উত্তৰ গুৱাহাটীত আটক হল চাইকেল চোৰ
পঙ্কজ নাথ, চাংসাৰি, ৬ জানুৱাৰী :
আগন্তুক মাঘ বিহুৰ উৰুকা বুলি সকলো অসমীয়াৰ ব্যস্ততা বাঢ়িছে । মাঘৰ উৰুকাত সুখী দুখী সকলোৱে লগে ভাগে এখাজ খোৱাৰ বাবে উদগ্ৰীব হৈ পৰিছে । পিছে উৰুকা বুলি বহি থকা নাই চোৰো । উৰুকাৰ বজাৰ কৰিবলৈ ধন নোহোৱা ৰিয়াজুল হক নামৰ এইজন চোৰে , দিন দুপৰতে চলালে অভিযান । উত্তৰ গুৱাহাটীৰ ফুলুং বজাৰৰ ব্যস্ততাৰ মাজত চাইকেল লৈ উধাও হোৱা চোৰ ৰিয়াজুল আলিক ৰাইজে ধৰি বান্ধিলে ঘৰৰ খুটাত । দীৰ্ঘদিন চোৰৰ উৎপাতত অতিস্থ ৰাইজে আগ গুৰি নেভাবি দিলে কেইচাটমান । ৰাইজৰ মাৰত কাণৰ কাষেৰে বাহিৰ হল বেচেৰা চোৰৰ তেজ । উত্তৰ গুৱাহাটী জলাহৰ ৰিয়াজুলৰ বিৰুদ্ধে উঠিছে ছাগলী আৰু বাইক চুৰিৰো অভিযোগ । সেয়ে প্ৰথমে পিটন আৰু শেষত আৰক্ষীৰ হাতত গতাই চাইকেলৰ গৰাকীয়ে চোৰক দীলে নীতি শিক্ষা ।
কথাতে কয় চুৰি বিদ্যা উত্তম বিদ্যা ,ধৰা পৰিলে শিলৰ খুন্দা । গতিকে সাবধান হোৱাৰ পিছতো চোৰৰ নাথাকে নিৰাপত্তা ।
কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।
Comments
Post a Comment