বঙাইগাঁৱত 'কৃতজ্ঞতা' আঁচনিৰ অধীনত ২৪ গৰাকী শিক্ষক- কৰ্মচাৰীক আনুষ্ঠানিকভাৱে 'পেঞ্চন প্ৰদান নিৰ্দেশ পত্ৰ' বিতৰণ
বঙাইগাঁওঃ ৭ জানুৱাৰীঃ অসম চৰকাৰৰ 'কৃতজ্ঞতা ' আঁচনিৰ অধীনত আজি বঙাইগাঁও জিলাৰ সদ্য অৱসৰপ্ৰাপ্ত ২৪ গৰাকী শিক্ষক- কৰ্মচাৰীলৈ আনুষ্ঠানিকভাৱে 'পেঞ্চন প্ৰদান নিৰ্দেশ পত্ৰ বিতৰণ কৰা হয় ৷ এই উদ্দেশ্যে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও জিলাত এই কৃতজ্ঞতা আঁচনিখনৰ শুভাৰম্ভ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক আনুষ্ঠানিকভাৱে পেঞ্চন প্ৰদানৰ নিৰ্দেশ পত্ৰ বিতৰণ কৰে ৷ পেঞ্চন পত্ৰৰ সৈতে একোখন সম্বৰ্ধনা পত্ৰও প্ৰদান কৰা হয় ৷ উল্লেখ্য যে এই 'কৃতজ্ঞতা' হৈছে কেন্দ্ৰীয় চৰকাৰৰ 'ভৱিষ্য' পৰ্টেলৰ আৰ্হিত অসম চৰকাৰে গঢ়ি তোলা এক পৰ্টেল যাৰ দ্বাৰা অসম চৰকাৰৰ অধীনস্থ পেঞ্চন লাভ কৰা কৰ্মচাৰী সকলে সমাজ তথা ৰাজ্যৰ হিতৰ বাবে সুদীৰ্ঘ কালজুৰি আগবঢ়োৱা সেৱাৰ প্ৰতি কৃতজ্ঞতা স্বৰূপে তেওঁলোকে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ দিনাই তেওঁলোকক পেঞ্চন প্ৰদানৰ বাবে লোৱা এক পদক্ষেপ।এই পৰ্টেলৰ যোগেদি অনলাইনত পেঞ্চন সম্পৰ্কিত সকলো যাৱতীয় কাম কৰাটো সম্ভৱ হোৱাৰ লগতে পেঞ্চনৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কেও তথ্য লাভ কৰিব পৰা যাব। ৰাজ্যখনত প্ৰথম অৱস্থাত শিক্ষা বিভাগত এই ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে ৷ অসমত প্ৰথম পৰ্যায়ত কামৰূপ মহানগৰ জিলাত পৰীক্ষামূলক ভাৱে কৃতজ্ঞতা আঁচনিখন প্ৰথমে ৰূপায়ণ কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত কৃতজ্ঞতা ৰ প্ৰশিক্ষণ সম্পন্ন হোৱা ৭ খন জিলাৰ ভিতৰত দ্বিতীয় পৰ্যায়ত এই আঁচনি ৰূপায়ণ কৰা বঙাইগাঁও জিলাই হৈছে প্ৰথম জিলা। ইপিনে অনুষ্ঠানত মুখ্য অতিথি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে নিজৰ ভাষণ কয় যে যোৱা বৰ্ষৰ চেপ্তেম্বৰ মাহত আমাৰ বিভাগটোৰ এখন পৰ্যালোচনা সভা হৈছিল আৰু এই সভাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কৈছিল যে কেন্দ্ৰীয় চৰকাৰৰ যি 'ভৱিষ্য' পেঞ্চন ব্যৱস্থা আছে সেই ব্যৱস্থাৰ অধীনত আমাৰ অসমত পেঞ্চন বিভাগৰ অধীনত যিসকল কৰ্মচাৰী সাঙুৰ খাই আছে সেইসকলক ভৱিষ্যৰ আধাৰত পেঞ্চন দিব পৰা যায় নেকি এই কথাটোৰ আলোচনা - বিলোচনা হৈছিল৷ যিহেতু শিক্ষক - শিক্ষয়িত্ৰীসকলে সমাজৰ মানৱ সম্পদ সৃষ্টি কৰাৰ ক্ষেত্ৰত নিজকে আত্মনিয়োগ কৰে ,সেয়ে শিক্ষাগুৰুসকলক অৱসৰ পোৱাৰ পিচত তেওঁক কৃতজ্ঞতাস্বৰূপে লগে লগে পেঞ্চনখিনি দিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মুখ্যমন্ত্ৰীয়ে এই আঁচনিখনৰ নাম 'কৃতজ্ঞতা ' দিছিল ৷ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত আমি বিভাগে এতিয়ালৈকে একেবাৰে সফল হোৱা নাই যদিও আংক্ষিকভাৱে সফল হৈছো ৷ আমি প্ৰথমে কামৰূপ মহানগৰ জিলাত এই আঁচনিখন পাইলট প্ৰজেক্ট হিচাপে উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাম কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক- শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত আৰম্ভ কৰিছিলো ৷ যোৱা ৩০ চেপ্তেম্বৰত অৱসৰ গ্ৰহণ কৰা শিক্ষক - শিক্ষয়িত্ৰীসকলক আমি ১ অক্টোৱৰত পেঞ্চন প্ৰদানৰ নিৰ্দেশনাপত্ৰ বিতৰণ কৰিছিলো ৷ তাৰ পিচত আমি দ্বিতীয় পৰ্যায়ত বঙাইগাঁও , বৰপেটা ,ডিমাহাচাও,শিলচৰ ,কৰিমগঞ্জ ,হাইলাকান্দি আৰু ডিব্ৰুগড় জিলাত এই আঁচনিখন ৰূপায়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো ৷ বঙাইগাঁও জিলাত এই আঁচনিৰ অধীনত নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অৱসৰ গ্ৰহণ কৰা ২৯ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক - শিক্ষয়িত্ৰীৰ ভিতৰত ২৪ গৰাকীক পেঞ্চন প্ৰদান নিৰ্দেশনা পত্ৰ প্ৰদান কৰা হ'ল আৰু এই প্ৰক্ৰিয়া চলি থাকিব ৷ আনহাতে ডিব্ৰুগড় জিলাক বাদ দি বাকীকেইখন জিলাতো এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়াক এন আই চিৰ তৰফৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ ইয়াৰ পিচত আমি পৰ্যায়ক্ৰমে সমগ্ৰ অসমতে পেঞ্চন সঞ্চালকালয়ৰ অধীনত যিসকল শিক্ষক - শিক্ষয়িত্ৰী তথা কৰ্মচাৰী আছে তেওঁলোকক যাতে অৱসৰৰ দিনাই পেঞ্চন প্ৰদানৰ নিৰ্দেশ পত্ৰ দিব পৰা যায় , তাৰ ব্যৱস্থাটো কৰিম ৷ মন্ত্ৰীগৰাকীয়ে জিলাখনত এই আঁচনিখন জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ নেতৃত্বত কাম কৰা দলটোৰ বাবেই সফল হোৱা বুলি কৈ প্ৰশংসা কৰে ৷ তেওঁ এই আঁচনিখন বা ব্যৱস্থাটো নিয়মীয়া কৰিবলৈ হলে জিলা প্ৰশাসনৰ লগতে শিক্ষকসকলৰো সহযোগিতা লাগিব বুলি কয় ৷ সকলোৰে সহযোগিতাতহে ব্যৱস্থাটো সফল হ'ব ৷ কাৰণ এনেও উদাহৰণ আছে যে একোগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীগৰাকী অৱসৰ গ্ৰহণ কৰাৰ পিচত বছৰৰ পিচত বৰছ ধৰি পেঞ্চন লাভ নকৰাকৈয়ে চিৰদিনৰ বাবে বিদায় মাগে ৷কিন্তু পেঞ্চন আৰু নাপায় ৷ সেয়ে এই ব্যৱস্থাটো নাইকিয়া কৰাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে ৷ পেঞ্চনৰ বাব অনলাইন যোগে আবেদন কৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ উপকাৰিতা বহু আছে ৷ প্ৰথম কথা হ'ল আবেদন কৰাৰ বাবে কাৰ্যালয়লৈ যাব নালাগে ৷ দ্বিতীয়তে অৱসৰ গ্ৰহণৰ পিচত আগতে যেনেকৈ পেঞ্চনৰ বাবে কাৰ্যালয়লৈ গৈ শিক্ষকসকলে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছিল এই ব্যৱস্থাটো অটুত ৰাখিব পাৰিলে হাৰাশাস্তিৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক - শিক্ষয়িত্ৰীসকলে ৰক্ষা পাব ৷ যাৰ বাবে এই ব্যৱস্থাটো মংগলজনক ৷ তেওঁ লগতে কয় যে বাকী বিভাগৰ কৰ্মচাৰীসকলোকো সামৰি লোৱা হ'ব যদিও প্ৰথম পৰ্যায়ত আমি শিক্ষা বিভাগ লৈছো আৰু শিক্ষা বিভাগৰ পিচত বাকী বিভাগসমূহলৈ আগবাঢ়ি যাম ৷ এই কামটো পেঞ্চন সঞ্চালকালয় আৰু এন আই চি য়ে যৌথভাৱে কৰা বুলিও কয় ৷ মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই ব্যৱস্থাটোৰ ফলত এতিয়াৰে পৰা শিক্ষক- কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত পেঞ্চনৰ বাবে কাৰ্যালয়লৈ তাঁত-বাতি কাঢ়ি থাকিব নালাগিব আৰু এগৰাকী কৰ্মচাৰীয়ে অৱসৰৰ দিনাই পেঞ্চন লাভ কৰাতো এতিয়াৰে পৰা বঙাইগাঁও জিলাত সম্ভৱ হ'ব। আনহাতে নিজৰ চমু বক্তব্যত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কয় যে জিলাখনৰ সকলো বিষয়া কৰ্মচাৰীৰ সহযোগিতাত এই আঁচনিৰ সফল আৰম্ভণি সম্ভৱ হৈ উঠিছে আৰু পৰৱৰ্তী সময়তো এই আঁচনিৰ অধীনত এনেদৰে সেৱা অব্যাহত ৰখাৰ বাবে চেষ্টা অটুট থাকিব।তেওঁ পুনৰ কয় যে অহা ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিবলগীয়া ৪৪ গৰাকী শিক্ষকৰ পেঞ্চনৰ যাৱতীয় কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা পৰ্যায়ত আৰু অৱসৰৰ দিনাই তেওঁলোকক পেঞ্চন প্ৰদান নিৰ্দেশ পত্ৰ দিব পৰা যাব। শিক্ষক সকলে অনলাইন নথি পত্ৰ জমা দিয়াত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সপ্তাহটোৰ প্ৰতি বুধবাৰে চি আৰ চি সকলে বিদ্যালয় সমূহলৈ গৈ তেওঁলোকক প্ৰয়োজনীয় সহায় সহযোগিতা কৰিব বুলিও উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে। বৰ্তমান প্ৰথম পৰ্য্যায়ত কেৱল শিক্ষা বিভাগক 'কৃতজ্ঞতাৰ' অধীনত সামৰি লোৱা হৈছে যদিও পর্যায়ক্ৰমে আন আন বিভাগ সমূহকো এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব বুলিও কয় ৷ ৰাজ্য চৰকাৰৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সঞ্চালক প্ৰমোদ বৰাই উদ্দেশ্যে ব্যাখ্যা কৰা অনুষ্ঠানত এন আই চি অসমৰ কাৰিকৰী সঞ্চালক মানবেন্দ্ৰ গোস্বামীয়ে বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়ায়। অনুষ্ঠানত এন আই চিৰ বঙাইগাঁও জিলাৰ কথ্য বিষয়া বিজয় মজুমদাৰ , বঙাইগাঁও জিলা সৰ্বশিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া প্ৰদীপ দেৱশৰ্মা , বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আমিৰ হুছেইনেও বক্তব্য ৰাখে ৷ সেইদৰে অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা সৰ্বশিক্ষা অভিযানৰ সঞ্চালক অনুপম ডেকা , অতিৰিক্ত উপায়ুক্ত ডাঃ চৈয়দ তহিদুৰ ৰহমান আদিৰ লগতে পেঞ্চন প্ৰদান নিৰ্দেশ পত্ৰ লাভ কৰা অৱসৰী শিক্ষক সকলৰ উপৰিও শিক্ষা বিভাগৰ সকলো বিষয়া তথা জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment