'২১ ৰ ৰণডংকা বজাবলৈ সাজু বিজেপি, আহি আছে জেপি নদ্দা-অমিত শ্বাহ, চাওক সম্পূৰ্ণ সূচী

উজনিত ৰাজ্যিক বিজেপিৰ সভাপতি, নামনিত বিজেপি, অসম প্ৰদেশৰ প্ৰভাৰী
২১ ৰ নিৰ্বাচনত সমগ্ৰ অসম গেৰুৱাকৰণ কৰিবলৈ পূৰ্ণাংগ প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ
নিৰ্বাচন প্ৰস্তুতিৰ গতিক অধিক সক্ৰিয় কৰি তুলিবলৈ আহি আছে 
জে পি নাড্ডা আৰু অমিত শ্বাহ 

বিটিচি আৰু তিৱা স্বায়ত্ব পৰিষদীয় নিৰ্বাচনত অভূতপূৰ্ব সফলতা আৰ্জন কৰা পিছত এইবাৰ ২১ ৰ বিধানসভা ৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে  বিজেপি, অসম প্ৰদেশ। নিৰ্বাচনৰ পূৰ্বে উজনি অসমত দলৰ সাংগঠনিক ভেটিত অধিক সাৰ পানী যোগাই সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাস ডাঙৰীয়াই  বোকাখাত, সৰুপথাৰ, দেৰগাঁও, গোলাঘাট, যোৰহাট, টিয়ক, তিতাবৰ, মৰিয়নি বিধানসভা সমষ্টিত কেইবাখনো ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰি দলৰ কাৰ্যকৰ্তা সকলৰ মনোবল বৃদ্ধি কৰি তুলিছে। একেদৰে নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইয়ো উজনি অসমৰ শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ বিভিন্ন অঞ্চলত হাজাৰোধিক জনতাৰ উপস্থিতিত কেইবাখনো সভাত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনি তথা কামকাজসমূহ ৰাইজৰ মাজত প্ৰসাৰিত কৰিছে। 

৩ জানুৱাৰীৰ পৰা অসমত বাহৰ পাতি থকা  বিজেপি, অসম প্ৰদেশৰ নৱ নিযুক্ত প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা ডাঙৰীয়াই  ইতিমধ্যে প্ৰায় চল্লিশটাৰো অধিক বিধানসভা সমষ্টিত বহুকেইখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ লগতে দলীয় কৰ্মীসকলৰ লগত মত বিনিময়ত কৰে । তদুপৰি আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে যাতে সুচাৰুৰূপে আৰু শৃখলিতভাৱে দলীয় কাম কাজসমূহ পৰিচালিত কৰিব পাৰে তথা অতি শক্তিশালী ৰূপত দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে সেই উদ্দেশ্যৰে ৮ আৰু ৯ জানুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো বিভাগৰ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াৰ উপৰিও দলৰ ভিন্ন স্তৰৰ নেতাসকলৰ লগত পৃথক পৃথককৈ বহু কেইখন বৈঠকত মিলিত হয় ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত পাণ্ডা  আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা  ৷ নামনি অসমত ৰাজ্যিক বিজেপিৰ নিৰ্বাচন প্ৰস্তুতিৰ গতিক অধিক তৰাম্বিত কৰাৰ উদ্দেশ্যে সহ-প্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়াই দক্ষিন কামৰূপ, বজালী, নলবাৰী,বৰপেটা, গোৱালপাৰা আৰু বিলাসীপাৰাত উপস্থিত হৈ কেইবাখনো দলীয় সভাত উপস্থিত থাকি তথা বহুমূলীয়া ভাষণ প্ৰদান কৰি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক উৎসাহ যোগায়। 

        ৰাজ্যিক বিজেপিৰ ৰথী মহাৰথীসকলৰ সমানেই দলৰ জিলা, মণ্ডল তথা বুথ পৰ্যায়ৰ কাৰ্যকর্তাসকলেও সমাগত নিৰ্বাচনী ৰণৰ বাবে কঁকালত টঙালি বান্ধিছে। দলৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকর্তা সকলৰ উদ্যোগত সমগ্ৰ অসমৰ বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ প্ৰতিখন জিলাতেই ২৮,০০০ বুথ সমিতিৰ সভা সম্পন্ন হৈ উঠিছে। ২০২১ চনৰ বিধানসভা ৰণৰ বাবে বিজেপি, অসম প্ৰদেশক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ ন ন মন্ত্ৰনা লৈ অহা ১১ জানুৱাৰীত ভাজপাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু এই মাহৰ শেষৰ ফালে গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব l 

চাওক সম্পূৰ্ণ সূচী 
অহা ১১/০১/২০২১  তাৰিখে নিৰ্বাচনী পৰা অসম ভ্ৰমণৰত আহিবলগীয়া ভাজপাৰ, সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ডাঙৰীয়াৰ কাৰ্যসূচী এনেধৰণৰ

*জে পি নাড্ডা*
১১/০১/২০২১ 
দিনৰ ১২.৩০ বজাত-  কুম্ভীৰগ্ৰাম বিমান বন্দৰ 
দিনৰ ০২.০৫ বজাত-  শিলচৰৰ পুলিচ পেৰাডে গ্ৰাউণ্ডত সভাত অংশগ্ৰহণ
সন্ধিয়া ৬.২০ বজাত-  গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ
সন্ধিয়া ৬.৫৫ বজাত-  বিজেপি, অসম প্ৰদেশৰ শীৰ্ষ কাৰ্যকর্তাৰ লগত দলৰ সাংগঠনিক সভাত অংশগ্ৰহণ(স্থান : আমিনগাঁও PWD অতিথিশালা)
১২/০১/২০২১ 
পুৱা ১০ বজাত- কামাখ্যা মন্দিৰ দৰ্শন 

*বি এল সন্তোষ*
১১/০১/২০২১
দিনৰ ১০.২০- গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ
দিনৰ ১১.০০-সন্ধিয়া ৮.৩০-  বিজেপি অসম প্ৰদেশৰ শীৰ্ষ পৰ্যায়ৰ কাৰ্যকর্তাৰ লগত দলৰ কেইবাখনো গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ, সন্ধিয়া জে পি নাড্ডাৰ লগত বৈঠকত অংশগ্ৰহণ(স্থান : আমিনগাঁও PWD অতিথিশালা)
১২/০১/২০২১
পুৱা ৮.০০ বজাত- ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, জে পি নাড্ডাৰ লগত বৈঠকত অংশগ্ৰহণ
দিনৰ ১১.০০- কামাখ্যা মন্দিৰ দৰ্শন
দিনৰ ১২.১০- গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা