ঋতুকালীন 'বৰষুণ'ৰ অণুগল্প বিশেষ সংখ্যা প্ৰকাশৰ প্ৰস্তুতি

ভৱানীপুৰ, ১৯ জানুৱাৰীঃ ছপা আৰু অনলাইন মাধ্যমত জনপ্ৰিয়তা লাভ কৰা ঋতুকালীন আলোচনী 'বৰষুণ'ৰ পৰৱৰ্তী সংখ্যা অণুগল্প বিশেষ সংখ্যা হিচাপে প্ৰকাশৰ প্ৰস্তুতি চলিছে। 'বৰষুণ'ৰ সম্পাদক সঞ্জীৱ সাগৰ দাসে জনোৱা মতে, আগন্তুক ব'হাগ বিহুত অণুগল্প বিশেষ সংখ্যা হিচাপে ছপা, অনলাইন -দুয়োটা মাধ্যমযোগে প্ৰকাশ পাব 'বৰষুণ'। সংখ্যাটি প্ৰকাশ কৰিব কয়াকুছিৰ সমন্বয়-সাহিত্য গোষ্ঠীৰ সম্পাদক ছাহেদ আলী আহমেদে। ইচ্ছ্যুক গল্পকাৰক তেওঁলোকৰ অণুগল্পসমূহ  borokhunassam@gmail.com ই-মেইলযোগে আগন্তুক মাৰ্চ মাহৰ ১ তাৰিখৰ আগত পঠাবৰ বাবে আহ্বান জনাইছে সম্পাদকে লগতে অণুগল্পসমূহ পেজমেকাৰত ডিটিপি কৰি নাইবা ইউনিক'ডত টাইপ কৰি পঠাব লাগিব বুলি জনাইছে সম্পাদক দাসে। এইক্ষেত্ৰত
গল্পকাৰসকলৰ সহযোগিতা কামনা কৰিছে সম্পাদনা সমিতিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা