পিপিএমএছৰ সভাপতি হিচাপে ওম প্ৰকাশ খান্দেলৱালৰ শপতগ্ৰহণ
ষ্টাফ ৰিপৰ্টাৰ, ৬ জানুৱাৰী
পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰোৱাৰী সন্মিলনৰ প্ৰভিন্সিয়েল চমুকৈ পিপিএমএছৰ আজি এক শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটীৰ হোটেল বিশ্বৰত্নত আয়োজিত অনুষ্ঠানত বিশিষ্ট সমাজ সেৱক ওম প্ৰকাশ খান্দেলৱালে পিপিএম এছৰ ২০২১-২৩ বৰ্ষৰ বাবে সভাপতি হিচাপে শপত গ্ৰহণ কৰে। একেদৰে পিপি এমএছৰ উপ-সভাপতি অৰুণ কুমাৰ আগৰৱাল, সম্পাদক অশোক কুমাৰ আগৰৱাল, সংগঠনিক সম্পাদক কৃষ্ণ কুমাৰ জালান কোষাধ্যক্ষ অশোক আগৰৱাল আৰু সংগঠনটোৰ পিআৰঅ' হিচাপে বিবেক চাংগানেৰিয়াই শপত গ্ৰহণ কৰে।তদৰ্থ কমিটিৰ সদস্য বিজয় কুমাৰ মংলুনিয়া আৰু ৰাষ্ট্ৰীয় উপ-সভাপতি শ্যমসুন্দৰ হালালকাই সাংগঠনিক বিষয়া আৰু কাৰ্যকৰী সদস্য সকলক শপত বাক্য পাঠ কৰোৱাই। এই সন্দৰ্ভত ওম প্ৰকাশ খান্দেলৱালে কয়"-দুবছৰীয়া কাৰ্যকালত সংগঠনটো উচ্চ শিখৰলৈ নিয়াৰ ক্ষেত্ৰত সকলো পৰিবন্ধকতাক এৰায় আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰা হ'ব। উল্লেখযোগ্য যে,উক্ত শপত গ্ৰহণ অনুষ্ঠানত নৱ-নিৰ্মিত সভাপতি গৰাকীক বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।
Comments
Post a Comment