বোকাখাতৰ বৰচাপৰি চাহ বাগিছাৰ অন্তৰ্গত পিতৃ "মানা নায়ক "আৰু মাতৃ- "সুমিত্ৰা নায়ক"ৰ প্ৰথম সন্তান  লুহিতা নায়কে শিলচৰস্থিত "অসম বিশ্ববিদ্যালয়"ৰ ডিফু কেম্পাচৰ পৰা অসমীয়া বিভাগত সৰ্ব্বোচ্ছ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰে। উল্লেখযোগ্য যে চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ সন্তান লুহিতাই বোকাখাতৰ বৰচাপৰি চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছিল শৈক্ষিক যাত্ৰা।পৰৱৰ্তী সময়ত কুৰুৱাবাহী ৰাজগড় মধ্য ইংৰাজী বিদ্যালয় আৰু ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত নাম ভৰ্ত্তিৰ সুযোগ লাভ কৰিছিল। ইফালে চাহ বাগিছাৰ শ্ৰমিক তথা দৰিদ্ৰ পিতৃ-...

বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা পানী যোগান আঁচনিৰ শুভ উদ্বোধন

Image
বোকাখাতৰ পৰা পলিমা বি চেতিয়া ,৩১ আগষ্ট: অসম চৰকাৰৰ কৃষি, পশুপালন ও পশু চিকিৎসা আদি বিভাগৰ মাননীয় মন্ত্রী তথা বোকাখাত বিধানসভা  সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰাদেৱে আজি জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনৰ  জল জীৱন মিছনৰ পুনৰ সংযোজিত আচঁনিৰ অধীনত   ম'হমাইকী পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে  বোকাখাত সমষ্টিতো আজি বোকাখাত জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনত জল জীৱন মিছনৰ ৬ টাকৈ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়। ইয়াৰে ম'হমাইকী গাওঁ পঞ্চায়তত ৩ টা, মধ্য কাজিৰঙা, পূব কাজিৰঙা তথা উত্তৰ-পূৱ কাজিৰঙা গাওঁপঞ্চায়তত একোটাকৈ মুঠ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়। বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে  মহকুমাটোৰ আন ৫ টা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। জল জীৱন মিছনৰ অধীনত ম'হমাইকী গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা ৩ টাকৈ পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ৪৮৪ ঘৰত, মধ্য কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ২২৮ঘৰত, পূব কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়...

চৰকাৰী চাকৰিয়াল তথা বাৰ্ষিক এক লাখ টকা আয় কৰা লোকক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান গোৱালপাৰা জিলা প্ৰশাসনৰ

Image
ৰেচন কাৰ্ড সন্দৰ্ভত গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ ঘোষণা ৷ যিসকল লোকৰ বাৰ্ষিক আয় এক লাখৰ অধিক আৰু যিসকল লোকৰ চৰকাৰী চাকৰি আছে তেওঁলোকক শীঘ্ৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান জিলা প্ৰশাসনৰ ৷ আজি কৃষ্ণাই বজাৰত মাইকিঙৰ জৰিয়তে কৰা এক ঘোষনা অনুসৰি যিসকল লোক চৰকাৰী পেঞ্চনধাৰী বা ব্যক্তিগত চাৰি চকীয়া বাহনৰ মালিক তেওঁলোকেও ওভতাই দিব লাগিব ৰেচন কাৰ্ড ৷ জিলা প্ৰশাসনে আগন্তুক ১৫ চেপ্তেম্বৰৰ ভিতৰত জিলা উপায়ুক্ত কাৰ্যালয়ত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত স্বেচ্ছাই জমা দিবলৈ আহ্বান জনাইছে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

অলিম্পিক পদক বিজয়ী লাভলীনাক বিশেষ সম্বৰ্ধনা কৰ্মচাৰী পৰিষদৰ

Image
# অলিম্পিক পদক বিজয়ী লাভলীনাক বিশেষ সম্বৰ্ধনা কৰ্মচাৰী পৰিষদৰ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ আগষ্টঃ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা সদ্য সমাপ্ত টকিঅ' অলিম্পিকৰ বক্সিং ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আজুৰি আনি অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঞিক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ৷ এই মৰ্মে, গুৱাহাটীৰ পল্টল বজাৰস্থিত ছাই ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অলিম্পিক পদক বিজয়ী লাভলীনাক পৰিষদৰ হৈ সভাপতি প্ৰদীপ দত্ত, উপ সভাপতি দ্বীপেন শৰ্মা, ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাস, অন্যতম যুটীয়া সম্পাদক ৰুহুল আমিন, কোষাধ্যক্ষ অৰবিন্দ দাস আৰু কাৰ্যনিৰ্বাহকৰ সদস্য বুবুল বৰাই এনে ঈষণীয় সফলতাৰ বাবে শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তদুপৰি উক্ত অনুষ্ঠানতে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গকো সম্বৰ্ধনা জনাই পৰিষদৰ বিষয়-ববীয়াসকলে ৷

চোৰাং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ অভিযান অব্যাহতঃআজি পুণঃ জব্দ এক গাড়ী ফলা কাঠ

Image
গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে  ৷ আজিও ৰাতিপুৱাৰে পৰা চলে তীব্ৰ অভিযান ৷ এই অভিযান কালত বন বিভাগে বুজুৰুক মাণিকপুৰ এলেকাৰ পৰা জব্দ কৰে এগাড়ী ফলা কাঠ ৷ জব্দ কৃত গাড়ী খনৰ পঞ্জীয়ন নম্বৰ এ এছ ০১ ডি ডি ৫৯২৭ ৷ উল্লেখ্য যে শিৱাণী পেগু দলে কৃষ্ণাই আঞ্চলিক বন বিভাগত বন বিষয়াৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিষয়া গৰাকীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ধাৰবাহিক ভাৱে অভিযান চলাই আহিছে ৷ এই অভিযান কালত ইতিমধ্যে জব্দ হৈছে বহু অবৈধ কাঠ ফলা মিল তথা মূল্যবান কাঠৰ কুণ্ডা ৷ আজিও জব্দ কৰে প্ৰায় চল্লিশ হেজাৰ টকা মূল্যৰ এগাড়ী ফলা কাঠ ৷ এই সন্দৰ্ভত বন বিষয়া গৰাকীৰ পৰা জানিব বিচৰাত তেওঁ কয়- কৃষ্ণাই আঞ্চলিক বন বিভাগে চোৰাং বেপাৰীয়ে অবৈধ ভাৱে চলাই থকা কাঠ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ first news report

নলবাৰীৰ দুখনকৈ সত্ৰত চকু নপৰিল ৰাজ্য চৰকাৰৰ

Image
*পুৰতত্ব বিভাগে গবেষণা কৰিছে মহাপুৰুষ শংকৰদেৱে ব্যৱহাৰ কৰা “খুটিকলৈ”* এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদনঃ *অসমীয়া জাতীয় সংস্কৃতি তথা জাতীয় জীৱনত এনে এক দিশ নাই য’ত মহাপুৰুষ শংকৰদেৱৰ প্ৰভাৱ নাই *মহাপুৰুষ শংকৰদেৱৰ ৰচনাৱলীয়ে সাহিত্যৰ বৰঘৰ শুৱনি কৰিছে* *মহাপুৰুষ শংকৰদেৱে ১২ বছৰ ধৰি তীৰ্থ ভ্ৰমণৰ জৰিয়তে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল* *সেই সময়ত নলবাৰী জিলাৰ বৰবিলা আৰু চাৰাবড়ি সত্ৰত আজিৰ পৰা প্ৰায় দুশ বছৰ পুৰ্বে মহাপুৰুষ শংকৰদেৱে উক্ত স্হানত আহি নামাকৰন কৰিছিল সত্ৰ সমুহৰ* *অকল এয়াই নহয় দুশবছৰ পুৰ্বে বৰবিলা গাৱত মহাপুৰুষ জনায় সেই সময়ত তেওঁৰ বন্ধু মাধৱদেৱৰ লগত একাংশ শিষ্যক লৈ নাওৰে বুঢ়াদিয়া নদীৰে আহি এই বৰবিলা বিলত ভাত খোৱাৰ বাবে তিনিটা খুটি পুটি কিছু সময় জিৰণি লৈছিল৷আৰু সেই  খুটিৰ এটা খুটি আজিও বৰবিলা সত্ৰৰ কানু আটাৰ পৰিয়ালে সংৰক্ষণ কৰি ৰাখিছে* য’ত মহাপুৰুষ জনাৰ সেই খুটি দৰ্শন কৰিবলৈ মাঘ মাহত বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী সকলে ভিৰ কৰা দেখা যায়* *কিন্ত ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী তথা স্হানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজিলৈকে এই সত্ৰ সমুহ সংৰক্ষণৰ কোনো ব্যৱস্থা গ...

মধুচন্দ্ৰিকাৰ অন্ত : বিজেপি-ইউপিপিএল নহয়, কংগ্ৰেছৰ লগত নৱ শৰণীয়া

Image
নলবাৰীত  নব শৰণীয়া - ভূপেন বৰাৰ গোপন বৈঠক ।  আজি নলবাৰীৰ  আৱৰ্ত ভৱনত গোপন বৈঠকত বহিল দুই নেতা। আগন্তক উপ নিৰ্বাচনত বিটিচিত  কংগ্ৰেছৰ  লগত বুজাবুজি কৰি খেলিব নিৰ্বাচন নব শৰণীয়াই ।নলবাৰীত  এই মন্তব্য  নব শৰণীয়াৰ।  বিটিচিৰ  ৰাইজৰ স্বাৰ্থত কংগ্ৰেছৰ  লগত বুজাবুজি কৰিব বিচাৰো বুলিও মন্তব্য নব শৰণীয়াৰ। প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ভূপেন  বৰা বিটিচিৰ অসমীয়া ৰাইজৰ প্ৰতি দায়বদ্ধ বুলিও  মন্তব্য  কৰে নব শৰণীয়াৰ। আনহাতে ভবানীপুৰৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পূৰ্ণ সম্বাৱনা  আছে বুলিও কলে নব শৰণীয়াই। একেদৰে উপ নিৰ্বাচনত বিটিচিত দুখন আসনত গণ সুৰক্ষা দলৰ জয় প্ৰায় নিশ্চিত বুলিও  মন্তব্য  কৰিলে নব শৰণীয়াই । আজি ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গল নব শৰণীয়াক ।ইপিনে  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ  মোডীক তীব্ৰ  সমালোচনা কৰিলে  নব শৰণীয়াই । মোডীয়ে দেশৰ সম্পদ বিক্ৰী কৰি শেষ কৰিছে বুলি কোৱাৰ  লগতে নৰেন্দ্ৰ  মোডীৰ  কাৰ্যত সুখী নহয় বুলিও মন্তব্য  কৰে নব শৰণীয়াই। বিৰোধী ...

বঙাইগাঁৱত কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিচাৰণ সভা

Image
বঙাইগাঁওঃ ৩০ আগষ্টঃ ইংৰাজী ভাষা সাহিত্যৰ নীৰৱ সাধক, গোৱালপৰীয়া তথা ৰাজবংশী ভাষা বিজ্ঞানৰ গৱেষক, বিশিষ্ট শিক্ষাবিদ কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিচাৰণ সভা এখন দেওবাৰে  অনুষ্ঠিত হয় ৷ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁওস্থিত শ্ৰীশ্ৰী ৰঘুনাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰিধন ডেকাই ৷  ইয়াৰ পিছতে অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা ৷ অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত আদৰণি ভাষণ ৰাখে প্ৰয়াত শিক্ষাবিদগৰাকীৰ প্ৰাক্তন ছাত্ৰ, বিশিষ্ট নাট্যকৰ্মী তথা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক পংকজ শৰ্মাই ৷ স্মৃতিচাৰণ সভাত বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰ, বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপিকা ড° বন্দিতা মজুমদাৰ, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মা, বিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ শৈ...

বঙাইগাঁও জিলাত হ্ৰাস পাইছে ক'ৰোনাৰ সংক্ৰমণ

Image
আজি নতুনকৈ আক্ৰান্ত হোৱা নাই এজনো ব্যক্তি  বঙাইগাঁওঃ ৩০ আগষ্টঃ  বঙাইগাঁও জিলাত হ্ৰাস পাইছে ক'ৰোনাৰ সংক্ৰমণ ৷ বঙাইগাঁও জিলাবাসীৰ বাবে ভাল খবৰ যে সোমবাৰে জিলাখনত নতুনকৈ  ধৰা পৰা নাই এজনো ক'ভিডত আক্ৰান্ত ব্যক্তি ৷ ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ৫ জনকৈ ৰোগী ৷ বৰ্তমান জিলাখনত ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগী আছে ১১ জন ৷ ইয়াৰ ভিতৰত ৪ জন বঙাইগাঁও অসামৰিক চিকিৎসালয়ত, ৪ জন ল'ৱাৰ আসাম হাস্পতালত আৰু ৩ জন হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত সোমবাৰে মুঠ ৩,৫৬৮ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ ইপিনে জিলাখনত ১ মাৰ্চৰ পৰা ৩০ আগষ্টলৈকে মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল ৫,০৩৪ জন ৷ আনহাতে জিলাখনত  সোমবাৰৰ দিনটোত ক'ভিড প'জিটিভিটিৰ হাৰ আছিল ০.০০  শতাংশ ৷ সেয়ে সকলোৱে ক'ভিড বিধি মানি চলি সাৱধানতা অৱলম্বন কৰিলে নিশ্চয় অতি সোনকালে ক'ভিড মুক্ত হ'ব বঙাইগাঁও জিলা ৷

গোৱালপাৰাত ইউনিচেফৰ সাংবাদিক কৰ্মশালা সম্পন্ন

Image
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু ইউনিচেফৰ যুটীয়া উদ্যোগত গোৱালপাৰা জিলাৰ কৰ্মৰত সাংবাদিক সকলক লৈ আয়োজন কৰা হয় এক সাংবাদিক কৰ্মশালা ৷ গোৱালপাৰা সদৰৰ হোটেল ৰ’নী প্লাজাত অনুষ্ঠিত এই কৰ্মশালাৰ আলোচ্য বিষয় আছিল "ইমপেক্ট অব মালনিউট্ৰিচন অন দ্য চিল্ড্ৰেন অব অসম" আৰু "ইনডিং ভায়োলেন্স এগেইন্সত চিল্ড্ৰেন" ৷ ইউনিচেফ-কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মিডিয়া প্ৰজেক্টৰ প্ৰকল্প পৰামৰ্শদাতা সাংবাদিক মৃণাল তালুকদাৰে আঁত ধৰা কৰ্মশালা খনিত সমল ব্যক্তি ৰূপে উপস্থিত থাকে ভূপেন হাজৰিকা স্কুল অব মাচ কমিনিকাচনৰ ডিৰেক্টৰ জয়ন্ত কুমাৰ শৰ্মা, গুৱাহাটী হাই কোৰ্টৰ অধিবক্তা কিশোৰ কুমাৰ কলিতা আৰু এ এম চিৰ কমিউনিটি মেডিচিনৰ এইচ অ ডি প্ৰফেচাৰ ডা° তুলিকা গোস্বামী ৷ দিনজোৰা কৰ্মশালা খনিৰ সামৰণিত ইয়াত অংশ লোৱা বাতৰি কাকতৰ সাংবাদিক সকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷  কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ first news report

সংসদ বিধানসভাত শিশুসুলভ আচৰণ কৰা কংগ্ৰেছী বিধয়াকক কিয় লাগে বিধানসভাৰ অধিৱেশন : ৰাজ্যিক বিজেপি

Image
বিৰােধী দলপতিক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে সংসদ বিধানসভাত শিশুসুলভ আচৰণ কৰা কংগ্ৰেছী বিধয়াকক কিয় লাগে বিধানসভাৰ অধিৱেশন? গুৱাহাটী, ৩০ আগষ্ট, ২০২১ ঃ বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰা বিৰােধী দলপতি দেৱব্ৰত শইকীয়াক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে। সংসদ আৰু বিধানসভাৰ মজিয়াত শিশুসুলভ আঁচৰণেৰে গণতান্ত্রিক তথা সংসদীয় পৰম্পৰা ভূলুণ্ঠিত কৰি কাললৈ কুখ্যাতি অর্জন কৰা কংগ্ৰেছী নেতাৰ মুখত সংসদ বা বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী শােভা নাপায়। সংসদৰ বর্ষাকালীন অধিৱেশনত অতি দাম্ভিকতাৰ পৰিচয় দি কংগ্ৰেছ দলৰ সাংসদসকলে যি অগণতান্ত্রিক, অসহিষ্ণু আৰু উশৃংখল আচৰণ প্ৰদৰ্শন কৰিলে সেয়া দেশৰ সচেতন জনতাই মনত ৰাখিছে আৰু ইয়াৰ উত্তৰাে কংগ্ৰেছী নেতাসকলে সময়ত পাব। আজি ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত সাংবাদিকৰ আগত এইদৰে বক্তব্য ৰাখি ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্ত আৰু কল্যান গগৈয়ে কয়, বিগত অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশনৰ সময়ছােৱাত কংগ্ৰেছ দলৰ বিধায়কসকলে ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ পৰিৱতে অসমৰ জন জীৱনৰ বাবে কম গুরুত্বপূর্ণ...

জন্মাষ্টমী উপলক্ষে লামডিঙতো কৃষ্ণ বন্দনা

Image
আজি ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী । জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলা লামডিং কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে । ৰাতিপুৱাৰে পৰা লামডিং বাসী ৰাইজে নাম প্ৰসংগৰে লামডিং ইশকন মন্দিৰত জন্মাষ্টমী উদযাপন কৰা পৰিলক্ষিত হৈছে। লামডিং সকলো মন্দিৰতো ভক্ত প্ৰাণ ৰাইজ সকল ওলাই আহি কৃষ্ণ বন্দনাৰ নাম গাই ভগৱান শ্ৰীকৃষ্ণক আৰধনা কৰা পৰিলক্ষিত হৈছে৷ ৰাতিপুৱাৰ পৰা পূজাৰ কাম আৰম্ভ হোৱাৰ পিছত বন্তি প্ৰজ্জলন, ধৰ্মধ্বজা উত্তোলন আৰু ভক্ত প্ৰাণ ৰাইজে ভগবান শ্ৰীকৃষ্ণৰ নাম কীৰ্তন আৰম্ভ হয় । প্ৰতিকুলবতৰকো নেওচি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত পূজা অৰ্চনা আগৱঢ়াই আশীষ লবলৈ ওচৰে পাজৰে  ভক্তৰ সমগম ঘটিছে পূজাৰ মণ্ডপখন। ঢাক , উৰুলি, শংখধ্বনি, ঘণ্টাৰ শব্দই গুঞ্জৰিত হৈছে সমগ্ৰ মন্দিৰ সমূহ । লামডিং শ্ৰীকৃষ্ণৰ চমৎকাৰী পূজা মণ্ডপ আৰু মন্দিৰ কাৰিকৰী কৌশল সমৃদ্ধ আলোকসজ্জা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শ্ৰীকৃষ্ণৰ জন্মষ্টমী। যাৰ বাবে এতিয়া আকৰ্ষিত কৰিছে সকলোকে আৰু লামডিংবাসী ৰাইজৰ লগতে অঞ্চলটিৰ সকলো লোকে অংশগ্ৰহণ কৰে পূজাৰ সকলো কার্যসূচিত । লামডিঙৰ পৰা অভিষেক সৰকাৰ ৰিপৰ্ট।

বিশ্ব হিন্দু পৰিষদ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ লগতে চাংসাৰি, ধোপাটাৰীত জন্মাষ্টমী উৎসৱ উদযাপন

Image
পঙ্কজ নাথ, চাংসাৰি, ৩০ আগষ্ট : আজি সমগ্ৰ বিশ্বৰ লগতে বিশ্ব হিন্দু পৰিষদ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ উদ্যোগত  দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস লগতে কৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ভগৱান শ্ৰীকৃষ্ণ আৰু ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পন কৰে জগন্নাথ মন্দিৰৰ সম্পাদক অনিল বৰুৱা, বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু উত্তৰ গুৱাহাটী প্ৰখণ্ডৰ উপসভাপতি সঞ্জীৱ বৰুৱাই। পূৱা  ৮:৩০ বজাত উত্তৰ গুৱাহাটী শিলসাকোঁস্হিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত ধৰ্মধ্বজ উত্তোলন কৰে    উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ সভাপতি কুলেন বড়োৱে ।  এই উপলক্ষে আয়োজিত  চিত্ৰাংকণ প্ৰতিযোগিতা  প্ৰতিযোগিতাৰ "ক" শাখাত  প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে যথা ক্ৰমে তানিচা কলিতা, তাপসী গোস্বামী, বেদষ্মান শৰ্মাই । "খ" শাখাত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে মৃগাক্ষী গোস্বামী, ভাইলীনা কলিতা আৰু ৰাজশ্ৰী বৰুৱাই।  আজিৰ সবাতকৈ আকৰ্ষণীয় বালক কৃষ্ণ প্ৰতিযোগিতাৰ প্ৰথম স্হান ...

লামডিং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত MANSURIA KUNG-FU, INTERNATION SCHOOL,ৰ উদ্যোগত তিনিদিনীয়া কুংফু প্ৰশিক্ষণ শিবিৰ৷

Image
লামডিং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় MANSURIA KUNG-FU,INTERNATION SCHOOL,ৰ উদ্যোগত তিনিদিনীয়া কুংফুৰ  প্ৰশিক্ষণ লোৱাৰ  বাবে প্ৰয়োজনীয়  ইউনিফৰ্ম  প্ৰদান কৰা হয় কৰা ছাত্ৰ ছাত্ৰী সকলক ৷  সুস্থ দেহতহে সুস্থ মনৰ বিকাশ হব পাৰে, তেনে এক উদ্দেশ্য আগত ৰাখি ল ছোৱালীৰ প্ৰতি লক্ষ্য ৰাখি উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে থাকে Sifu  Gautam DAS.Guwahati, N. Zentho Awomi নাগালেণ্ডৰ  আৰু লামডিঙৰ  Sifu Biplab Acharjee প্ৰশিক্ষণ প্ৰদান কৰে।  মূখ্য প্ৰশিক্ষক গৌতম দাসে কয় যে স্বাস্থ্য সুস্থ ৰখাৰ লগতে মহিলা সকলৰ বাবে উক্ত সমৰকলা অতিকৈ প্ৰয়োজন বুলি সংবাদ মাধ্যমক প্ৰকাশ কৰে৷ । অসমৰ বিভিন্ন প্ৰান্তাৰ পৰা অহা বিশিষ্ট বেক্তি সকলৰ উপস্থিতিত প্ৰশিক্ষণ শিবিৰত পাছ কৰা ছাত্ৰক ব্লেক বেল্ট, আৰু প্ৰশিক্ষণ শিবিৰত পাছ কৰা ছাত্ৰ- ছাত্ৰীক বিভিন্ন ৰঙৰ বেল্টৰ লগতে প্ৰমান পত্ৰ আৰু মেডেল প্ৰদান কৰা হয়।  উক্ত অনুষ্ঠানত  উপস্থিত থকা লামডিং বাসী ৰাইজ তথা প্ৰত্যেকজন Grand Master  ছাত্ৰ-ছাত্ৰীৰ উজ্জল ভৱিষ্যতৰ কামনা কৰে ৷  চৰকাৰৰ সদ ইচ্ছাৰ বাবে অসম...

আজিৰে পৰা মহানগৰীত ভ্ৰাম্যমান ক’ভিড টিকাকৰণৰ দুদিনীয়া কাৰ্যসূচী, চাওক কত কেনেকৈ যোগাযোগ কৰিব

Image
*আজিৰে পৰা মহানগৰীত ভ্ৰাম্যমান  ক’ভিড টিকাকৰণৰ দুদিনীয়া কাৰ্যসূচী* গুৱাহাটী  :  সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হ’ল ভ্ৰাম্যমান ক’ভিড টীকাকৰণৰ দুদিনীয়া কাৰ্যসূচী৷  জিলাখনৰ ৫টা খণ্ডত আৰম্ভ কৰা হ’ব এই কাৰ্যসূচী৷  ইয়াৰ বাবে খণ্ড অনুযায়ী কেবাটাও দল গঠন কৰা হৈছে৷ এই দলসমূহৰসৈতে যোগাযোগ কৰিলে টীকা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ সোণাপুৰ মণ্ডলঃ  ৬০০৩৬৩৩১৩৯ ৮৮৫১৯৭৭২২৪ ৰাজধানী মণ্ডলঃ  ৮৪৮৬৫৬২৭১২ ৮১৩৩৮৭৮৪৩৫ ৯৯৫৭৯১৯২৩৪ ৭০০২৫৪২৭০২ পূৱ মণ্ডলঃ  ৯৭০৭১০১৬৯৯ ৬০০০৭৮৭১৪১ ৮৮১২০৬৬৭৩৭ ৮৪০৩৮৪৮৫৮৯ পশ্চিম মণ্ডলঃ ৭৫৭৫৯১৫৫৭২ ৭৫৭৭৯৩৭৭৫২ ৮৬৩৮৪১৮২৪৯ ৭০০২৩৯৯২০৬ ধীৰেণপাৰা মণ্ডলঃ ৯৫০৮৩৪৫৩০২ ৮০১১০৮০৬৪১ ৯৯৫৭২৯৬৪১৬ ৬০২৬৭৪০৩৩৩ টীকা ল’বলৈ ইচ্ছুকসকলে নিজ নিজ সংশ্লিষ্ট এলেকা অনুযায়ী উল্লেখিত যিকোনো নম্বৰত যোগাযোগ কৰিব পাৰিব৷ District Media Expert  NHM, Kamrup Metropolitan 9864810859

মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ, ঘগ্ৰাপাৰত যোগান বিভাগ মূৰ্দাবাদ ধ্বনি আছুৰ

Image
মূল্যবৃদ্ধিৰ প্ৰতিবাদত ঘগ্ৰাপাৰত আছু ৰ অভিনৱ প্ৰতিবাদ যোগান বিভাগ মূর্দাবাদ ধ্বনিৰে কপি উঠিল ঘগ্ৰাপাৰৰ ৰাজপথ@ কভিড কলিন পৰিবেশৰ মাজত পেট্ৰল, ডিজেলকে ধৰি ইন্ধন জাতীয় সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰনলোকক জলা কলা খুৱাই থকাৰ সময়তে আজি ঘগ্ৰাপাৰত ছাত্ৰ সন্থাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি দিনৰ এঘাৰ বজাত ঘগ্ৰাপাৰ ডাক বাংলা প্ৰাংগনৰ পৰা যোগান বিভাগৰ "শ্মশান যাত্ৰা" কৰে।  ছাত্ৰ কৰি সকলে  ধুতী পৰিধান কৰি সুসজ্বিত চাঙী কান্ধত লৈ তাল, বৰকাহ বজাই ঘগ্ৰাপাৰ চহৰ পৰিভ্ৰমণ কৰি ঘগ্ৰা নৈত উটুৱাই দিয়ে। আনহাতে ছাত্ৰ কৰ্মী সকলে যোগান বিভাগ হাই হাই, বজাৰত লাগিছে জুই চৰকাৰ আছে শুই, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে ঘগ্ৰাপাৰ উত্তাল কৰি তোলে। আজিৰ  কাৰ্য্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা মুখ্য সাংগঠনিক সম্পাদক হিৰক জ্যোতি শৰ্মা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ইলিয়াছ আলীৰ নেতৃত্বত হোৱা উক্ত মূল্যবৃদ্ধিৰ প্ৰতিবাদত হোৱা কাৰ্যসূচীত স্থানীয় ৰাইজে সহযোগ কৰে। নলবাৰী পৰা শংকৰ দাস ।

আৰ্থিক দীনতাৰ বাবে নলবাৰীৰ বৰভাগত হামৰাও কাঢ়িছে এটি দৰিদ্ৰ পৰিয়ালে

Image
আৰ্থিক দীনতাৰ বাবে নলবাৰীৰ বৰভাগত হামৰাও কাঢ়িছে এটি দৰিদ্ৰ পৰিয়ালে।ইহলোকলৈ গমন কৰা মাতৃৰ পিণ্ডদানৰ বাবেও অসমৰ্থ এটি দৰিদ্ৰ পৰিয়ালৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধি কিম্বা দল সংগঠনৰ। বৰভাগৰ ৰাইৎকুছি গাওঁৰ এইজন মুকুট কলিতা।মুকুট কলিতাৰ ঘৰত এতিয়া দুখৰ এখনি বৰ্ণনাতীত ছবি।তিনিদিন পূৰ্বে ঢুকোৱা মাতৃৰ পিণ্ডদান কৰিবলৈয়ো অসমৰ্থ এতিয়া মুকুট কলিতা।মানসিক বিকাৰগ্ৰস্ত এই  দুই ভাতৃক লৈ এতিয়া আলাই-আথানি হ'বলগা হৈছে এইজন দূৰ্ভগীয়া মুকুট কলিতা।সৰুতে পিতৃক হেৰোৱা মাতৃ সহ মুকুট মানসিক বিকাৰগ্ৰস্ত দুই ভাতৃৰ সৈতে মাতৃয়ে মাহেকত পোৱা সামান্য পেঞ্চনৰ টকাৰে কোনোমতে চলি আছিল।কিন্তু তিনিদিন পূৰ্বে মাতৃ প্ৰয়াত হোৱাৰ পিছত এতিয়া চৰম দীনতাৰ মাজেৰে দিন নিয়াব লগা হৈছে মুকুট কলিতাই।আনকি মৃত মাতৃৰ পিণ্ডদানৰ বাবে লাগতিয়াল যা-যোগাৰ কৰাৰ বাবে মুকুট কলিতাই হাত পাতিব লগা হৈছে চুবুৰীয়াৰ ওচৰত।চুবুৰীয়াৰ অনুগ্ৰহতে যেন কোনোমতে চলাইছে ঘৰখন।মানসিকভাৱে বিকাৰগ্ৰস্ত জ্যেষ্ঠ আৰু কণিষ্ঠ ভাতৃক লৈ এতিয়া দুখৰ সীমা নোহোৱা হৈছে মুকুট কলিতাৰ।চৰম পৰিতাপৰ বিষয় যে আৰ্থিক দীনতাই কোঙা কৰি পেলোৱা এইজন মুকুট কলিতাই আজিলৈ পোৱা নাই ক...

হৃদয় বিদাৰক : ডিমাকুছিত খাৱৈত আৱদ্ধ হস্তী পোৱালীৰ কৰুণ বিলাপ # অবশেষত কৰুণ মৃত্যু হাতীৰ পোৱালীটো

Image
# ডিমাকুছিত খাৱৈত আৱদ্ধ হস্তী পোৱালীৰ কৰুণ বিলাপ # অবশেষত কৰুণ মৃত্যু হাতীৰ পোৱালীটো ৷ ডিমাকুছি ,২৯ আগষ্টঃ  ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ডিমাকুছিৰ বৰঙাজুলি চাহ বাগিছাৰ এটি খাৱৈত আৱদ্ধ হৈ পৰা এটা হাতী পোৱালিৰ মৰণ কাতৰ চিঞৰে সকলোৰে অন্তৰ কন্দুৱাইছে ৷ শনিবাৰে নিশা চাহ বাগিছা খনত আশ্ৰয় লোৱা এজাক বন্যহস্তীৰ মাজত আছিল কেইবাটাও মৰম লগা পোৱালি ৷ দেওবাৰে পুৱা বাগিছা খনৰ এটা  লাইনত থকা দ খাৱৈ এটাত আৱদ্ধ হৈ চিঞৰি থকা এটা হাতী পোৱালি প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ লগে লগে ৰাইজে বন বিভাগক খৱৰ দিয়ে যদিও বন বিভাগৰ লোক আহি পোৱাত কিছু পলম হোৱাৰ বাবে হাতে কামে লাগি যায় লোক সকল ৷ হাতে হাতে কোৰ লৈ স্থানীয় লোক সকলে খাৱৈতো খান্দি হাতী পোৱালিতো উদ্ধাৰৰ চেষ্টা চলাই ৷ কিন্তু কাষতে ৰৈ থকা পোৱালিতোৰ মাতৃয়ে ৰাইজক বাৰে বাৰে বাধা দিয়া দেখা যায় ৷ পিছত বন বিভাগৰ সহযোগত স্থানীয় ৰাইজে পোৱালিতো উদ্ধাৰ কৰিবলৈ সক্ষম হ’য় ৷ কিন্তু উদ্ধাৰ হোৱা হাতী পোৱালিটোক কোনো চিকিৎসা কিম্বা শুশ্ৰূষা নকৰিলে বন বিভাগে ৷ ইফালে খাৱৈৰ পৰা উঠাৰ পিছতে ৰাইজৰ হ...

কামৰূপ জিলাৰ জলাহত Assam Warriors Sports Academyৰ কেণ্টিন মুকলি

Image
পঙ্কজ নাথ, চাংসাৰি, ৩০ আগষ্ট : কামৰূপ জিলাৰ চাংসাৰী আৰক্ষী থানাৰ অন্তৰ্গত জলাহস্থিত Assam Warriors Sports Academyৰ এখন বহুমুখী কেণ্টিন কালি ৰবিবাৰে আবেলি প্ৰায় ৪ বজাত মুকলি কৰা হয়। এই কেন্টিন খন মুকলি কৰে পূব বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহ: মুৰব্বী অধ্যাপক শ্বেখ আব্দুল হামিদে। ফুটবলক অশেষ গুৰুত্ব প্ৰদান কৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য ক্ৰমে, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ প্ৰায় ৭০ গৰাকী প্ৰতিভাৱান ফুটবল খেলুৱৈক বৰ্তমান উচ্চ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে প্ৰতিস্থানটোৰ পৰিচালন সঞ্চালক ডাক্তৰ হাচনুৰ চৌধুৰীয়ে। খেলৰ লগতে বৰ্তমান ৰূপকোঁৱৰ একাডেমীত অধ্যয়ন কৰি উক্ত হোষ্টেলত থকা ছাত্র খেলুৱৈ সকলৰ নিৰাপত্তা ও স্বাস্থ্যসন্মত খাদ্য যোগান ধৰাৰ উদ্দেশ্যেই এই বিষয়ত গুৰুত্ব আৰোপ কৰি এই কেণ্টিনখন মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্র নেতা আনিচুৰ ৰহমানৰ লগতে কেণ্টিনখনৰ স্বত্বাধিকাৰী আবুল আলী আৰু স্থানীয় সমাজকৰ্মী দুলাল দত্ত, দণ্ডিৰাম দাস, ৰঞ্জিত দাস, দ্বিজেন দাস প্ৰমুখ্যে অনুস্থানটোৰ বহুতো শুভকাংশী।

পৰিবেশ সজাগতাৰ লক্ষ্যৰে এমব্ৰে'ছ ফাউণ্ডেচনৰ বৃক্ষৰোপণ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ আগষ্টঃ নগাঁৱৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এমব্ৰে'ছ ফাউণ্ডেচনে বিগত কিছুদিন ধৰি ধাৰাবাহিকভাবে বিভিন্ন সমাজসেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ ইয়াৰ অংশহিচাপে স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত দেওবাৰে বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ হাতীচোং গাঁও পঞ্চায়তত এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ পৰিবেশ সজাগতাৰ লক্ষ্যৰে গ্ৰহন কৰা এই কাৰ্যসূচী পঞ্চায়তটোৰ হাতীচোং হাইস্কুল আৰু গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ৰূপায়ণ কৰা হয় ৷ কাৰ্যসূচীত 'এমব্ৰে'ছ ফাউণ্ডেচন'ৰ হৈ সমাজসেৱিকা প্ৰণামিকা দত্ত, পাৰ্থজিৎ দাস, অনিমা দাস, কিশোৰ ৰঞ্জন নাথকে আদি কৰি ফাউণ্ডেচনৰ বিষয়ববীয়া তথা সদস্য-সদস্যাসকলৰ লগতে শিক্ষানুষ্ঠান দুখনৰ কৰ্তৃপক্ষ, স্থানীয় পঞ্চায়ত প্ৰতিনিধিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ এই কাৰ্যসুচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শিক্ষানুষ্ঠান দুখনৰ প্ৰধান শিক্ষকদ্বয় ভূপেন কুমাৰ নাথ আৰু পৱন জ্যোতি বৰাই ৷ এমব্ৰে'ছ ফাউণ্ডেচনৰ এনে পদক্ষেপক অঞ্চলটোৰ সচেতন ৰাইজে শলাগ লৈছে । ===================

ভাৰতীয় সেনাবাহিনীৰ বিজয় দিৱসৰ সোণালী জয়ন্তীঃগোৱালপাৰা সৈনিক স্কুলত সেনাবাহিনীৰ বিজয় অগ্নি শিখা

Image
ইণ্ডো পাক যুদ্ধজয়ৰ সোণালী বৰ্ষ ----- ১৯৭১ চনত ইণ্ডো পাক যুদ্ধত জয়লাভ কৰা ভাৰতীয় সেনা বাহিনীয়ে উদযাপন কৰিছে সোণালী বিজয় বৰ্ষ ৷ ভাৰতীয় সেনা বাহিনীৰ বীৰত্বৰ চানেকি এই বিজয়ে ৫০ বছৰ অতিক্ৰম কৰা উপলক্ষে সৰ্ণিম বিজয় বৰ্ষ ভিক্টৰী অগ্নিশিখা কঢ়িয়াই সমগ্ৰ দেশ ভ্ৰমিছে ভাৰতীয় সেনাবাহিনীৰ দল এটাই ৷ উল্লেখযোগ্য যে বিগত ২০২০ বৰ্ষৰ ১৬ ডিচেম্বৰত নতুন দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰজ্বলন কৰিছিল এই সোণালী জয়ন্তীৰ বিজয় অগ্নিশিখা ৷ ইতিমধ্যে এই বিজয় অগ্নিশিখা কঢ়িওৱা দলটো প্ৰৱেশ কৰিছে অসমত ৷ কালি ভাৰতীয় সেনাৰ ১২ গ্ৰেণেডিয়াৰ্চ সেনা ইউনিটৰ সহযোগত বিজয় অগ্নিশিখা লৈ অনা হয় গোৱালপাৰা সৈনিক স্কুললৈ ৷  সৈনিক স্কুলত বিজয় অগ্নিশিখা প্ৰৱেশ কৰাৰ পিছতে  সৈনিক স্কুলৰ অধ্যক্ষ এ, মাথুৰামণ সমন্বিতে শিক্ষক-শিক্ষাৰ্থী আৰু সেনা বাহিনীৰ জোৱান সকলে ইণ্ডো-পাক যুদ্ধত জীৱন বলিদান দিয়া ভাৰতীয় সেনাৰ বীৰ জোৱান সকলোক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ অনষ্ঠানৰ শেষত বিজয় অগ্নিশিখা লৈ দেশৰ অন্যপ্ৰান্তলৈ গতি কৰে ভাৰতীয় সেনাবাহিনীৰ দলটোয়ে ৷ অনুষ্ঠ...

নগাঁৱত চাৰিদিনে সন্ধান নাই অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ

Image
# নগাঁৱত চাৰিদিনে সন্ধান নাই অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ আগষ্টঃ নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ আহোমগাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন ছালনাবড়িৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰী চাৰিদিনে নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ছালনাবড়ি নিবাসী বাহাৰুল ইছলামৰ সম্পৰ্কীয় ভগ্নী মৰিয়ম বিবি নামৰ ১৭ বছৰীয়া কিশোৰীগৰাকী যোৱা ২৫ আগষ্টৰ দিনা পুৱাৰ ভাগত ছালনাবড়িস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ যোৱাৰে পৰা ৰহস্যজনকভাবে সন্ধানহীন হৈ পৰে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাৱ্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিছে যদিও কিশোৰীগৰাকীৰ কোনো সম্ভেদ বাহিৰ নোহোৱাত উপায়হীন হৈ স্থানীয় আহোমগাঁও আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ কিন্তু এনেদৰে নিখোজ হৈ পৰাৰ চাৰিদিন পাৰ হোৱাৰ পিছতো কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ নোলোৱাত পৰিয়ালবৰ্গ মানসিকভাবে ভাগি পৰিছে ৷ ইফালে, এই লৈ চিন্তিত হৈ থকা কিশোৰীগৰাকীৰ পৰিয়ালে কোনো দুষ্ট চক্ৰই কিশোৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ ব্যক্ত কৰিছে। গত...

১৯৪৯ চনৰ ২৮ আগষ্টত কোচ বিহাৰৰ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তিক চৰকাৰৰ প্ৰতাৰণা

Image
আক্ৰাছুৱে ক'লা পতাকা উৰুৱাই পালন কৰিলে প্ৰতাৰণা দিৱস  বঙাইগাঁওঃ ২৮ আগষ্টঃ ১৯৪৯ চনৰ ২৮ আগষ্টত ভাৰত চৰকাৰ আৰু কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদ্বীপেন্দ্র নাৰায়ণ ভূপ বাহাদুৰৰ মাজত হোৱা চুক্তি অনুসৰি কোচবিহাৰ ৰাজ্যক 'গ' শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান নকৰি চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত আজি আক্ৰাছুৱে বঙাইগাঁৱত ৰাজহুৱা স্থানত ক'লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰে ৷  আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বৰপাৰা ৰাজহুৱা খেল পথাৰত সংগঠনটোৱে ক'লা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰি ভাৰত চৰকাৰে জনগোষ্ঠীটোক কৰা প্ৰতাৰণাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচীত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পুৰেণ ৰায়, সাংগঠনিক সম্পাদক কমল সৰকাৰ, জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক বিকাশ বৰ্মন আদি উপস্থিত থাকে ৷ ইপিনে কাৰ্যসূচী ৰূপায়ণ কৰি সভাপতি পুৰেণ ৰায়ে কয় যে ভাৰতে স্বাধীনতা পোৱাৰ দুবছৰ পিছত অৰ্থাৎ ১৯৪৯ চনৰ ২৮ আগষ্টত  ভাৰতৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল আৰু কোচ বিহাৰ ৰাজ্যৰ তদানীন্তন ৰজা ছাৰ জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত এক ঐতিহাসিক চুক্তিৰ জৰিয়তে ঐতিহাসিক কোচ-কমতা ...

সাংসদ দিলীপ শইকীয়াই বিতৰণ কৰে কোভিড ভেকচিন কেন্দ্ৰৰ বাবে আৱশ্যকীয় সামগ্ৰী

Image
প্ৰতিবেদক, ৰঙিয়া, ২৮ আগষ্টঃ  বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টীকাকৰণ অভিযান, সকলোৰে বাবে টীকাকৰণ সকলোৰে বাবে বিনামূলীয়া, এই কাৰ্যসূচীৰ সফল ৰূপায়নৰ হকে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কিছু আৱশ্যকীয় সা-সামগ্ৰী আগবঢ়াই। যোৱা ২২ আগষ্টত মঙ্গলদৈ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত সাংসদ গৰাকীয়ে কামৰূপ গ্ৰাম্য জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুনীন্দ্ৰ নাথ দেৱ শৰ্মাৰ হাতত সামগ্ৰীখিনি অৰ্পন কৰে। উক্ত সা সামগ্ৰীখিনি যুটীয়া স্বাস্থ্য সঞ্চালক জি এন দেৱ শৰ্মা আৰু চিএমচিডি ডাঃ নৰেন তিচুয়ে ২৬ আগষ্টত ৰঙিয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এটা এইচ পি লেপটপ, এটা এইচ পি প্ৰিন্টাৰ, এটা মাল্টিপাৰা মনিটৰ, এটা টেম্পাৰেচাৰ গান, পঞ্চাশ টা গ্লুকোজ ষ্ট্ৰিপৰ লগত এটা এইচ ডিএছ মিটাৰ, এটা স্টেন্দী, চাৰি টা  ইনফৰমেটিভ ব্ৰেণ্ডিং বিগ ছেট এটা, সাত টা ইনফৰমেটিভ ব্ৰেণ্ডিং স্মল ছেট এটা আৰু লেপটপ বেগ এটা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ হাতত আগবঢ়াই।  জিলাৰ স্বাস্থ্য যুটীয়া সঞ্চালক জি.এন দেৱ শৰ্মা, চি.এম.চি. ডি ডাঃ নৰেন টিচু ৰঙিয়া মহকুমা অসামৰি...

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমুহৰ বাবে ১০০০ স্বাস্থ্য আৰু কুশলকেন্দ্ৰ আৰু ১০০ খন নতুন স্বাস্থ্য সেৱা কেন্দ্র

Image
উত্তৰ পুর্বাঞ্চলত আয়ুস ব্যৱস্থা সমুহৰ উন্নয়ণৰ বাবে অভিলাষী আঁচনি গ্রহণ * উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমুহৰ বাবে ১০০০ স্বাস্থ্য আৰু কুশলকেন্দ্ৰ আৰু ১০০ খন নতুন স্বাস্থ্য সেৱা কেন্দ্র। * গােৱালপাৰাৰ দুধনৈত নতুন আয়ুর্বেদিক মহাবিদ্যালয় স্থাপন বাবে ৭০ কোটীৰ আর্থিক পেকেজ ঘােষণা। *গুৱাহাটীৰ আয়ুর্বেদিক মহাবিদ্যালয়ক উন্নত পয্যায়লৈ পৰ্য্যবেক্ষিত কৰাৰ বাবে ১০ কোটী টকাৰ আর্থিক অনুদান। গুৱাহাটীঃ- ২৮ আগষ্ট ঃ উত্তৰ পূৰ্বাঞ্চলত ঔষধী গুণযুক্ত ভেষজ দ্রব্যৰ উন্নয়ণৰ ক্ষেত্ৰত কেতবােৰ অভিলাষী আঁচনিৰ কথা আজি বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুস বিভাগৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােনােৱালে ঘােষণা কৰে। উত্তৰ পুর্বাঞ্চলত আয়ুস পদ্ধতি সমুহৰ উন্নয়ণৰ বাবে আয়ুস আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ স্বাস্থ্যমন্ত্ৰী সকলৰ উপস্থিতিত আজি ইয়াৰ প্ৰশাসনীয় পদাধিকাৰী প্রতিষ্ঠানত অনুষ্ঠিত অভিবর্তন খন আৰম্ভণিতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মাই উদ্বোধন কৰে। অনুষ্ঠানত মহিলা আৰু শিশু উন্নয়ন আৰু আয়ুস বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী ড° মুঞ্চপাৰা মহেন্দ্রভাই কালুভাই আৰু অসম, নাগালেণ্ড আৰু ছিকিমৰ স্বাস্থ্যমন্ত্ৰী স...

কৃষ্ণাইৰ যুৱ ব্যৱসায়ী আনোৱাৰ আলীৰ সাফল্যঃএইছ ডি পাণ ভাণ্ডাৰে যুৱক জনক দিছে সুকীয়া পৰিচয়

Image
কামৰ কোনো সৰু বৰ নাই ৷ উদ্যম আৰু একাগ্ৰতা থাকিলে যিকোনো কৰ্মতে প্ৰতিষ্ঠিত হোৱাৰ অলেখ সুযোগ থাকে ৷ ইয়াৰ উপযুক্ত উদাহৰণ কৃষ্ণাইৰ পাণ ব্যৱসায়ী আনোৱাৰ আলী ৷ আনোৱাৰ আলী গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেতবাৰীৰ বাসিন্দা ৷ কৃষ্ণাইৰ খৰিধৰা বজাৰত থকা এইচ ডি পাণ ভাণ্ডাৰৰ স্বত্ত্বাধিকাৰী আনোৱাৰ আলী ৷ উদীয়ামান যুৱক জনে চুপাৰী পাণৰ ব্যৱসায় কৰিয়ে আৰ্থিক ভাৱে স্বচ্ছল হৈ উঠিছে ৷ আনোৱাৰৰ এইছ ডি পাণ ভাণ্ডাৰৰ মিঠা পাণ, এক শ বিশ পাণ, চকলেট পাণ,ফায়াৰ পাণ আদিৰ সোৱাদ ল’বলৈ প্ৰতিদিনে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ গ্ৰাহকে ভিৰ কৰে খৰিধৰা বজাৰত ৷ যুৱক জনৰ  কৰ্মস্পৃহা আৰু সুন্দৰ ব্যৱহাৰে আকৃষ্ট কৰে সাধাৰণ জনতাক ৷ তেঁৱৰ ব্যৱসায়ে আৰু উন্নতি লাভ কৰক আমিও তাকেই কামনা কৰিছোঁ ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

জামুগুৰিহাটৰ পৰা ট্ৰেক্টৰ চলাই ছিপাঝাৰৰ গৰুখুটিলৈ কৃষি কৰ্মলৈ ৰাওনা হ'ল মহিলা

Image
# জামুগুৰিহাটৰ পৰা  ট্ৰেক্টৰ চলাই ছিপাঝাৰৰ গৰুখুটিলৈ কৃষি কৰ্মলৈ  ৰাওনা হ'ল মহিলা।  যি সময়ত আফগানিস্তানত মহিলা সকলে গোৰ্খা পিন্ধা আৰম্ভ কৰিছে  সেই সময়ত অসমৰ যুৱতীয়ে টেক্টৰ চলাই খেতি পথাৰত কৃষি কৰ্মৰ বাৱে আগবাঢ়িছে ৷ এই দৃশ্য চতিয়া সমষ্টিৰ নাগশংকৰত ৷ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ পৰা এইদৰে একাংশ যুৱতীয়ে টেক্টৰ লৈ ছিপাঝাৰৰ গৰুখুটীলৈ বুলি ৰাওনা হৈছে ৷ উদ্দেশ্য ছিপাঝাৰৰ গৰুখুটী প্ৰকল্পত মাটি চহাই খেতি কৰিব এই সকল যুৱতীয়ে ৷ ছিপাঝাৰৰ এই সকল যুৱতীক বিশ্বনাথ চাৰিআলিৰ মেচিনাৰী ফ্ৰামত ট্ৰেক্টৰৰ লগতে বিভিন্ন মেচিনেৰী সামগ্ৰীৰ প্ৰশিক্ষণ দিয়াই কৃষি কৰ্মৰ বাৱে সাজু কৰি তুলিছে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শুক্ৰৱাৰে এইদৰে প্ৰশিক্ষিত মহিলা সকলক ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত ৰাজহুৱা সম্বৰ্দ্ধনা জনাই গৰুখুটিলৈ প্ৰেৰণ কৰে বিধায়ক পদ্মই ৷ জামুগুৰিহাটৰ পৰা জোন বৰা

নলবাৰীৰ ছাৰাবড়ীত বুট মাহ খাই অসুস্থ শতাধিক

Image
 নলবাৰীৰ  পশ্চিম  প্ৰান্তত থকা ছাৰাবড়ী সত্ৰত অঘটন। সত্ৰৰ মাহ  প্ৰসাদত  বিষক্ৰিয়া । সত্ৰৰ বৰদেউৰী চণ্ডীচৰণ  বৰ্মন  সহ শতাধিক  লোক আক্ৰান্ত । ছাৰাবড়ী গাঁৱত হাহাকাৰ৷  ছাৰাবড়ীস্থিত মহাপুৰুষ  মাধৱদেৱৰ সত্ৰত কালি পালন কৰা হৈছিল  গুৰুজনাৰ  তিৰোভাব  তিথি । তিৰোভাব  তিথি উপলক্ষ্যত  মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছিল আৰু এই মাহ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হল ভক্তপ্ৰাণ  ৰাইজ । সত্ৰখনৰ বৰদেউৰী চণ্ডীচৰণ  বৰ্মন  সহিতে গাঁৱৰ  শতাধিক  লোক বিষক্ৰিয়াত  আক্ৰান্ত হয় । অবশ্যে সুস্থ হৈ আছে সত্ৰাধিকাৰ  হেমকান্ত  অধিকাৰী । কীৰ্ত্তনৰ প্ৰসাদ খাই এইদৰে বিষক্ৰিয়াত আক্ৰান্ত বেছি সংখ্যক  লোক পেটৰ বিষ আৰু জ্বৰত আক্ৰান্ত  হৈ শয্যাগত  হৈ আছে । গাওঁ খনত চিকিৎসাৰ কোনো ব্যৱস্থা নাই আৰু পুৱা এঘাৰ বজালৈ গাওঁখনত  কোনো চিকিৎসক বা চিকিৎসা কৰ্মী উপস্থিত  হোৱা নাই৷ নলবাৰী পৰা শংকৰ দাস ।

প্ৰেছ ক্লাৱ, বেবেজীয়াৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ আগষ্টঃ নগাঁও জিলাৰ প্ৰেছ ক্লাৱ, বেবেজীয়াৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে ক’ভিড বিধি ৰক্ষা কৰি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ বেবেজীয়া চাৰিআলিৰ স্থায়ী কাৰ্যালয়ৰ মুৰুলী শৰ্মা ভৱনত পুৱাৰ ভাগত ক্লাৱৰ সভাপতি সমীৰ হাজৰিকাৰ দ্বাৰা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে স্মৃতি তৰ্পণ কৰে শিক্ষয়িত্ৰী নীলিমা দেৱীয়ে ৷ দুপৰীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা অন্তৰংগ অনুষ্ঠানত প্ৰবক্তা অভিজিত শৰ্মাই অভ্যাগত সকলক আদৰণি জনায় ৷ বিশিষ্ট শাৰীৰিক নিৰ্দেশক প্ৰভাত চন্দ্ৰ বৰাই শুভাৰম্ভ কৰা ব্যতিক্ৰমী এই অনুষ্ঠানটিত প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথ, ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক ৰেৱ কান্ত দাস, গায়ক কোকিল হাজৰিকা, কৃতী শিক্ষক নৃপেন চন্দ্ৰ ডেকা, বোলছবি পৰিচালক-প্ৰযোজক বুন বৰা, কুইজ পৰিচালক চন্দ্ৰজিৎ দাস, সমাজকৰ্মী দুৰ্গেশ্বৰ বৰদলৈ, ধ্ৰুৱ বৰদলৈ, কবি কমলা ডেকা উপস্থিত থাকি গীত-মাতৰ সুমধুৰ পৰিৱেশ ৰচনাৰে অনুষ্ঠানটি মুখৰিত কৰি তোলে ৷ প্ৰেছ ক্লাৱৰ উপ-সভাপতি কল্যাণ কুমাৰ বৰাই অনুষ্ঠানত উপস্থিত থকা অভ্যাগতসকলক শলাগৰ শৰাই আগবঢ়োৱা ...

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধান সভা সমষ্টিৰ ৩৫ বছৰেও সম্পূৰ্ণ নোহোৱা এখন ৩০ বিচনাযুক্ত চিকিৎসালয়ৰ কাহিনীয়ে ব্যাপক দুৰ্ভোগত পেলাইছে প্ৰায় ত্ৰিশখনৰো অধিক গাঁৱৰ লোকক

Image
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধান সভা সমষ্টিৰ ৩৫ বছৰেও সম্পূৰ্ণ নোহোৱা এখন ৩০ বিচনাযুক্ত চিকিৎসালয়ৰ কাহিনীয়ে ব্যাপক দুৰ্ভোগত পেলাইছে প্ৰায় ত্ৰিশখনৰো অধিক গাঁৱৰ লোকক। এই চিকিৎসালয় খন অৱস্থিত সমষ্টিটোৰ তিপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত তিপাম ফাকিয়াল গাঁৱত। প্ৰণিধানযোগ্য যে মূলত কৃষিজীৱি লোকৰ বসতিস্থল এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৮৬ চনতে তদানীন্তন অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু তদানীন্তন স্থানীয় বিধায়ক কুসুম্বৰ টাইৰাইৰ দিনত আধাৰশিলা স্থাপন কৰা হৈছিল এই চিকিৎসালয় খনৰ। কিন্তু আধাৰশিলা স্থাপনৰ সময়ৰে পৰা যেন কাঁচিনমাত ভুগিছিল চিকিৎসালয় খনে। আধাৰশিলা স্থাপনৰ পৰা ২৩ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতহে নিৰ্মান সম্পূৰ্ণ হোৱা চিকিৎসালয়খন কিন্তু আজি পৰ্যন্ত হৈ নুঠিল কায্যক্ষম। ৰাজ্যৰ এসময়ৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী তথা বিধায়িকা প্ৰনতি ফুকন আৰু বিগত কাৰ্যকালৰ মিত্ৰদলৰ বিধায়ক নৰেন সোনোৱালৰ অকৰ্মণ্যতাৰ বাবেই নিৰ্মান সম্পূৰ্ণ হোৱাৰ ১২ বছৰ পিছতো চিকিৎসালয়খন উদ্বোধন নহল। যাৰ ফলত চিকিৎসালয়খনৰ আন্তঃগাঁথনি ভাগি পৰাৰ লগতে বছৰ বছৰ ধৰি চিকিৎসালয়ৰ অভাৱৰ বাবে স্বাস্থ্...

শিৱসাগৰত গো- সুৰক্ষা আইন,২০২১ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

Image
*শিৱসাগৰত গো- সুৰক্ষা আইন,২০২১ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী* আমাৰ চিঞৰ শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান:  আজি শিৱসাগৰ জিলাৰ বহু কেইটা দল সংগঠনৰ যৌথ উদ্যোগত  গো - সুৰক্ষা আইন বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ  বহু সংখ্যক গো- পালকেও অংশগ্ৰহণ কৰে। গো-সুৰক্ষা আইন, ২০২১ৰ বিৰুদ্ধে শিৱসাগৰৰ দহটাৰো অধিক দল-সংগঠনে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, উজনি অসম মুছলিম কল্যান পৰিষদকে ধৰি জিলা খনৰ বহু কেইটা দল-সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আইন খন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক অনুৰোধ জনোৱা হয়।শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা দল-সংগঠন সমূহে এই আইন খনে অসমৰ গ্ৰাম্য অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি পেলাব বুলি মতপোষণ কৰে। আইন খনৰ বিৰোধিতা কৰি দল-সংগঠন সমূহে প্ৰতিবাদস্থলীত আইনখনৰ প্ৰতিলিপি দাহ কৰে। ইয়াৰ পূৰ্বে ধৰ্মঘটকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ গো - সুৰক্ষা আইন বাতিল কৰক, অসম চৰকাৰ ...

মূল্যবৃদ্ধি ৰোধ আৰু গো- সুৰক্ষা আইন বাতিলৰ দাবীত শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ**প্ৰতিবাদস্থলীত আৰক্ষীৰ বাধা আৰোপ

Image
*মূল্যবৃদ্ধি ৰোধ আৰু গো- সুৰক্ষা আইন বাতিলৰ দাবীত শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ* *প্ৰতিবাদস্থলীত  আৰক্ষীৰ বাধা আৰোপ* আমাৰ চিঞৰ শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান: শিৱসাগৰ নগৰৰ মাজ-মজিয়াত বীৰ লাচিত সেনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মূল্যবৃদ্ধি ৰোধ আৰু গো সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত সংগঠনটোৱে আজি শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি সংগঠনটোৱে দাহ কৰাৰ চেষ্টা কৰে যদিও প্ৰতিবাদস্থলীত মোতায়ন হৈ থকা আৰক্ষীয়ে প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত বাধা দি প্ৰতিমূৰ্তি দুটা কাঢ়ি লৈ যায়। বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা সকলে বিজেপি মূৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, যোগানমন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, গো আইন বাতিল কৰক আদি শ্লগান দি চৰকাৰখনৰ ব্যৰ্থতা সমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অকৰ্মন্য মুখ্যমন্ত্ৰী বুলি সমালোচনা কৰি এতিয়া কেৱল গৰু গাহৰিৰ ইছ্যু লৈ চৰকাৰ ব্যস্ত বুলি কটাক্ষ কৰে। মূ...

দুৰাৰোগ্য ৰোগত নগাঁও জিলা শিক্ষা বিভাগৰ প্ৰকল্প বিষয়া মোস্তফা ছাদিকুৰ ৰহমানৰ মৃত্যুত গভীৰ শোকৰ ছাঁ মৈৰাবাৰীত

Image
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নগাঁও জিলা শিক্ষা বিভাগৰ প্ৰকল্প  বিষয়া  মোস্তফা  ছাদিকুৰ ৰহমানৰ মৃত্যুত  গভীৰ শোকৰ ছাঁ মৈৰাবাৰীত।  মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দলৈ গাঁও নিবাসী তথা নগাঁও জিলা শিক্ষা বিভাগৰ প্ৰকল্প বিষয়া মোস্তফা ছাদিকুৰ ৰহমানৰ অকাল মৃত্যুত  বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ এক অপূৰণীয় ক্ষতি হ'ল। বোম্বাই স্থিত টাটা হস্পিতালত কালি  দোৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মোস্তফা ছাদিকূৰ ৰহমানৰ  মৃত্যু হোৱাৰ  বাতৰি ছচিয়েল মিডিয়াত  প্ৰকাশ  পোৱাৰ লগে লগেই বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ শিক্ষা প্ৰেমী ৰাইজ  শোকত  ভাগি পৰে।মৈৰাবাৰী প্ৰেছ ক্লাব,মৈৰাবাৰী কৃষক সংঘ, মৰিগাঁও জিলা পথাৰ পৰিচালনা সমিতি,মৈৰাবাৰী জেষ্ঠ নাগৰিক মঞ্চ,আমছুয়ে  শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰি শোক প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ আৰু এজনী কন্যা সন্তান এৰি থৈ যায়। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

নিশাৰ ভাগত চলিল লামডিঙ আৰক্ষীৰ অভিযান

Image
অভিযানত জব্দ বৃহত পৰিমাণৰ কাঠৰ ফান্টা সহ এখন নম্বাৰ বিহীন ট্ৰাক আটক।    লামডিঙত এতিয়া চলাই গৈছে একাংশ বন মাফিয়া চোৰাং কাঠৰ বেহা বন বিভাগ নীৰ্বিকাৰ। দিনে নিশাই লামডিঙত অসাধু ব্যৱসায়ি চলাই আ্ছে অবৈধ কাঠৰ ৰমৰমীয়া বেহা । নিমাত কিয় বন বিভাগ ?? লামডিঙ বন বিভাগৰ লগত কিবা গোপন বুজা বুজি আছে নেকি অসাধু ব্যৱসায়িৰ লগত??  নিশাৰ ভাগত  লামডিং আৰক্ষীৰ  ভাৰপ্ৰাপ্ত বিষয়া সন কুমাৰ শৰ্মাৰ নেতৃত্বত এটা দলে গোপন সূত্ৰৰ পম খেদি নম্বৰ বিহীন এখন ট্ৰাক সহ বৃহৎ পৰিমাণৰ ফানটা কাঠ জব্দ ৷  জানিব পৰা মতে কাৰ্বি আংলং পৰা একাংশ বন মাফিয়াই জঙ্গল তহিলং কৰি লামডিঙৰ বিভিন্ন কাঠৰ মিলত লৈ গৈ আছিল কাঠ খিনি। লামডিঙৰ একাংশ বন বিভাগৰ কৰ্মচাৰীৰ  লগত মীতিৰালি কৰি চলাই গৈছে নেকি চোৰাং কাঠৰ বেহা সচেতন নাগৰিকৰ সন্দেহ। লামডিঙ পৰা অভিষেক সৰকাৰ ৰিপৰ্ট।

বোকাখাতত শিপিনীৰ মাজত উৰামাকো তাঁতশাল তথা ইয়াৰ্ণ পাছবুক বিতৰণ

Image
 বোকাখাতৰ পৰা পলিমা বি চেতিয়া ,২৫ আগষ্টঃ হস্ততাঁত বস্ত্রশিল্প বিভাগ, গোলাঘাটৰ অধীক্ষকৰ কাৰ্যালয়ৰ উদ্যোগত কালি বয়ন সম্প্ৰসাৰণ সেৱা কেন্দ্ৰত কৰ্মৰত বোকাখাতৰ বিভিন্ন অঞ্চলৰ ৩৫ গৰাকী শিপিনীলৈ "শিপিনী আয় উপার্জন আঁচনি- ২০২০-২১"ৰ অধীনত উৰা মাকো তাঁতশাল বিতৰণ কৰা হয়। বোকাখাত মহকুমা উদ্যোগ বিভাগৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এই তাঁতশাল বিতৰণ কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ। মহকুমাধিপতি ডাঃ যাদৱে স্থানীয় শিপিনী সকলৰ পাৰদৰ্শিতাৰ ভূয়সী প্রশংসা কৰাৰ লগতে অসমৰ বাহিৰত শিপিনী সকলে বৈ উলিওৱা সামগ্ৰীৰ যথেষ্ঠ চাহিদা থকা বুলি উল্লেখ কৰে। শিপিনী সকলক সচৰাচৰ বৈ থকা পৰম্পৰাগত সামগ্ৰীসমূহৰ লগত কিছু নতুনত্বৰ সংযোজন কৰি বজাৰ দখল কৰিবলৈ মহকুমাধিপতি গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়। স্থানীয় শিপিনীসকলৰ সামগ্রিক উন্নয়নৰ বাবে মহকুমা প্রশাসন আৰু হস্ততাঁত বস্ত্রশিল্প বিভাগ সদায়ে তৎপৰ বুলিও মহকুমাধিপতি গৰাকীয়ে উল্লেখ কৰে। হস্ততাঁত -বস্ত্ৰশিল্প বিভাগ, গোলাঘাটৰ অধীক্ষক ফকৰুদ্দিন আহমেদে সভাত উপস্থিত শিপিনীসকলক ধৈৰ্য্য সহকাৰে মনোযোগ দি কাম কৰাৰ লগতে য...

নলবাৰীত কোভিড ১৯ ৰ তৃতীয় ঢৌৰ বাবে প্ৰস্তুত নলবাৰী চিকিৎসা বিভাগ

Image
*যুটিয়া স্বাস্থ্যসেৱা সঞ্চালকে জনালে নলবাৰীত ৫ খন শিশুৰ আইচিইউ বিছনাৰ লগতে ৪৫ খন অক্সিজেনযুক্ত বিছনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ* *নলবাৰী যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকক অপৰাধ নিয়ন্ত্ৰণ গৱেষণা সংস্থাৰ সম্বৰ্ধনা*   কভি'ডৰ ভয়াৱহ পৰিস্থিতিৰ সময়ত নিজৰ জীৱনক তুচ্ছ-জ্ঞান কৰি    স্বাস্থ্য কৰ্মী  সকলে দিনে নিশাই  কভি'ডৰ বিৰুদ্ধে যুজঁ দি কভি'ড প্ৰতিৰোধৰ যথেষ্ট সবল ভুমিকা গ্ৰহন কৰি আহিছে৷ আৰু তেনেক্ষেত্ৰত সেইকল কভি'ড যোঁদ্ধাক আজি ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অপৰাধ নিয়ন্ত্ৰণ গৱেষণা সংস্থাৰ ৰাজ্যিক সিমিতিৰ হৈ সভাপতি সুৰজ চৌধুৰী আৰু অসম প্ৰভাৰী ৰুবুল দাসে ( Crime control Research Oganisation  )  নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উমেশ ফাংচুক   এখন ফুলম গামোছাৰ লগতে এখন মানপত্ৰৰে শুভেচ্ছা  জনাই৷উক্ত কাৰ্যলয়তে সম্বৰ্ধনা জনোৱাৰ পিছত নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উমেশ ফাংচুই সাংবাদিকৰে হোৱা কথা বতৰাত কয় যে নলবাৰী জিলাৰ খনত       কভিডৰ তৃতীয় ঢৌ চেপ্তেম্বৰ অথবা অক্টোবৰ মাহত অহাৰ সম্ভাৱনা থকা বুলি মন্তব্য প্ৰকা...

এক সূখবৰ : কেৰেলাৰ পৰা অসমলৈ দৈনিক বাছ সেৱা

Image
বহিঃৰাজ্যলৈ অহা যোৱা কৰা সকলৰ বাবে বিশেষ সুবিধা ।   অসমৰ বিভিন্ন ঠাইৰ বাছ আস্থানলৈ   আৰম্ভ হৈছে 50 টা চিট যুক্ত বিলাসী বাছ সেৱা।   আপুনি বিদেশ তথা বহিঃৰাজ্যলৈ যাব বিচাৰিছে নেকি??  তেন্তে চিন্তাৰ কাৰণ নাই আপোনি বহিঃৰাজ্য ভ্ৰমন কৰিবলৈ মনস্থ কৰিছে নেকি??  দীঘলীয়া যাত্ৰাৰ ক্ষেত্ৰত আপুনি বাৰু আমনি পায় নেকি? দীঘলীয়া যাত্ৰাত সময় ৰাহি হোৱাটো কোনেনো নিবিচাৰে?  যাত্ৰা দীঘলীয়া হলেও সময় একেবাৰে কম লাগিব! এতিয়াৰ পৰা আৰু ৰেল প্লেট ফ্ৰম বা বিমানৰ কাৰনে  অপেক্ষাত নহয়। আপোনাৰ  দোৱাৰ ডলিৰ পৰাই কৰক বিলাসী ভ্ৰমন।    ট্রেবেলচে লৈ আহিছে দৈনিক বিলাসী বাছ সেৱা, দৈনিক কেৰেলাৰ পৰা আৰম্ভ হৈছে উক্ত বাছ সেৱা।  কেৰেলাৰ  ট্রেভেলচৰ পৰা কেৰেলা, চেন্নাই উৰিশা, বিহাৰ, কলকাতাৰ লগতে অসমৰ গুৱাহাটি হৈ মৰিগাও জিলাৰ দাতিয়ালবড়ী ছাৰিআলিৰ পৰা বিভিন্ন ঠাইলৈ আৰাম্ভ হৈছে এই বিশেষ বাছ সেৱা, লগতে,কেৰেলালৈ যোৱাৰ সুবিধাও উপলব্ধ থাকিব।আগতীয়াকৈ আপোনাৰ নাম বুকিং কৰিবলৈ, আপুনি যোগাযোগ কৰক ৯১০১২৩৫৮৫১ নম্বৰত ৰিব্বুল ইছলামৰ সৈতে।  উল্লেখযোগ্য যে  ...

নগাঁৱত "কৌন বনেগা কৌৰপতি"ৰ নামত প্ৰৱঞ্চকৰ জাল≈≈সহজ ধনৰ লোভত সৰ্বস্বান্ত হ’ল এটা পৰিয়াল

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে দুষ্টচক্ৰই প্ৰৱঞ্চনাৰে ৰাইজক ঠগাই অহাৰ ঘটনা নতুন নহয় ৷ আনকি প্ৰৱঞ্চকৰ কবলত পৰি বহু ব্যক্তি বা পৰিয়ালে মাটি-বাৰি, সা-সম্পত্তি হেৰুৱালগীয়াও হৈছে ৷ তথাপিও সচেতন নহয় ৰাইজ ৷ ফলত সহজেই ধৰা দিয়ে প্ৰৱঞ্চকৰ জালত ৷ শেহতীয়াভাবে এনে এক ঘটনাই সংঘটিত হৈছে নগাঁও জিলাৰ ধিঙৰ বেছামাৰীত । একেদিনাই বহু লাখ টকাৰ গৰাকী হবলৈ গৈ সৰ্বস্বান্ত হ’বলগীয়াত পৰে অঞ্চলটোৰ এটা দৰিদ্ৰ পৰিয়ালে । আচলতে "কৌন বনেগা কৌৰপতি"ৰ নামত এক দুষ্টচক্ৰই পেলোৱা প্ৰৱঞ্চনাৰ জালত ভৰি দি এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে এই দৰিদ্ৰ পৰিয়ালটোৱে । জানিব পৰা মতে, প্ৰথমে প্ৰৱঞ্চকৰ প্ৰশ্নোত্তৰ, তাৰ পাছত লটাৰী জৰিয়তে ২৫ লাখ টকাৰ টোপ দিয়াৰ লগতে পৰৱৰ্তী পৰ্যায়ত ক্ৰমান্বয়ে আৰম্ভ হয় টকা বিছাৰি একাধিক ফোন । কোটিপতি হোৱাৰ লোভত টকা ধাৰলৈ আনি পৰ্যায়ক্ৰমে টকা দি দি এতিয়া সৰ্বস্বান্ত হৈ নাজল-নাথল অৱস্থা পৰিয়ালটোৰ । উল্লেখ্য, বেছামাৰীৰ ছফিকুল ইছলামৰ পত্নী চেমিনাছ পাৰবিনে প্ৰথমে কে বি চিত আৰম্ভ কৰিছিল প্ৰশ্ন উত্তৰৰ খেলা আৰু তাৰ কেইদিনমানৰ পিছতে মহিলাগৰাকীলৈ আহে কে বি ...

বেবেজীয়াত আগন্তুক দুৰ্গোৎসৱ সন্দৰ্ভত আলোচনা পূজা সমিতিৰ

Image
# বেবেজীয়াত আগন্তুক দুৰ্গোৎসৱ সন্দৰ্ভত আলোচনা পূজা সমিতিৰ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ আগষ্টঃ কাৰিকৰী চমকৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক ভাবাদৰ্শৰে বছৰ বছৰ ধৰি অনুষ্ঠিত কৰি অহা মধ্য অসমৰ অন্যতম পুৰণি বেবেজীয়া আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে এইবাৰ ৭৮ তম্ বৰ্ষত পদাৰ্পণ কৰিছে ৷ সেয়ে আগন্তুক শাৰদীয় দুৰ্গোৎসৱটি উদযাপনৰ সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে এখনি সভা অনুষ্ঠিত কৰা হয় ৷ এই মৰ্মে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে অঞ্চলৰ বিশিষ্ট ব্যক্তি দেৱ বৰঠাকুৰে ৷ ৰাজীৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত আগন্তুক দুৰ্গোৎসৱ সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰাৰ লগতে ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে চৰকাৰে যি দৰে উৎসৱটি উদযাপনৰ বাবে নীতি-নিৰ্দ্দেশনা আৰোপ কৰে তাৰ প্ৰতি সহাঁৰি জনাই উৎসৱটি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷ উক্ত সভাতে অজিত শৰ্মাক সভাপতি, মহেন্দ্ৰ শৰ্মা, ৰবিন শৰ্মা আৰু বিৰেণ শৰ্মাক উপ সভাপতি তথা অঞ্জন শৰ্মা বৰুৱা আৰু অমৰ শৰ্মাক যুটীয়া সম্পাদক হিচাপে লৈ এখনি দুৰ্গোৎসৱ উদযাপন সমিতি সৰ্বসন্মতিক্ৰমে গঠন কৰা হয় ৷ ================...

আমিনগাঁৱত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা সন্দৰ্ভত অৱগত কৰাৰ অৰ্থে জিলা আইন সেৱা প্ৰাধিকৰণৰ সংবাদ মেল

Image
পঙ্কজ নাথ, চাংসাৰি, ২৩ আগষ্ট: কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণে আজি কামৰূপ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰে। সংবাদ মেলত অহা ১১ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰি বিভিন্ন আপোচ যোগ্য গোচৰ নিষ্পত্তি কৰা হ'ব বুলি অৱগত কৰা হয়।  সংবাদ মেলত উপস্থিত থাকে কামৰূপ জিলাৰ দণ্ডাধীশ দাৰাক উল্লাহ আৰু জিলা আইন সেৱা প্ৰাধিকাৰী মৈত্ৰী ডেকা দলে। সংবাদ মেলত জিলা দণ্ডাধীশগৰাকীয়ে মটৰ দুৰ্ঘটনা বিষয়ক মোকৰ্দমাত ১১ কোটি ৩০ লাখ ৫০ হেজাৰটা গোচৰ বাকী থকাৰ লগতে ১ হেজাৰ টা বিদ্যুৎ বিভাগৰ মোকৰ্দমা আৰু তিনি শতাধিক অন্যান্য মোকৰ্দমা  চলি থকাৰ কথা ব্যক্ত কৰে। দণ্ডাধীশগৰাকীয়ে সংবাদ মেল যোগে বিভিন্ন আপোচ যোগ্য গোচৰ নিষ্পত্তি কৰিবলৈ ৰাইজ-অধিবক্তাৰ  সহযোগ বিচাৰে। কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁও ন্যায়িক আদালত, ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত, হাজো প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালত আৰু বকো প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, চেক বাউন্চ, ৰাজহ, বেংকৰ ঋণ, বিদ্যুৎ বিল আদি গোচৰসমুহ নিষ্পত্তি কৰিবলৈ ৰাইজক ...

নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ

Image
নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ* *১০ বছৰ পুৰ্বে জালাহ আৰক্ষী চকীত আৰক্ষী বিভাগত চাকৰি কৰিছিল আনোৱাৰে* *তাৰ পিছত আৰক্ষীৰ চাকৰি বাদ দি চুৰি ডকাইতি আদিৰ দৰে ঘটনাত জড়িত হৈ পৰিছিল আনোৱাৰ* নলবাৰী আৰক্ষীৰ মুৰৰ কামোৰনি হৈ পৰা আনোৱাৰক বিগত আঠ বছৰে ম’ষ্ট ওৱানটেড ঘোষনা কৰি আৰক্ষীয়ে বিছাৰি আছিল৷অবশেষত আজি দুধৰ্ষ ডকাইত আনোৱাৰে নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত আত্মসমৰ্পণ কৰে* নলবাৰী পৰা শংকৰ দাস ।

অবৈধ বালি কঢ়িয়াই অনাৰ সময়ত দুখন ট্ৰাক জব্দ লামডিঙ আঞ্চলিক বন বিভাগৰ

Image
 লামডিঙ আঞ্চলিক বন বিভাগৰ বৃহৎ সফলতা । অবৈধ বালি কঢ়িয়াই অনাৰ সময়ত দুখন ট্ৰাক জব্দ।  আটকাধিন ট্ৰাকৰ নম্বৰ AS - 09 -  C 2623  । আন এখনৰ  নম্বৰ  AS H 475  জানিব পৰা মতে দক্ষিণ লামডিঙ পঞ্চায়তৰ অন্তৰ্গত বৰ বস্তিৰ  যোৱাৰ সময়ত ৰেলৱে পাম্প ওচৰত থকা মান্দাৰ দিচা নদীৰ পাৰ অবৈধ বালু কঢ়িয়াই অনাৰ সময়ত লামডিঙ আঞ্চলিক বন বিষয়াই বালি ভৰ্তি  ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। লামডিঙৰ পৰা অভিষেক সৰকাৰ ৰিপৰ্ট।

হাতীচোং মহাবিদ্যালয়ত ভাৰ্চুৱেল পদ্ধতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন

Image
# হাতীচোং মহাবিদ্যালয়ত ভাৰ্চুৱেল পদ্ধতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ আগষ্টঃ নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান হাতীচোং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপন কোষৰ সহযোগত ভাৰ্চুৱেল পদ্ধতিৰে এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। 'আইডেণ্টিতি পলিটিক্স ইন আসামঃ ডেন এণ্ড নাউ'(Identity politics in Assam:Then and Now) শীৰ্ষক আলোচনাচক্ৰখনিত সমল ব্যক্তি হিচাপে ভাগ লয় অসম বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মহান বৰাই । ভাৰতৰ বিভিন্ন ৰাজ্যৰ দুই শতাধিক শিক্ষাবিদ আৰু গৱেষক ছাত্ৰ-ছাত্ৰীয়ে এই আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰে। সমলব্যক্তি ড° বৰাই নিজা বক্তব্যত প্ৰাক্ ঔপনিৱেশিক সময়ৰ পৰা ইংৰাজ শাসন তথা বৰ্তমান সময়লৈ অসমৰ বিভিন্ন নৃ-গোষ্ঠীয় জাতিসত্ত্বাৰ ধাৰাবোৰ বৰ্ণনা কৰে ৷ তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া জনগোষ্ঠীসমূহৰ দাবী, ভৈয়ামত বসবাস কৰা বড়ো, কাৰ্বি আদি নৃ-গোষ্ঠী সমূহৰ নিজৰ পৰিচয়ক লৈ সময়ে সময়ে উদ্ভৱ হোৱা প্ৰশ্ন আৰু বিতৰ্ক সমূহৰ বিষয়ে উথাপন কৰি কয় যে--ন-অসমীয়াৰ ধাৰ...

কন্যকা কৃষি পামত প্ৰতিষ্ঠা কৰা নামঘৰ দৰ্শনাৰ্থীৰ বাৱে মুকলি

Image
# কন্যকা কৃষি পামত প্ৰতিষ্ঠা কৰা নামঘৰ দৰ্শনাৰ্থীৰ বাৱে মুকলি ৷ # কন্যকাত নিৰ্মান হব আটক ধূনীয়া বৃদ্ধাশ্ৰম ৷ #ৰাইজৰ মঙ্গলৰ বাৱে নামঘৰত আঠু ললে বিধায়ক পদ্মই ৷ -চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত গঢ়লৈ উঠা ভৰলী পৰীয়া  কন্যকা কৃষি পামত ৰবিবাৰে স্থাপন কৰা নামঘৰত প্ৰতিষ্ঠা কৰা হয় গুৰু থাপনা  ৷ ভৰলী পৰীয়া  কন্যকা কৃষি পাম পৰিদৰ্শন কৰিবলৈ অহা লোক সকলৰ বাৱে এই নামঘৰ প্ৰতিষ্ঠা কৰা হয় বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷ এতিয়াৰে পৰা কন্যকাত সকলো সময়তে এক আধ্যাত্মিক পৰিবেশ চৰ্চ্চাহৈ থাকিব ৷ এক মুকলি পৰিবেশত, মুকলি মনৰে এই স্থানত প্ৰতিজন ব্যক্তিয়ে ভক্তিৰসত নিজকে বিলিন কৰি দিয়াৰ এক আশ্ৰয় হিচাপে লব পাৰিব ৷ কন্যকাত এখন আটক ধুনীয়া বৃদ্ধাশ্ৰম নিৰ্মানৰো পৰিকল্পনা লোৱা বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ ৰবিবাৰে পূৱা ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে নামঘৰটিত স্থানীয় ভক্তপ্ৰাণ ৰাইজে “থাপনা” প্ৰতিষ্ঠা  কৰাৰ লগতে দুপৰীয়া নামপ্ৰসঙ্গঁ অনুষ্ঠিত কৰে ৷ নামঘৰত আঠুলৈ বিধায়ক গৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজৰ মঙ্গল কামনাৰ্থে ৰাইজৰ আৰ্শীৱাদো গ্ৰহণ কৰে...

কামৰূপ জিলাৰ পানীটেমাত "হেল্থলাইন যোগা চেণ্টাৰ মেডিটেশ্বন আকুপ্ৰেচাৰ থেৰাপীৰ কেন্দ্ৰ মুকলি

Image
কামৰূপ জিলাৰ পানীটেমাত "হেল্থলাইন যোগা চেণ্টাৰ মেডিটেশ্বন আকুপ্ৰেচাৰ থেৰাপীৰ কেন্দ্ৰ মুকলি।  পঙ্কজ নাথ, চাংসাৰি, ২৩ আগষ্ট : "স্বাস্থ্যই পৰম ধন" তথা "Prevention is better than Cure" এই আপ্ত বাক্যষাৰি মূল মন্ত্ৰ হিচাপে লৈ কামৰূপ জিলাৰ পানীটেমা অঞ্চলত কালি ২২ আগষ্ট ৰবিবাৰে এটি যোগ কেন্দ্ৰ ৰাইজৰ বাবে মুকলি কৰা হয়। ৰাইজৰ উপস্থিতিত উক্ত অনুস্থানখনৰ শুভ উদ্বোধন কৰে পূৱ বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা বোৰ্কাস্থিত সুধাকণ্ঠ একাডেমীক এক্সেলেন্সি শৈক্ষিক ন্যাসৰ পৰিচালন সঞ্চালক শ্বেখ আব্দুল হামিদে। এই মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয় আৰু উক্ত অনুষ্ঠানৰ পোনপ্ৰথমে সভাত উপস্থিত আটাইকেইগৰাকি আমন্ত্ৰিত ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে যোগ প্ৰশিক্ষক প্ৰণামী লাহন, ভাস্কৰ ডেকা আৰু হিমাংশু ডেকাই। পানীটেমা সাতগাওঁ হাইস্কুলৰ শিক্ষক  চক্ৰধৰ নাথে উক্ত সভাত সভাপতিত্ব কৰে! যোগৰ প্ৰয়োজনীয়তা সম্পৰ্কে মূল্যবান ভাষণ ৰাখে বিশিষ্ট সমাজকৰ্মী পৱিত্ৰ দেৱ গোস্বামীকে প্ৰমুখ্য কৰি পানীটেমা সাতগাওঁ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমলা কলিতাৰ লগতে ...

বিজেপিৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে গৃহ সমষ্টিত পথ নিৰ্মাণ নোহোৱাক লৈ তীব্ৰ প্ৰতিবাদঃ পথ অৱৰোধ

Image
প্ৰতিবেদক, , ৰঙিয়া ২২ আগষ্টঃ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ দুবাৰৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে আজি ৰাজ পথলৈ ওলাই আহিল শতাধিক পুৰুষ মহিলাই। বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰাইজে তেওঁৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰঙিয়া মাহতলিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পথ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই তেওঁৰ দুবাৰৰ কাৰ্যকালত  দুবাৰকৈ আধাৰশিলা স্থাপন কৰে।কিন্তু কোনো এক ৰহস্য জনক কাৰণত আজিলৈ পথটো নিৰ্মাণ নকৰিলে। ফলত স্থানীয় ৰাইজ  ক্ষুব্ধ হৈ উঠিছে। বিগত কেবাবছৰ ধৰি মনত পুহি ৰখা পুঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই ৰাজপথত ওলাই আহে বিধায়ক কলিতাৰ বিৰুদ্ধে বিষোদগাৰ কৰে।  স্থানীয় ৰাইজে মতে ৰঙিয়া তুলসীবাৰী  মাহতলিত নিৰ্মাণ কৰা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আই টি আই সংযোগী পথ এটা নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই দুবাৰকৈ আধাৰশিলা স্থাপন কৰিছিল। আধাৰশিলা স্থাপন কৰাৰ পিচত স্থানীয় ৰাইজে স্বাধীনতাৰ পিছৰ পৰা অৱহেলিত হৈ থকা পথ ছোৱা এই বেলি নিৰ্মিত হব বুলি আশা প্ৰকাশ কৰিছিল...

ৰঙিয়া ৰেলৱে চিকিৎসালয়ৰ উন্মুক্ত নলাত পৰি যুৱকৰ মৃত্যুঃচিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ

Image
প্ৰতিবেদক, ৰঙিয়া ২২আগষ্টঃ ৰঙিয়া ৰেলৱে চিকিৎসালয়ৰ গাতে লাগি থকা এটা উন্মুক্ত নলাত পৰি আজি পুৱা এজন সুঠাম যুৱকৰ মৃত্যু হোৱাত ৰঙিয়াত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকজন নলাত পৰি যোৱাৰ পিছত চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসা কৰ্মী এগৰাকী যুৱকজনক নলাৰ পৰা উঠোৱা দূৰৰে কথা যুৱকজনৰ মাতৃ আৰু পত্নীয়ে  উঠাবলৈ লওঁতে 'পুলিচ কেচ' বুলি কৈ তেওঁলোকক বাধা দিয়ে । অকল সেয়াই নহয় মাতৃ আৰু পত্নীয়ে ই ৰিক্সাৰ সহায়ত যুৱক জনক চিকিৎসালয়লৈ লৈ যোৱাৰ যোজা কৰি থকাত চিকিৎসাকৰ্মী জনে ভাবুকি প্ৰদান কৰি ই ৰিক্সা ওভতাই পঠাই দিয়ে বুলি পৰিয়ালৰ লোকে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ লোকে জনোৱা মতে চিকিৎসালয় চৌহদত মৃত অৱস্থাত পৰি থকা তথা পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰাৰ পিছতো মানৱিকতাৰ খাতিৰত কৰ্তব্যৰত চিকিৎসক, নাৰ্ছ নাইবা চিকিৎসা কৰ্মীয়ে চিকিৎসালয় চৌহদত পৰি থকা যুৱকজনৰ এবাৰ খবৰ লোৱাৰ প্ৰয়োজন বোধ নকৰিলে বুলি মাতৃ আৰু পত্নীয়ে অভিযোগ কৰে৷ ৰেলৱে চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক নাৰ্ছ আৰু চিকিৎসা কৰ্মীৰ এই ধৰনৰ অমানবীয় ঘটনাত ৰঙিয়াত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি আজি ...

মটক যুৱ-ছাত্ৰ সন্মিলনৰ মুখপাত্র-সম্পাদক হৰিকান্ত দুৱৰাৰ মৃত্যু

Image
চাবুৱাঃ ২২ আগষ্টঃ কভিডত আক্রান্ত হৈ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্র-সম্পাদক হৰিকান্ত দুৱৰা ডিব্ৰুগড় এ এম চি কভিড কেয়াৰ চেণ্টাৰত কভিড আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ৰহমৰীয়া মৌজাৰ চেংধৰা গাঁৱৰ ভৱেন দুৱৰা আৰু দিপন্তী দুৱৰাৰ পুত্ৰ হৰিকান্ত দুৱৰা ১৯৮৪ চনত জন্ম হৈছিল। ডিব্ৰুগড় নন্দলাল বুঢ়াগোহাঁই মহাবিদ্যালয়ৰ পৰা হৰিকান্ত দুৱৰাই স্নাতক ডিগ্রী লাভ কৰি ফুকনৰ খাত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত ২০০৮ চনত শিক্ষক হিচাপে যোগদান কৰি সেৱা আগবঢ়ায়। অন্যহাতে উজনি অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠীয় সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি আকৃষ্ট হৈ ২০০৪ চনত হৰিকান্ত দুৱৰাই উক্ত সংগঠনত যোগদান কৰে। পৰৱৰ্তী সময়ত সমগ্ৰ ৰহমৰীয়া মটক অধ্যুষিত অঞ্চলত হৰিকান্ত দুৱৰাৰ প্ৰচেষ্টাত মটক সংগঠনটোৰ শাখা সমিতি গঠনৰ প্ৰক্ৰিয়াত আগভাগ লোৱাৰ লগতে ২০০৫ চনত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৰহমৰীয়া আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে হৰিকান্ত দুৱৰা নিৰ্বাচিত হয়। কেইবাটাও বৰ্ষ হৰিকান্ত দুৱৰাই মটক যুৱ-ছাত্ৰ সন্মিলনৰ জিলা তথা কেন্দ্ৰীয় সমিতিত পদবী গ্রহণ...