চতিয়া সমষ্টিৰ ১৯ টা পঞ্চায়তত একোখনকৈ গাওঁ আদৰ্শ গাওঁ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য

চতিয়া সমষ্টিৰ ১৯ টা পঞ্চায়তত একোখনকৈ গাওঁ আদৰ্শ গাওঁ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈছে সমষ্টিৰ    বিধায়ক পদ্ম হাজৰিকাই ৷ ইতিমধ্যে গাওঁ সমুহ সুন্দৰ সৰ্ব্বাংগ কৰি তোলাত উঠি পৰি লাগিছে ৷ আজি গাওঁখনৰ বাট-পথ সমুহ চাফ-চিকুণ কৰাৰ লগতে বিভিন্ন ধৰণে শ্ৰমদান কাৰ্য্যসুচী ৰূপায়ন কৰে কুসুমটোলাস্থিত দ্বাদশ অসম আৰক্ষী বাহিনীৰ জোৱান সকলে ৷  শ্ৰমদান কাৰ্য্যসুচীৰ নেতৃত্ব দিয়ে দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক প্ৰনৱজ্যোতি  গোস্বামীয়ে ৷ শ্ৰমদান কাৰ্য্যসুচীত উপস্থিত থাকি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়- মৰণাকুৰি গাওঁৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত দ্বাদশ অসম আৰক্ষী বাহিনীৰ জোৱান সকলে যি পদক্ষেপ গ্ৰহন কৰিছে সেইয়া সচাঁয় প্ৰশংসনীয় ৷ মৰণাকুৰিগাওঁ বাসী ৰাইজৰ সপোন পূৰন কৰাৰ ক্ষেত্ৰত মই অলপ হলেও কৃতকাৰ্য্যতা লাভ কৰিছো ৷ মৰণাকুৰি গাওঁক আদৰ্শ গাওঁ হিচাপে গঢ়ি তুলি পৰ্য্যটকৰ আকৰ্ষনৰ কেন্দ্ৰ বিন্দু হিচাপে প্ৰতিষ্ঠা কৰাটোৱেই মোৰ প্ৰধান লক্ষ্য হব বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ আজি পূৱা দ্বাদশ অসম আৰক্ষী বাহিনীৰ জোৱান সকলৰ এই শ্ৰমদান কাৰ্য্যসুচীত গাওঁবাসী ৰাইজেও সম্পূৰ্ণ সহযোগীতা আগবঢ়ায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা