ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান,আছামেৰআলগা -দক্ষিণ শালমাৰা, মানকাচৰ জিলা


ব্রহ্মপুত্র আমন্ত্রণ অভিযানৰ সাফল্য উদযাপন সমাপ্তি অনুষ্ঠান


ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী :
ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ অৰ্ন্তগত ব্ৰহ্মপুত্ৰ বৰ্ডৰ দ্বাৰা আয়োজিত  ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ ২০ জানুৱাৰীত ভাৰত বাংলাদেশ সীমান্তত অৱস্থিত আছামেৰআলগাত অন্ত পৰে । এই ৰাফ্টিং  অভিযান সুহাশিনী শেখাৱ্তৰ নেতৃত্বত আৰু ৰাষ্টীয় দুৰ্যোগ মোচন বাহিনীৰ সহযোগত সফল ভাৱে শেষ গন্তব্য স্থান  আছামেৰআলগাত  উপস্থিত হ্য় ।  
এই অভিযানৰ সফলাতৰ স্মৃতিচাৰণ কৰাৰ উদ্দেশ্যে এক কাৰ্য্সুচী ২১ জানুৱাৰীত অসমৰ গোৱালপাৰা চহৰৰ নটসুৰ্য্ ফণী শৰ্মা ভৱনত আয়োজন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষ  ৰাজীৱ যাদৱ, গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডে, এন্. ডি. আৰ্. এফৰ প্ৰথম বেটেলিয়ানৰ কামাণ্ডেন্ট  আৰ্. এচ্. গীল্, গুৱাহাটী আই. আই. টিৰ অৰূপ শৰ্মা, ব্ৰহ্মপুত্ৰ বৰ্ডৰ উপাধ্যক্ষ  পি. এম.স্কট্ আৰু ৰাফ্টিং বাহিনীৰ অন্যান্য সদস্য সকল।
উক্ত অনুষ্ঠানত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ সৈতে জড়িত ৰাফ্টিং বাহিনীৰ, বিভিন্ন অনুষ্ঠান আৰু এই অভিযানৰ সৈতে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰা ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ লগতে গোৱালপাৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত “নদীৰ ধাৰা সৈতে জীৱন ধাৰা” এই বিষয়ৰ ওপৰত আযোজিত তৰ্ক প্ৰতিযোগিতা আৰু ৰচনা লিখা প্ৰতিযোগিতাৰ বিজয়ী সকলকো সম্বৰ্ধনা জনোৱা হয়।
অভিযানৰ কাৰ্যকলাপ সমুহ নিম্নলিখিত ছ’চিয়েল মিডিয়াত উপলব্ধ কৰা হ’ব- 
    • https://www.instagram.com/brahmaputra.aamantran/
    • https://www.facebook.com/BrahmaputraAamantranAbhiyan
    • https://twitter.com/BAamantran


উল্লেখ্য যে ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ৰ অধীনত ব্ৰহ্মপুত্ৰ ব’ৰ্ডে এটি সক্ষম ধাৰাৰ অনুশীলন তথা নদী পুনৰুজ্জীৱিতকৰন জনপ্ৰিয় কৰাৰ উদ্দেশ্যে জনসংযোগী প্ৰক্ৰিয়াৰ আৰম্ভনিৰুপে আৰম্ভ কৰা ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ দ্বৈত-উদ্দেশ্য হৈছে-
"নদীৰ ধাৰাৰ সতে জীৱন ধাৰা" এই ধাৰণা জনপ্ৰিয় কৰাৰ অৰ্থে নদীত  ৰাফটিং (ভুৰচালনা) অভিযানৰ মাধ্যমেৰে বিশেষকৈ যুৱ আৰু ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্যত ৰাখি আয়োজন কৰা এক অনুষ্ঠান।
বৈজ্ঞানিক অনুসন্ধানৰ উদ্দেশ্যেৰে সমগ্ৰ অভিযান পথত সংগ্ৰহকৰা নদীৰ পানীৰ মান, গেদ পৰিবহণ, খহনীয়া আৰু মৎসকুলৰ আৱাস সম্বন্ধীয় তথ্য আৰু নমুনা সংগ্ৰহৰ বাবে লব্ধপ্ৰতিষ্ঠিত সংস্থাসমূহৰ সহযোগত আৰম্ভ  কৰা ই এক যৌথ প্ৰচেষ্টা ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা