মৌলিকতাৰ বিসৰ্জন নিদিয়াকৈ এক যুগানুকুল শিক্ষা ব্যৱস্থা আৰু প্ৰৱৰ্তন, নতুন শিক্ষা নীতিৰ জৰিয়তে ভাৰত চৰকাৰে ক্ৰিয়ান্বয়ণ কৰিব- সাংসদ দিলীপ শইকীয়া

পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। 

মৌলিকতাৰ বিসৰ্জন নিদিয়াকৈ  এক যুগানুকুল শিক্ষা ব্যৱস্থা আৰু প্ৰৱৰ্তন, নতুন শিক্ষা নীতিৰ জৰিয়তে ভাৰত চৰকাৰে ক্ৰিয়ান্বয়ণ কৰিব- সাংসদ দিলীপ শইকীয়া ।

পঙ্কজ নাথ, চাংসাৰি, ১০ জানুৱাৰী :

আজি  পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সাধাৰণ সভাখন গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । 
বন্তি প্ৰজ্বলনৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সভাপতি সদা দত্তই । কাৰ্যসূচীৰ আৰম্ভণিতে শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ আচাৰ্য-আচাৰ্যা আৰু  বিদ্যাৰ্থীসকলে বন্দনা পৰিৱেশন কৰি আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিগত বৰ্ষত দেশ তথা সমাজৰ কল্যাণৰ হকে জীৱন উচৰ্গা কৰা ব্যক্তিসকলক স্মৰণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পাছতে মঞ্চত উপৱিষ্ঠ বিশিষ্ট ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰে ড০ পৱন তিৱাৰীয়ে । বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাওৱে আদৰণি ভাষণ প্ৰদান কৰে। ৰাওৱে তেওঁৰ দেশপ্ৰেমৰ আদৰ্শ   সাম্প্ৰতিক শিক্ষানীতিত প্ৰৱৰ্ত্তনৰ জৰিয়তে দেশ সেৱাৰ মনোভাৱ নৱপ্ৰজন্মৰ মাজত জগাই তুলিবলৈ আহ্বান জনায়। বিদ্যা শিক্ষাক দেশ সেৱা, জগত সেৱাৰ লগত জড়িত কৰিব পাৰিলেহে দেশৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ হ'ব। পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম জনজাতি অঞ্চলবোৰত জ্ঞানৰ পোহৰ বিলাই আছে।  বৰ্তমানলৈকে মুঠ ৯৭ বিদ্যালয় আৰু ৫৪০ একল বিদ্যালয় সমগ্ৰ উত্তৰ পূৱ ভাৰতত চালুকীয়া অৱস্থাত থকা বুলি  ব্ৰহ্মাজী ৰাওৱে তেওঁৰ আদৰণি ভাষণত উল্লেখ কৰে । যদি কৰ্মকৰ্তাসকলে উচৰ্গিত আৰু সেৱা মনোভাৱেৰে কাম কৰাৰ লগতে এবছৰ কাল জনজাতি অঞ্চলত সেৱা আগবঢ়ায় তেন্তে শীঘ্ৰেই  অধিক অঞ্চলত বিদ্যা ভাৰতীয়ে   শিক্ষা প্ৰসাৰ ঘটাব পাৰিব  বুলিও তেওঁ আশাবাদী। আজিৰ সভাত মূখ্য অতিথি ৰূপে উপস্থিত থাকে মংগলদৈ লোক সভা সমষ্টিৰ সাংসদ তথা বিদ্যাভাৰতীৰ প্ৰাক্তন কাৰ্যকৰ্তা দিলীপ শইকীয়া।মূখ্য অতিথিৰ ভাষণ প্ৰদান কৰি দিলীপ শইকীয়াই কয় আমাৰ সকলোৰে সপোন আছিল শিক্ষা ভাৰতীয়কৰণ কৰা। মৌলিকতাৰ বিসৰ্জন নিদিয়াকৈ এক যুগানুকুল শিক্ষা ব্যৱস্থা আৰু প্ৰৱৰ্তন, নতুন শিক্ষা নীতিৰ জৰিয়তে ভাৰত চৰকাৰে ক্ৰিয়ান্বয়ণ কৰিব। এক বিজ্ঞান সন্মত মূল্যবোধ আধাৰিত শিক্ষাৰ দ্বাৰা বিদ্যা ভাৰতীৰ নিকেতন সমূহে ছাত্ৰ ছাত্ৰীৰ মনত ৰাষ্ট্ৰীয়তাবোধ জাগ্ৰত কৰি সমাজত এক সূদুৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা বুলি সাংসদ গৰাকীয়ে বিদ্যা ভাৰতীৰ কামকাজক ভূয়সী প্ৰশংসা কৰে। 

বিশিষ্ট বক্তাৰ ভাষণ ৰাখি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাস কুলকাৰ্নিয়ে কয় যে চৰকাৰী সহায় অবিহনে ভাৰতীয় সংস্কৃতি, সভ্যতাৰ বিস্তাৰৰ বাবে শিক্ষাৰ ক্ষেত্ৰত বিদ্যা ভাৰতীয়ে প্ৰশংসনীয় কাম কৰি আছে। কৰ'ণা সংকট কালত বিদ্যা ভাৰতীৰ আচাৰ্য -আচাৰ্যা, কৰ্মচাৰী আৰু কাৰ্য্যকৰ্তাসকলে স্ব-প্ৰেৰণাৰে ধৈৰ্য্য, সংযম আৰু সাহসৰ পৰিচয় দি সমাজৰ বাবে যি সেৱা আগবঢ়ালে তাৰ বাবে তেখেতসকল ধন্যবাদৰ পাত্ৰ। কুলকাৰ্নিয়ে ভাষণ প্ৰসংগত পূৰ্বোত্তৰ সীমাপৱৰ্তী অঞ্চল সমূহত উন্নত মানৰ শিক্ষা প্ৰদানৰ বাবে বিদ্যালয় স্থাপন কৰিবলৈ আহ্বান জনায়। 
ইয়াৰ পাছতে পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সম্পাদক চাঞ্চিৰাম পায়েঙে ২০১৯-২০ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে। আজিৰ সাধাৰণ সভাই বাৰ্ষিক প্ৰতিবেদনখন সৰ্বসন্মতিক্ৰমে গৃহীত কৰে ।

পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সভাপতি সদা দত্তই সভাপতিৰ ভাষণত  - ৰাইজৰ দান বৰঙনিৰ নিৰ্মিত জনজাতি শিক্ষা সমিতিয়ে সদায় জনজাতি শিক্ষাৰ বিকাশত সংকল্পিত মনোভাৱৰে কাম কৰিব বুলি ব্যক্ত কৰে।

আজিৰ সভাত পূৰ্বোত্তৰ ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সভাপতি ড০ জয়কান্ত শৰ্মা, পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ উপদেষ্টা লংকী ফাংচো , শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, অসম, মেঘালয় শিক্ষা সমিতিৰ অধ্যক্ষ ৰিনোমো চুংহো, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উপসভাপতি অনিমা শৰ্মা, 
বিদ্যা ভাৰতীৰ প্ৰাক্তন ছাত্ৰ তথা আয়কৰ বিভাগৰ সহ আয়ুক্ত বৰুণ যাদৱ প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা