ৰঙিয়া অসামৰিক চিকিৎসালয়ত গণৰাজ্য দিৱস উপলক্ষে শঙ্কৰ আজান স্বচ্চতা হি সেৱাৰ বৃক্ষৰোপন

প্ৰতিবেদক, ৰঙিয়া, ২৭ জানুৱাৰীঃ

শঙ্কৰ আজান স্বচ্চতা হি সেৱাৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কালি এক ব্যাপক বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লয়। সাহানাস্থিত ৰঙিয়া অসামৰিক চিকিৎসালয় চৌহদত দিনৰ ভাগত অনুষ্ঠিত এই বৃক্ষৰোপন কাৰ্যসূচীত অসামৰিক চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মুকুল ভট্টাচাৰ্য, কাৰ্য্যালয় সহায়ক গৌতম কলিতা, অমূল্য বৈশ্যসহ শঙ্কৰ আজান স্বচ্চতা হি সেৱাৰ সভাপতি চৈয়দ জাকিৰ হুছেইন, উপ সভাপতি বাবুল আলী, সাধাৰণ সম্পাদক ভোলা বাচফৰ, সহকাৰী সাধাৰণ সম্পাদক জিয়াউৰ ৰহমান, কোষাধ্যক্ষ চৈয়দ ফৰজুল ইছলাম, প্ৰচাৰ সম্পাদক নুৰ ই আলাম, ডাটা সংগ্ৰহক দিলীপ কুমাৰ মহন্ত সহ সক্ৰিয় সদস্য ৰেজ্জাক আলীৰ উপৰিও কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে চিকিৎসালয়খনৰ কৰ্মকৰ্তাৰ সৈতে কিছু চিকিৎসালয় খনত উপস্থিত হোৱা ৰোগীয়ে অংশগ্ৰহণ কৰে।ইতিমধ্যে শঙ্কৰ আজান স্বচ্চতা হি সেৱাৰ সংস্থাটোৱে ৰঙিয়া চহৰখনত পূৰ্বৰে পৰা বহুকেইটা কাৰ্যসূচী হাতত লৈ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে, দেশত কৰ'না ভাইৰাছ মহামাৰী সংক্ৰমণ ৰোধ কৰিবলৈৈ দেশজুৰি প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে হোৱা লকডাউন কাৰ্যসূচীৰ ফলত একাংশ দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল । দুবেলা দুসাজ অন্ন যোগানৰ বাবে প্ৰতিদিনে জীৱন যুজত অৱতীৰ্ণ হোৱা দৰিদ্ৰ লোকসকলৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা।  লকডাউনৰ প্ৰভাৱত বিশেষকৈ দিন হাজিৰা কৰা, ঠেলাৱালা , ৰিক্সাৱালা সকলে নিজ ঘৰতে আৱদ্ধ থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল ।লগতে টাউন চহৰৰ বাটে পথে অঘৰী জীৱন কটোৱা একাংশ লোকৰ জীৱন বিপৰ্যস্ত হৈ পৰিছিল । গৰীৱ পৰিয়াল সমূহৰ লগতে অঘৰী জীৱন যাপন কৰা সকলৰ  খাদ্যৰ অভাৱত অবৰ্ণনীয় জীৱন কটোৱাত লোক সকলক খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ ওলাই আহিছিল সেই সময়ছোৱাত বিভিন্ন ব্যক্তিৰ লগতে ৰঙিয়াৰ এই মহান অনুষ্ঠান শঙ্কৰ আজান স্বচ্চতা হি সেৱা সংস্থাটোৱে। ইয়াৰোপৰি স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ অধীনত ৰঙিয়া চহৰখনত কেইবালানিও কাৰ্যসূচী হাতত লয় ৰঙিয়াত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা