লালনছ কোচিং ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীয়ে সমগ্ৰ নামনি অসমক লক্ষ্য কৰি নলবাৰীত মুকলি কৰিলে নতুন শাখা



ষ্টাফৰিপোৰ্টাৰ, ১৫ জানুৱাৰীঃ ৰাজ্যৰ আগশাৰীৰ কোচিং ইনষ্টিটিউট আৰু পূৰ্ণাঙ্গ একাডেমী ললানছ কোচিং ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীয়ে আজি নামনি অসমক সামৰি লোৱাৰ উদ্দেশ্যেৰে নলবাৰী জিলাৰ পাইকাৰকুছিত এটা নতুন শাখা মুকলি কৰে।

আজি অসম বিধানসভাৰ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা আৰু অন্যান্য স্থানীয় বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ললানছ কোচিং ক্লাছেজ আৰু ললানৰ ইণ্টিগ্ৰেটেড একাডেমীৰ নতুন শাখাটো উদ্বোধন কৰা হয়।

একাডেমীৰ এই নতুন শাখাটো মুকলি কৰি নলবাৰীৰ বিধায়ক অশোক শর্মাই কয়, "প্ৰতিযোগিতামূলক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ অধ্যয়নৰ প্ৰস্তুতিৰ ক্ষেত্ৰত উচ্চ মানসম্পন্ন কোচিং প্ৰতিষ্ঠানৰ অভাৱ আঁতৰ কৰিবলৈ সক্ষম হ’ব এই ললানছ কোচিং আৰু ইণ্টিগ্ৰেটেড, লগতে গুণগত মানসম্পন্ন শিক্ষা আগবঢ়োৱাৰ ক্ষেত্ৰতো এই প্ৰতিষ্ঠানখনে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিবলৈ সক্ষম হ’ব।”

ইফালে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক শ্ৰী লালন কুমাৰে কয় যে লালনছ কোচিং ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীয়ে তেওঁলোকৰ এই নতুনকৈ খোলা শাখাটোতো আনবোৰ শাখাৰ লেখীয়াকৈ মানসম্পন্ন শিক্ষা প্ৰদানৰ ধাৰা অব্যাহত ৰাখিব। তেওঁ লগতে কয় যে কোচিং ইনষ্টিটিউট আৰু ইণ্টিগ্ৰেটেড একাডেমীখনে সৰলভাৱে শিকাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাত বিশ্বাস কৰে। সৰ্বশ্ৰেষ্ঠ নিৰ্দেশনা লাভ কৰাৰ বাবে প্ৰতিজন শিক্ষাৰ্থীৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু লালনছ কোচিং ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীয়ে এয়া নিশ্চিত কৰিব যে তেওঁলোকে যেন তেওঁলোকৰ ওচৰলৈ অহা প্ৰতিগৰাকী শিক্ষাৰ্থীকে সেই সুবিধা প্ৰদান কৰিব। পৰিচালন সঞ্চালকগৰাকীয়ে লগতে আশ্বাস প্ৰদান কৰে যে এই কোচিং ইনষ্টিটিউট আৰু ইণ্টিগ্ৰেটেড একাডেমীয়ে অসমকে ধৰি অন্যান্য জিলাতো অধিক শাখা মুকলি কৰিব।

ইফালে লালনছ ক্লাছেজ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীৰ পৰামৰ্শদাতা তথা মুখ্য উপদেষ্টা ৰমেশ মালহোট্ৰাই কয়, "এই কোচিং ইনষ্টিটিউট আৰু ইণ্টিগ্ৰেটেড একাডেমীয়ে উজ্জলা অভিযান, বেটি বচাও বেটি পঢ়াও অভিযান আৰু জয় জোৱান জয় কিষাণ আৰু অন্যান্য বিভিন্ন আঁচনিৰ অধীনৰ শিক্ষাৰ্থীসকললৈ বিভিন্ন ছাত্ৰবৃত্তিও আগবঢ়াব।"

“আমি ফেব্রুৱাৰীৰ পৰা নলবাৰী চেণ্টাৰটোত নতুন বেটছ আৰম্ভ কৰিবলৈ ওলাইছো। ৫ মাহৰ বাবে নতুন ড্রপাৰ্ছ বেটছ কোৰ্ছ আৰু NEET/JEE 2021 ৰ বাবে বিশেষ ৯০ দিনীয়া সংশোধনী কোৰ্ছ আৰম্ভ কৰা হ’ব। আচলতে কোনো কথাই অসম্ভৱ নহয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা