খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা যোঁজনাৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ জানুৱাৰীঃ নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছ গোটৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় সেৱা যোঁজনাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ছফট স্কিল আৰু কেৰিয়াৰ কাউন্সিলিঙৰ প্ৰশিক্ষণ শিবিৰৰ শনিবাৰে সামৰণি পৰে । যোৱা ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা এই প্ৰশিক্ষণ শিবিৰত ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক মেঘনা কৌশিকে। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলক নিজৰ ভৱিষ্যৎ সুন্দৰ কৰি তুলিবলৈ আহ্বান জনাই কয় যে-ছাত্ৰ-ছাত্ৰী সকলে প্ৰশিক্ষণ গ্ৰহণ কৰা বিষয় নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰিব লাগিব। তেতিয়াহে তেওঁলোক সফল হ'ব ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰমেশ নাথৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম অসামৰিক সেৱাত স্থান লাভ কৰা নগাঁৱৰ ৰাকেশ ঠাকুৰে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয় যে-- সকলোৰে সপোন থাকিব লাগিব। তদুপৰি তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কঠোৰ পৰিশ্ৰম কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। প্ৰশিক্ষক মেঘনা কৌশিকে ছাত্ৰ-ছাত্ৰী সকলক নিৰ্দ্দিষ্ট বিষয়ৰ ওপৰত কেৰিয়াৰ গঢ়ি তুলিবলৈ আহ্বান জনাই। অনুষ্ঠানত শিক্ষাবিদ কল্লোল দত্ত আৰু নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাও অংশগ্ৰহণ কৰি চমু বক্তব্য প্ৰদান কৰে। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা যোঁজনা গোটৰ সমন্বয়ক মাইনুল হকে আঁত ধৰা অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা