দুধনৈ বিধান সভা সমষ্টিত নিৰ্বাচনী ৰণ ডংকাঃকৃষ্ণাইৰ বেকিপুলত বিজেপিৰ অনুসুচিত জাতি মৰ্চাৰ বিশাল চাইকেল ৰেলি

ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা অনুসুচিত জাতি মৰ্চাৰ সহযোগত আজি দুপৰীয়া কৃষ্ণাই বেকিপুলৰ পৰা ওলায় এক বৃহৎ  চাইকেল ৰেলি ৷ চাইকেল ৰেলিৰ শুভাৰম্ভ কৰে দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ৷ মূলতঃ সাংগঠনিক ভেটি আৰু অধিক সুদৃঢ় কৰাৰ মানসেৰে অনুসূচিত জাতি মৰ্চাই উলিওৱা এই চাইকেল ৰেলিৰ প্ৰাক ক্ষণত বিধায়ক দীপক কুমাৰ ৰাভাই এই চাইকেল ৰেলিৰ যোগেদি জিলা খনত আগন্তুক ২০২১ ৰ নিৰ্বাচনী ৰণডংকা বজোৱা বুলি ঘোষণা কৰে ৷ সমষ্টিটোত বিজেপি এতিয়া অপ্ৰতিৰোধ্য বুলি উল্লেখ কৰে ৷ ২০১৬ চনত দুধনৈ সমষ্টিত বিজেপিয়ে ৮০ হাজাৰোধিক ভোটত বিজয় লাভ কৰি ভেটি মজবুত কৰিছিল ৷ আগন্তুক নিৰ্বাচনত বিজেপি দলে এক লাখ বিশ হাজাৰোধিক ভোটত জয় যুক্ত হ’ব বুলি বিধায়ক গৰাকীয়ে দাবী কৰে ৷
আজি অনুষ্ঠিত চাইকেল ৰেলিত  বিধায়ক দীপক কুমাৰ ৰাভাৰ উপৰি ভাগ লয় গোৱালপাৰাৰ বিজেপিৰ উপ সভানেত্ৰী টিনামণি দৈমাৰী,গোৱালপাৰা জিলাৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি ৰূপম কুমাৰ দাস,অনুসুচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক নীলকান্ত দাস আদিৰ লগতে বহু সংখ্যক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা