ভৱানীপুৰত ইউ পি পি এলৰ প্ৰাথমিক সমিতি গঠন

আজি ইউ পি পি এল দলে বজালীৰ ভৱানীপুৰত নিজ ভৱানীপুৰ প্ৰাথমিক সমিতি এখন গঠন কৰে। ভৱানীপুৰৰ স্থানীয় শংকৰদেৱ শিশু নিকেতন প্ৰাঙ্গণত আজি আবেলি ৩ বজাত  ইউ পি পি এল দলৰ ভৱানীপুৰ ব্লক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত নিজ ভৱানীপুৰ প্ৰাথমিক সমিতিখন গঠন কৰে। ইউ পি পি এল দলৰ ভৱানীপুৰ ব্লক সমিতিৰ সভাপতি বশিষ্ঠ চৌধুৰীয়ে সভাপতিত্ব কৰা আৰু সাধাৰণ সম্পাদক মহিবুল হকে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ইউ পি পি এল দলৰ শালবাৰী জিলা সমিতিৰ মুখ্য সম্পাদক বিনোদ মছাহাৰীয়ে দলটোৰ ওপৰত এক উদাত্ত ভাষণ ৰাখে। আজিৰ সভাই সভাপতিত আতোৱাৰ ৰহমান আৰু মুখ্য সম্পাদকত পংকজ কলিতাক লৈ ৭১ জনীয়া নিজ ভৱানীপুৰ প্ৰাথমিক সমিতিখন গঠন কৰে।

#বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা