মাইক্ৰ'ফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ ৰেহাইৰ দাবীত ঋণমুক্তি সমিতি গঠন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলাৰ পানীতোলা ব্লকৰ ওদালগুৰি গাঁৱত দেওঁবাৰে ঋণগ্ৰস্ত শ্ৰমজীৱী মহিলা সকলৰ এখনি সভা অনুষ্ঠিত হয়। সভাত ঋণগ্ৰস্ত মহিলা সকলে তেওঁলোকৰ ওপৰত চলা দুৰ্দশাৰ বৰ্ণনা কৰাৰ লগতে বিগত সময়চোৱাত ঋণৰ কিস্তি আদায়ৰ নামত ঘৰৰ টিনপাত, আলমাৰী, টি ভি, চাইকেল, গৰু, ছাগলীকে ধৰি বহু সামগ্ৰী বিক্ৰী কৰিবলগীয়া হোৱাৰ উপৰি বৰ্তমানেও কেইবাটাও পৰিয়াল গাঁৱৰ পৰা পলায়ন কৰা তথা কেইবাগৰাকীও মহিলা নিখোঁজ হৈ থকাৰ কথা ব্যক্ত কৰে ৷ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সভাপতি শুভ্ৰজ্যোতি বৰ্দ্ধন আৰু সাধাৰণ সম্পাদক তথা মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ অসমৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতিৰ জড়িয়তে এই কথা জানিব দিয়ে ৷ নেতাদ্বয়ে লগতে বিবৃতিটোত প্ৰকাশ কৰে যে- যদিও চৰকাৰে মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে বিধেয়ক উত্থাপন কৰিছে কিন্তু ই কাৰ্যতঃ বৰ্তমানলৈকে অন্তঃসাৰশূন্য হৈ আছে ৷ আচলতে অধ্যাদেশ গ্ৰহণ কৰাৰ পাছৰে পৰাই মাইক্ৰ'ফাইনেন্স কোম্পানী সমূহৰ এজেণ্ট সকলে ঋণী সকলৰ ঘৰে ঘৰে গৈ ভাবুকি দিয়া ক্ৰমশঃ বাঢ়িছেহে । সেয়ে ঋণমুক্তিৰ দাবীত ঋণগ্ৰস...