শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে পুনৰ কমলাকান্ত গগৈ নিৰ্বাচিত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জানুৱাৰীঃ উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় আৰু সামাজিক সংগঠন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক দুটা বৰ্ষৰ বাবে পদাধিকাৰ হিচাপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে কমলাকান্ত গগৈ । নগাঁও চহৰৰ কলংপাৰস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যালয়ত হোৱা ভোট গণনাৰ অন্তত ১৭৬০ টা ভোট লাভ কৰি ৯৭৮ ভোটৰ ব্যৱধানত কমলাকান্ত গগৈ সংঘৰ পদাধিকাৰ হিচাপে পুনৰ নিৰ্বাচিত হৈছে । য়োৱা অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা পদাধিকাৰ পদৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পিছত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত থকা সংঘৰ ৩ হাজাৰ ৬৫ খন প্ৰাথমিকে ভোট দান সাব্যস্ত কৰাৰ পাছত সংবিধান অনুসৰি সংঘৰ মূল কাৰ্য্যালয়ত এই ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত হয় । এইবাৰ পদাধিকাৰ হিচাপে প্ৰতিদ্বন্দিতাত অবতীৰ্ণ হৈছিল ডিব্ৰুগড় জিলাৰ কমলাকান্ত গগৈ, গোলাঘাট জিলাৰ পবিত্ৰ প্ৰাণ বৰা আৰু মৰিগাঁও জিলাৰ  পুনিৰাম পাটৰ। উল্লেখযোগ্য যে, উত্তৰ-পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয়, সামাজিক, সাংস্কৃতিক অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে পুনৰবাৰ নির্বাচিত কমলাকান্ত গগৈৰ জন্ম হৈছিল ১৯৪১ চনৰ ২০ অক্টোবৰত শিৱসাগৰ জিলাৰ মেজেঙা খঙীয়া গাঁৱত ৷ তেওঁৰ পিতৃৰ নাম শুভ চন্দ্র গগৈ আৰু মাতৃৰ নাম শুক্লেশ্বৰী গগৈ ৷ শিৱসাগৰ মেজেঙাতে প্রাথমিক শিক্ষা, যোৰহাট নর্মাল হাইস্কুলৰ পৰাই মেট্রিক উত্তীর্ণ হোৱাৰ পাছত উত্তৰ গুৱাহাটী হিন্দী প্রশিক্ষণ মহাবিদ্যালয়ৰ পৰা প্রাৰংগদ ডিগ্রী লয় ৷ তদুপৰি তেওঁ অসম ৰাষ্ট্রভাষা প্রচাৰ সমিতিৰ পৰা হিন্দী প্রবীণ পৰীক্ষাতো উত্তীর্ণ হয় ৷ পাছত নামৰূপ হাইস্কুলত শিক্ষক হিচাপে তেওঁ কর্মজীৱন আৰম্ভ কৰে আৰু ২০০৪ বর্ষত অৱসৰ গ্রহণ কৰে ৷ তেওঁ শ্রীমন্ত শংকৰদেৱ সংঘৰ ডিব্রুগড় শান্তিপুৰ প্রাথমিক শাখাৰ প্রতিষ্ঠাপক সম্পাদক, নামৰূপ আঞ্চলিক শাখাৰ প্রতিষ্ঠাপক সম্পাদক আছিল ৷ তেওঁ সংঘৰ ডিব্রুগড় জিলা শাখাৰ সম্পাদক হিচাপে ৬ বছৰ, ডিব্রুগড় জিলা শাখাৰ সভাপতি হিচাপে ৮ বছৰ, সংঘৰ প্রচাৰ শাখাৰ সভাপতি হিচাপে ৬ বছৰ, শৰণ সদস্য হিচাপে ২৬ বছৰ, সংঘৰ উপ-পদাধিকাৰ হিচাপে ৬ বছৰ কার্যনির্বাহ কৰিছিল ৷ ২০১০ বর্ষতে বেংগালুৰুত অনুষ্ঠিত আন্তর্তিক ধর্মীয় সন্মিলনতো তেওঁ বক্তৃতা দিছিল ৷ গগৈ এগৰাকী সাহিত্যিক হিচাপেও প্রতিষ্ঠা লাভ কৰিছে৷ তেওঁৰ ‘কুসুম মালা’, ‘মুকূল মালা’ নামৰ দুখন কবিতা পুথি, ‘ভক্তি নিজৰা’ নামৰ এটা প্রবন্ধ সংকলন প্রকাশ পাইছে ৷ ২০০৮ চনত তেওঁ ড০ বি আৰ আম্বেদকাৰ বঁটাও লাভ কৰিছিল ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা