শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ উপলক্ষে উদুলি-মুদুলি পৰিবেশ আইভেটি শ’লগুৰি নসত্ৰত≈≈বিভিন্ন সাংস্কৃতিক দলৰ কলা-কৃষ্টি প্ৰদৰ্শন#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ জানুৱাৰীঃ মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি অন্তিম দিনা গুৰুজনাৰ ওপজাভূমিৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টিৰে এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ অংশহিচাপে বটদ্ৰৱা থানৰ অন্তৰ্গত শ্ৰী শ্ৰী আইভেটি শ’লগুৰি নসত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ পৰা অহা শিল্পী দলৰ দ্বাৰা কলা-কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনে উপস্থিত সহস্ৰাধিক ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে ৷ আজি সন্ধিয়াৰে পৰা ৰাইজৰ উপস্থিতিৰে সৃষ্টি হোৱা উখল-মাখল পৰিবেশত তিনিচুকীয়াৰ সত্ৰীয়া নৃত্য দলৰ 'কেলিগোপাল নাট'ৰ দৃশ্যাংশ, মৰিগাঁৱৰ শিল্পী দলৰ থিয়নাম, বৰপেটাৰ ভবানীপুৰ শিল্পীদলৰ বৰগীতৰ লগতে ভোৰতালৰ নৃত্য, মৰিগাঁৱ দিহানামৰ দলৰ দিহানাম পৰিবেশন, বৰপেটাৰ হলীগীত, মাজুলীৰ শিল্পীৰ দ্বাৰা 'ৰাম বিজয়' ভাওনা আৰু নগাঁৱৰ কাকীৰ শিল্পীদলৰ দ্বাৰা 'পত্নী প্ৰসাদ' ভাওনা পৰিবেশন কৰে ৷ ইফালে, কালি বিশ্বনাথ চাৰিআলিৰ শিল্পীসকলে দিহানাম, লামডিঙৰ দহানামৰ দলে দিহানাম , মায়ঙ শিল্পীৰ দ্বাৰা থিয়নাম, আন্তৰাষ্ট্ৰীয় বাহীবাদক পণ্ডিত চেতন যোচীৰ বাহী বাদন, হাতীচোঙৰ সত্ৰীয়া গোপী নৃত্য, মণিপুৰৰ ৰং নিকেতন দলৰ দ্বাৰা চোলোম্ আৰু মনিপুৰী ৰাস পৰিবেশন কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা