বঙাইগাঁৱত আছুৰ জোঁৰ সমদল কাৰ্যসূচীত আৰক্ষীৰ বাধা

বঙাইগাঁওঃ ২২ জানুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰা, পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ প্ৰত্যাহাৰ, অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত আজি ৰাজ্যজুৰি
গ্ৰহণ কৰা জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বঙাইগাঁৱত প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাই উল্লেখিত দাবীৰ সমৰ্থনত সন্ধিয়া বঙাইগাঁৱস্থিত ছহিদ ভৱনৰ  পৰা জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ চেষ্টা কৰে যদিও ছহিদ ভৱনৰ পৰা জোঁৰ লৈ ওলোৱাৰ সময়তে প্ৰতিবাদকাৰী আছুকৰ্মীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ ইয়াৰ বাবে বঙাইগাঁও আৰক্ষীয়ে কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বৰে পৰাই বেহু গঢ়ি তোলা পৰিলক্ষিত হয় ৷ ফলত আছুকৰ্মীসকলে ছহিদ ভৱনৰ চৌহদতে কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হয় ৷ আছু কৰ্মীসকলে ছহিদ ভৱন চৌহদত কা আমি নামানো , কা বাতিল কৰিবই লাগিব , অসম চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোডী গ' বেক , সৰ্বানন্দ সোনোৱাল গ' বেক , নৰেন্দ্ৰ মোডী হায় হায় , জয় আই অসম আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ইপিনে কাৰ্যসূচী ৰূপায়ণত আৰক্ষীয়ে বাধা প্ৰদান কৰা কাৰ্যক তীব্ৰ গৰিহণা দি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিলোৎপল চক্ৰৱৰ্তীয়ে কয় যে, বিজেপি চৰকাৰে  সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা কাৰ্যসূচীক লৈ ভয় খাইছে ৷ আমাক বাধা প্ৰদান কৰিছে যদিও আমি জয়ী হৈছো ৷  কিয়নো এই কাৰ্যসূচী ঘোষণা কৰাৰ পাছতে বিভিন্ন জিলাত ১৪৪ ধাৰা আইন বলৱৎ কৰি জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণত বাধা দিব লগা হৈছে ৷ কিন্তু যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল আৰু পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আৰু খিলঞ্জীয়া শক্তিয়ে বিজেপি চৰকাৰক ইয়াৰ পৰা পুলিয়ে পোখাই উভালি পেলাব ৷ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিৰণ্য কুমাৰ ৰায় , জিলা আছুৰ নেতৃত্ব তথা আছুকৰ্মীসকল উপস্থিত থাকে ৷ 


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা